উমা তুলি
উমা তুলি | |
---|---|
জন্ম | ৩ মাৰ্চ ১৯৪৩ নতুন দিল্লী, ভাৰত |
পেচা | সমাজকৰ্মী |
সক্ৰিয় হৈ থকা সময় | ১৯৮১ৰ পৰা |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
ৱেবছাইট | |
Official web site of Amar Jyoti Charitable Trust |
উমা তুলি (ইংৰাজী: Uma Tuli) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু দিল্লীস্থিত বেচৰকাৰী সংস্থা অমৰ জ্যোতি চেৰিটেবল ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক, যিয়ে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ পুনৰ্বাসনৰ বাবে কাম কৰে।[1][2][3][4][5] ২০১২ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।[6]
পটভূমি আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৪৩ চনৰ ৩ মাৰ্চত নতুন দিল্লীত তুলি বংশৰ এটা পাঞ্জাৱী হিন্দু খাত্ৰী পৰিয়ালত উমা তুলিয়ে জন্মগ্ৰহণ কৰিছিল।[2][3][4] গুৱালিয়ৰৰ জিৱাজী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তাৰ পিছত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা বিশেষ শিক্ষাত (এম ই ডি) আন এক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2][7] পাছলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2][3][4][7] ত্ৰিশ বছৰতকৈও অধিক সময় তেওঁ দিল্লী আৰু গুৱালিয়ৰৰ বিভিন্ন মহাবিদ্যালয়ত শিক্ষকতাৰ সেৱাৰে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে।[3][4]
ফাউণ্ডেশ্যন
[সম্পাদনা কৰক]শিক্ষক হিচাপে দৰমহাৰ পৰা জমা হোৱা সঞ্চয়ৰ সহায়ত তুলীয়ে ১৯৮১ চনত অমৰ জ্যোতি চেৰিটেবল ট্ৰাষ্ট,[2][5][7][8] প্ৰতিষ্ঠা কৰে।[9] বছৰ বছৰ ধৰি এই প্ৰতিষ্ঠানটোৱে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবে অন্তৰ্ভুক্ত শিক্ষা, স্বাস্থ্যসেৱা, বৃত্তিমূলক প্ৰশিক্ষণ, নিয়োগ, ক্ৰীড়া আৰু সাংস্কৃতিক সুবিধাৰ একক খিৰিকীৰ প্ৰদানকাৰী হিচাপে পৰিগণিত হৈছে।[2][3][4][5] প্ৰতিষ্ঠানটোৱে ফিজিঅ'থেৰাপিৰ পাঠ্যক্ৰমৰ বাবে দিল্লী বিশ্ববিদ্যালয়,[2] বিশেষ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণৰ বাবে ৰ'হাম্পটন বিশ্ববিদ্যালয়ৰ সৈতে[2][5] আৰু মণিপাল বিশ্ববিদ্যালয় (MAHE), মধ্যপ্ৰদেশ ভোজ মুক্ত বিশ্ববিদ্যালয় আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সৈতেও নেটৱৰ্ক গঢ়ি তুলিছে।[2][2][7] গুৱালিয়ৰতো ইয়াৰ এটা শাখা আছে।[3][4][8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Amar Jyoti". Amar Jyoti Charitable Trust. 2014. http://www.amarjyotirehab.org/। আহৰণ কৰা হৈছে: 8 December 2014.
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 "Elets". Elets. 2014. http://wes.eletsonline.com/2012/2012/07/20/dr-uma-tuli-founder-amar-jyoti-school/। আহৰণ কৰা হৈছে: 8 December 2014.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 "AJCT Bio". AJCT. 2014. Archived from the original on 19 October 2014. https://web.archive.org/web/20141019165959/http://www.amarjyotirehab.org/about-us/professional-biography-of-dr-uma-tuli.html। আহৰণ কৰা হৈছে: 8 December 2014.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 "Atul Vidyalaya Documentary of Dr Uma Tuli". Video. 25 September 2013. https://www.youtube.com/watch?v=dLYVeneadW4। আহৰণ কৰা হৈছে: 8 December 2014.
- ↑ 5.0 5.1 5.2 5.3 "UNESCO". UNESCO. 2014. http://www.unesco-ci.org/ict-pwd/uma-tuli। আহৰণ কৰা হৈছে: 8 December 2014.
- ↑ "Padma Shri". Padma Shri. 2014. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014.
- ↑ 7.0 7.1 7.2 7.3 "Global Skill Summit". Global Skill Summit. 2014. Archived from the original on 14 December 2014. https://web.archive.org/web/20141214113750/http://www.globalskillsummit.com/speaker_profiles/uma.pdf। আহৰণ কৰা হৈছে: 8 December 2014.
- ↑ 8.0 8.1 "UN Special". UN Special. 2014. http://www.unspecial.org/UNS617/UNS_617_T04.html। আহৰণ কৰা হৈছে: 8 December 2014.
- ↑ "Interview 1". Gyan Yathra. 8 May 2012. http://gyaanyatra.affp.org.uk/news/story/interview-dr-uma-tuli-amar-jyoti-charitable-trust-india-part-1। আহৰণ কৰা হৈছে: 8 December 2014.