সমললৈ যাওক

উভৌলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উভৌলি
উভৌলি
কিৰাট লোকৰ উভৌলি উদযাপন
অন্য নাম ছাকেলা
পালন কৰে কিৰাট সম্প্ৰদায়
প্ৰকাৰ কিৰাট উৎসৱ
তাৰিখ এপ্ৰিল-মে’ (চন্দ্ৰ-পঞ্জিকা)
আচাৰ প্ৰাৰ্থনা আৰু ধৰ্মীয় বিধি
সংঘটন বাৰ্ষিক
অষ্ট্ৰেলিয়াৰ চিডনীৰ গফ হুইটলেম পাৰ্কত উভৌলি কিৰাটী উৎসৱ ২০১৭ত পৰম্পৰাগত সাজ-পোছাক পৰিহিত মহিলা

উভৌলি (নেপালী: उभौলি; আক্ষৰিক অৰ্থ: ’উপৰলৈ যোৱা’) ভাৰত আৰু লেপালৰ লগতে সমগ্ৰ বিশ্বৰ কিৰাট সম্প্ৰদায়ৰ সুনুৱাৰ, লিম্বু, যক্ষ্খা আৰু ৰায়ৰ কিৰাটী লোকে প্ৰতি বছৰে গ্ৰীষ্মকাল আহিলে পাহাৰীয়া অঞ্চলৰফালে ওপৰলৈ উঠি যোৱাৰ পৰ্যায় চিহ্নিত কৰি উদ্‌যাপন কৰা এক উৎসৱ।[1] ঋতুকালীন আন এক উৎসৱ পাহাৰৰপৰা তললৈ, অৰ্থাৎ কম উচ্চতাৰ অঞ্চললৈ নামি যোৱাক উধৌলি (তললৈ) বোলা হয়, যিটো এই সম্প্ৰদায়সমূহৰ আন এক বাৰ্ষিক উৎসৱ।[2] ছাকেলা হৈছে উৎসৱৰ সময়ত পৰিৱেশন কৰা নৃত্য।[3][4] এই উভৌলি উৎসৱৰ দিনটোত কিৰাট মানুহে সেই বছৰত উভৈনদী শস্য পাবলৈ আৰু প্ৰাকৃতিক দুৰ্যোগৰপৰা ৰক্ষা কৰিবলৈ প্ৰকৃতি মাতৃৰ ওচৰত প্ৰাৰ্থনা কৰে।[5]

আচাৰ-নীতি

[সম্পাদনা কৰক]

প্ৰতিবছৰে ব’হাগৰ পূৰ্ণিমাৰ দিনৰ পৰা এই জাতিবিলাকে উভৌলী উৎসৱৰ ৰীতি-নীতি অনুসৰি ভূমি পূজা উদযাপন কৰে। যিহেতু কিৰাটীসকল প্ৰকৃতি পূজাৰী, প্ৰতি বছৰে প্ৰকৃতিক সন্তুষ্ট কৰাৰ স্বাৰ্থত শস্য চপোৱাৰ বতৰ অৰ্থাৎ বুদ্ধ জয়ন্তী অৰ্থাৎ ব’হাগী পূৰ্ণিমা উদযাপন কৰে আৰু শস্য চপোৱাৰ পিছত বিশেষ আনন্দৰে উভৌলি মূল উৎসৱ হিচাপে পালন কৰে। কিৰাটী খাম্বু-ৰাইসকলে নিজৰ পূৰ্বপুৰুষ আৰু প্ৰকৃতিক পূজা কৰে। তেওঁলোকে বছৰত দুবাৰকৈ ঋতু পৰিবৰ্তনৰ লগে লগে তেওঁলোকৰ বিশেষ উৎসৱ ছাকেলা ছাকেনৱা উদযাপন কৰে। উভৌলি আৰু উধৌলিৰ ৰূপত শস্য ৰোপণ আৰু মজুতকৰণ উপলক্ষে এই উৎসৱ পালন কৰা হয়। উৎসৱত এই কামনা কৰা হয়, যাতে শস্যবোৰ ৰোগৰ প্ৰভাৱত নপৰে, বানপানী, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাব, লগতে সুমনিমা আৰু সৰুহাঙে সমগ্ৰ সৃষ্টিক সুৰক্ষা দিব।[6] দিনবোৰ দীঘল হ’বলৈ আৰম্ভ কৰা দিনা অৰ্থাৎ পূৰ্ণিমাৰ দিনটোৰ পৰা এই উৎসৱ আৰম্ভ হয়। মুকলি আকাশৰ তলত ছাকেলা ছাকেনৱাই একেলগে গান গাই নাচি আনন্দ কৰে। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে এই নৃত্যত ভাগ লয়। ছাকেলা ছাকেনৱাত ঢোল আৰু জংঘলৰ[6] তালত হাত-ভৰি লৰচৰ কৰি একেৰাহে জীৱ-জন্তুৰ অনুকৰণ কৰি দলীয় নৃত্য পৰিৱেশন কৰা হয়। কিৰাট খাম্বু ৰায়ে ছাকেলা ছাকেনৱা নৃত্য কৰাৰ সময়ত কৰা শৰীৰৰ গতিবিধি আৰু কৰ্মই গাঁত খন্দা, শস্য ৰোপণ, অপতৃণ কাটি, শস্য চপোৱা আদি কৃষি কামৰ প্ৰদৰ্শন কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rai, Anu (February 2023). "Environment and Culture: Adaptations that have Shaped Nepal". Unity Journal খণ্ড IV: 70–81. doi:10.3126/unityj.v4i01.52231. https://www.researchgate.net/profile/Anu-Rai-2/publication/368567681_Environment_and_Culture_Adaptations_that_have_Shaped_Nepal/links/644f36d397449a0e1a6cf8c1/Environment-and-Culture-Adaptations-that-have-Shaped-Nepal.pdf. 
  2. "Kirants celebrate Ubhauli". The Himalayan Times. 14 May 2009. https://thehimalayantimes.com/kathmandu/kirants-celebrate-ubhauli/. 
  3. "Udhauli Festival, December 02". Nepal Travel News. Archived from the original on 2023-03-20. https://web.archive.org/web/20230320111004/http://www.nepaltravelnews.com/portal/events.php?event=15। আহৰণ কৰা হৈছে: 2025-11-05. 
  4. Durga Maya Rai (13 December 2016). "The biggest festival of Kirats". The Kathmandu Post. http://kathmandupost.ekantipur.com/news/2016-12-13/the-biggest-festival-of-kirats. 
  5. Milan Adhikari (10 May 2017). "Kirat community observes Ubhauli Sakela fest (In pictures)". The Kathmandu Post. https://kathmandupost.com/visual-stories/2017/05/10/kirat-community-observes-ubhauli-sakela-fest-in-pictures. 
  6. 6.0 6.1 "Udhauli and Ubhauli Festival of Rai and Limbu". https://www.east-nepal.com/2025/05/udhauli-ubhauli-festival-of-kirant.html। আহৰণ কৰা হৈছে: 5 November 2025.