সমললৈ যাওক

উমা আনন্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমা
জন্ম 1923 (1923)
লাহোৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৩ নৱেম্বৰ, ২০০৯ (৮৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাংবাদিক, অভিনেত্ৰী, সম্প্ৰচাৰক
দাম্পত্যসঙ্গী চেতন আনন্দ (বি. ১৯৪৩; মৃ. ১৯৯৭)
সন্তান ২; কেতন আনন্দ আৰু বিবেক আনন্দ

উমা আনন্দ (ইংৰাজী: Uma Anand ; ১৯২৩ – ১৩ নৱেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় সাংবাদিক, অভিনেত্ৰী আৰু সম্প্ৰচাৰক আছিল। নীচা নগৰ (১৯৪৬), টেক্সি ড্ৰাইভাৰ (১৯৫৪) উমা আনন্দ অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰ।

১৯২৩ চনত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ লাহোৰত এটা বঙালী খ্ৰীষ্টান পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ এগৰাকী ভগ্নী ইন্দু মিত্ৰ পাকিস্তানত বাস কৰা ভাৰতনাট্যমৰ এগৰাকী দিগগজ আছিল।

উমা কেতন আনন্দ আৰু বিবেক আনন্দৰ মাতৃ আৰু বলীউডৰ চলচ্চিত্ৰ পৰিচালক চেতন আনন্দৰ পত্নী। ১৯৪৩ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল।[1] নীচা নগৰ (১৯৪৬) ছবিত তেওঁ মূল নাৰী চৰিত্ৰত অভিনয় কৰিছিল। স্বামী চেতন আৰু দেওৰেক বিজয় আনন্দৰ সৈতে তেওঁ টেক্সি ড্ৰাইভাৰ ছবিখন ৰচনা কৰিছিল, য'ত কল্পনা কাৰ্তিক[2] আৰু তেওঁৰ দেওৰেক দেৱ আনন্দে অভিনয় কৰিছিল।[3] স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত তেওঁ ইব্ৰাহিম আলকাজীৰ সংগিনী হয়।[4]

১৯৬৫ চনৰ পৰা ১৯৮১ চনলৈ তেওঁ সংগীত নাটক অকাডেমীৰ দ্বাৰা প্ৰকাশিত আলোচনী “সংগীত নাটক”ৰ সম্পাদক আছিল। তেওঁ বহুতো শিশু গ্ৰন্থও লিখে, যিবোৰ ভাৰতৰ নেচনেল বুক ট্ৰাষ্টে বিভিন্ন ভাৰতীয় ভাষাত অনুবাদ কৰি প্ৰকাশ কৰিছিল। তেওঁৰ শেষৰখন গ্ৰন্থ “চেতন আনন্দ: দ্য পয়েটিক্স অফ ফিল্ম”ৰ তেওঁৰ ডাঙৰ পুত্ৰ কেতন আনন্দৰ সৈতে তেওঁ সহ-লেখক আছিল আৰু ইয়াত ১৯৪০ আৰু ১৯৫০ দশকৰ মুম্বাইৰ থিয়েটাৰ আৰু চলচ্চিত্ৰ জীৱনক চিত্ৰিত কৰা হৈছে। [5] ২০০৯ চনৰ ১৩ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Chetan Anand - The Dynasty Founder". film ka ilm. Archived from the original on 8 September 2017. https://web.archive.org/web/20170908021458/http://www.filmkailm.com/chetan-anand-the-dynasty-founder/। আহৰণ কৰা হৈছে: 7 September 2017. 
  2. "Kalpana Kartik – Interview". cineplot.com. http://cineplot.com/kalpana-kartik-interview/। আহৰণ কৰা হৈছে: 7 September 2017. 
  3. "www.thehindu.com/todays-paper/tp-features/tp-fri". thehindu.com. http://www.thehindu.com/todays-paper/tp-features/tp-fri। আহৰণ কৰা হৈছে: 7 September 2017.  [সংযোগবিহীন উৎস]
  4. Suresh, Kohli (20 November 2009). "'Mother India' Uma Anand". The Hindu. Archived from the original on 25 January 2013. https://archive.today/20130125152301/http://www.hindu.com/fr/2009/11/20/stories/2009112050040100.htm। আহৰণ কৰা হৈছে: 11 December 2012. 
  5. Aditi, Tandon. "Family Affair". The Tribune. Archived from the original on 14 June 2013. https://web.archive.org/web/20130614025347/http://www.tribuneindia.com/2006/20060326/society.htm। আহৰণ কৰা হৈছে: 28 December 2012. 
  6. Singh, Khushwant. "Flowers appear on plant". The Telegraph. http://www.telegraphindia.com/1091128/jsp/opinion/story_11786835.jsp। আহৰণ কৰা হৈছে: 28 December 2012. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]