উমছিয়াং ডাবল-ডেকাৰ ৰুট ব্ৰীজ

উমছিয়াং ডাবল-ডেকাৰ ৰুট ব্ৰীজ (ইংৰাজী: Umshiang Double-Decker Root Bridge) হ'ল ভাৰতৰ মেঘালয় ৰাজ্যত অৱস্থিত এখন জীৱন্ত ৰুট ব্ৰীজ। চেৰাপুঞ্জীৰ পৰা ৪৫ কিলোমিটাৰ (২৮ মাইল) বা ৬৫০০ খোজ ট্ৰেকিং কৰি ইয়ালৈ যাব পাৰি। ইয়াৰ ওচৰতে আছে এটি জলপ্ৰপাত।[1]
পৰ্যটনৰ বাবেই ৰুট ব্ৰীজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।[2] ৭০ সংখ্যক গণৰাজ্য দিৱস অনুষ্ঠানত মেঘালয়ে তেওঁলোকৰ ৰাজ্যৰ এই ৰুট ব্ৰীজ উপস্থাপন কৰিছিল। গছৰ শিপাৰ পৰা দলং নিৰ্মাণৰ ক্ষেত্ৰত খাছিয়া আৰু জয়ন্তীয়া ৰাইজৰ দক্ষতা প্ৰদৰ্শনৰ উদ্দেশ্যে চেৰাপুঞ্জীৰ নংৰিয়াত এই দলঙৰ এক প্ৰতিৰূপ নিৰ্মাণ কৰা হৈছে।[3] এই জীৱন্ত দলংবোৰ এবিধ বিশেষ প্ৰকাৰৰ ৰবৰ গছৰ পৰা সৃষ্টি কৰা হয়। শিপা বাঢ়ি অহাৰ লগে লগে দলঙৰ শক্তি বাঢ়ি যায়।[4] ৰুট ব্ৰীজবোৰ মেঘালয়ৰ তাজমহল হিচাপে সম্মানিত। এইবোৰ বৃদ্ধি আৰু পৰিচালনা কৰিবলৈ প্ৰায় ২৫ বছৰ সময় লাগে, অৱশ্যে ৫০জন লোকৰ ওজন সহ্য কৰিব পাৰে আৰু ৫০০ বছৰ কাম কৰিব পাৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Exploring Umshiang, Home To The Double Decker Living Roots Bridges". outlookindia.com. 28 September 2018. https://www.outlookindia.com/outlooktraveller/explore/story/69070/exploring-umshiang-home-to-the-double-decker-living-roots-bridges। আহৰণ কৰা হৈছে: 28 May 2021.
- ↑ "Explained: In Meghalaya living root bridges, study sees global potential. Can it work?". The Indian Express. 24 November 2019. https://indianexpress.com/article/explained/in-meghalaya-living-root-bridges-study-sees-global-potential-can-it-work-6132569/। আহৰণ কৰা হৈছে: 28 May 2021.
- ↑ "Meghalaya to showcase root-bridge on R-day". 23 January 2020. https://nenow.in/north-east-news/meghalaya/meghalaya-to-showcase-root-bridge-on-r-day.html। আহৰণ কৰা হৈছে: 28 May 2021.
- ↑ Venkatesh, Bhavya (21 September 2020). "Let's go places". The Hindu. ISSN 0971-751X. https://www.thehindu.com/children/offbeat-indian-destinations-that-are-a-travellers-delight/article32658780.ece.
- ↑ "Trail Of The Unexpected: The root masters of India". The Independent. 22 October 2011. https://www.independent.co.uk/travel/asia/trail-unexpected-root-masters-india-1875995.html। আহৰণ কৰা হৈছে: 28 May 2021.