উভতি যাবৰ মন
| উভতি যাবৰ মন | |
|---|---|
| লেখক | ফৰিদা আহমেদ |
| প্ৰচ্ছদ শিল্পী | হিমাংশু লহকৰ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাশক | ইলয়ড কমিউনিকেচন, গুৱাহাটী |
| প্ৰকাশ | ২੦২৩ |
| মিডিয়া প্ৰকাৰ | ছপাগ্ৰন্থ (পকাবন্ধা) |
| পৃষ্ঠা সংখ্যা | ৬৪ |
| আই.এচ.বি.এন. | 978-93-93281-76-0 |
উভতি যাবৰ মন (ইংৰাজী: Ubhati Jabar Man) কবি ফৰিদা আহমেদৰ অসমীয়া কবিতা-সংকলন৷ ২੦২৩ চনত গুৱাহাটীৰ ইলয়ড কমিউনিকেচনে কবিতা-সংকলনটি প্ৰকাশ কৰে৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]সংকলনটিত মুঠ তেত্ৰিছটা কবিতা সন্নিৱিষ্ট হৈছে৷ কবিতাবোৰৰ বিষয়বস্তু মূলতঃ প্ৰেম, একাকিত্ব, নাৰী চেতনা, প্ৰকৃতি চেতনা আদি৷ সংকলনটিৰ আগকথা লিখিছে সমালোচক আনন্দ বৰমুদৈয়ে৷ আগকথাত সমালোচকগৰাকীয়ে কৈছে, “ফৰিদা আহমেদ আত্মসচেতন আৰু স্বতঃপ্ৰণোদিত৷ সৃষ্টিশীল কল্পনাৰ সমানে তেওঁৰ সমালোচনাত্মক দৃষ্টিও ক্ৰিয়াশীল৷”[1] সংকলনটিৰ কবিতাবোৰৰ আলোচনা কৰি সাহিত্যিক নগেন শইকীয়াই লিখিছে, “ড੦ আহমেদৰ কবিতাত দুটা নতুনত্ব লক্ষ্য কৰিছোঁ—এটা স্বাভাৱিকভাৱেই এৰি অহা অতীত আৰু আনটো হ’ল কাব্যগাঁথনিৰ ৰীতিটো৷”[2]
কবিৰ পৰিচয়
[সম্পাদনা কৰক]কবি ফৰিদা আহমেদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক৷ পলমকৈ কবিতা লিখিবলৈ আৰম্ভ কৰা আহমেদৰ কবিতা গৰীয়সীকে মুখ্য কৰি অসমৰ বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ উভতি যাবৰ মন তেওঁৰ প্ৰথম কবিতা-সংকলন৷ তেওঁৰ কবিতাৰ আনন্দ বৰমুদৈয়ে কৰা ইংৰাজী অনুবাদ দ্য হেভেনলী স্কাই (২੦২৪) নামেৰে প্ৰকাশ পাইছে৷[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 উভতি যাবৰ মন, ফৰিদা আহমেদ, ইলয়ড কমিউনিকেচন, গুৱাহাটী, ২੦২৩, ISBN 978-93-93281-76-0.
- ↑ https://poetrywithoutfear.com/farida-ahmedar-ubhati-jabar-mon/