উমাদে ভাট্টিয়ানী
| উমাদে ভাট্টিয়ানী | |
|---|---|
মেৱাৰৰ ৰাণী | |
| Tenure | প্ৰায় ১৫৩৭ – ১৫৬২ |
| দাম্পত্য সঙ্গী | মালদেও ৰাথোৰ |
| পিতৃ | ৰাৱাল লুংকৰণ ভাট্টি |
| ধৰ্ম | হিন্দু ধৰ্ম |
উমাদে ভট্টিয়ানী (জন্ম: অজ্ঞাত-মৃত্যু: ১৫৬২ চন) যাক অন্য নাম উমাদেও আৰু উমা দেৱী বুলিও জনা যায়, মাৰৱাৰৰ বিখ্যাত ৰাথোৰ শাসক মালদেও ৰাথোৰৰ পত্নীসকলৰ ভিতৰত অন্যতম পত্নী আছিল। মালদেও ৰাথোৰৰ ৰাজত্ব কাল আছিল ১৫৩০ - ১৫৫১ চন। মালদেওৰ পত্নী উমাদেয়ে স্বামীক কৰা ব্যৱহাৰৰ বাবে সমাজে তেওঁক ৰুথী ৰাণী — খঙাল বা ক্ষুব্ধ ৰাণী বা 'ৰাণী-যি-চুপতি মৰা" নামেৰে জনা গৈছিল।[1]
পৰিয়াল
[সম্পাদনা কৰক]উমাদে ভাট্টিয়ানী জয়ছালমেৰৰ ভাট্টি ৰাজপুত বংশৰ এগৰাকী ৰাজকুমাৰী আৰু জয়ছালমেৰৰ শাসক ৰাৱাল লুংকৰণ ভাট্টি (ৰাজত্বকাল ১৫৩০ - ১৫৫১)ৰ কন্যা আছিল। তেওঁৰ ভগ্নী ধীৰ বাই ভট্টিয়ানী আছিল মেৱাৰৰ মহাৰাণা উদয় সিংহৰ প্ৰিয়তমা পত্নী।[2]
বিবাহ
[সম্পাদনা কৰক]তেওঁৰ বিবাহ হৈছিল মাৰৱাৰৰ ৰাজকুমাৰ মালদেও ৰাথোৰৰ সৈতে।[2] কিন্তু তেওঁলোকৰ বৈবাহিক জীৱন সুখ আৰু শান্তিপূৰ্ণ নাছিল।[3] স্বামীৰ লগত কোনো ধৰণৰ শাৰীৰিকী সম্পৰ্ক স্থাপন কৰিবলৈও উমাদেই অস্বীকাৰ কৰিছিল। মালদেওৰ প্ৰতি তেওঁৰ কঠোৰ মনোভাবৰ বাবেই তেওঁক ৰুথী ৰাণী উপাধি প্ৰদান কৰা হৈছিল।[4]
জনপ্ৰিয় সংস্কৃতিত
[সম্পাদনা কৰক]
সাহিত্যিক প্ৰেমচান্দৰদ্বাৰা ৰচিত উপন্যাস ৰুথী ৰাণীৰ শিৰোনাম চৰিত্ৰ আছিল উমাদে। চনী টিভিৰ ঐতিহাসিক নাটক ভাৰত কা বীৰ পুত্ৰ – মহাৰাণা প্ৰতাপত মৃণাল দেশৰাজে কাল্পনিক উমাদেৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] আন এটি মন কৰিবলগীয়া কথা যে, জয়ছামন্দ অঞ্চলৰ আন এগৰাকী ৰুথী ৰাণীৰ বিষয়েও একেধৰণৰ এটা কাহিনী আছে[6] ধেবৰ হ্ৰদ বা জয়ছামন্দ হ্ৰদৰ ওচৰৰ হাৱা মহল ৰুথী ৰাণী কা মহল বুলিও জনা যায়। জয়সামন্দত এতিয়াও উমাদে ভাট্টিয়ানীৰ প্ৰসাদ দেখা যায়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hooja, Rima (2006) (en ভাষাত). A history of Rajasthan. Rupa & Co.. পৃষ্ঠা. 520.
- 1 2 Kothiyal, Tanuja (2016) (en ভাষাত). Nomadic Narratives: A History of Mobility and Identity in the Great Indian Desert. Cambridge University Press. পৃষ্ঠা. 85, 87. ISBN 9781107080317.
- ↑ Mathur, Kanchan (2004). Countering gender violence : initiatives towards collective action in Rajasthan. প্ৰকাশক New Delhi: Sage. পৃষ্ঠা. 81. ISBN 9780761932451.
- ↑ Chatterjee, Indrani; M. Eaton, Richard, eds (2006). Slavery and South Asian History.. প্ৰকাশক Bloomington: Indiana University Press. পৃষ্ঠা. 145. ISBN 0253116716. https://archive.org/details/slaverysouthasia00chat.
- ↑ Chopra, Rukmini (June 22, 2014). "Mreenal Deshraj to be a part of Maharana Pratap?". https://www.bollywoodlife.com/news-gossip/mreenal-deshraj-to-be-a-part-of-maharana-pratap/। আহৰণ কৰা হৈছে: 9 August 2017.
- ↑ "Places of Udaipur: Roothi Rani ka mahal". 21 December 2016. https://udaipurtimes.com/blog/places-of-udaipur-roothi-rani-ka-mahal/c74416-w2859-cid101860-s10701.htm.