উমা দেৱী বাডী
| উমা দেৱী বাডী | |
|---|---|
| জন্ম | ১৯৬৫ (বয়স ৬০–৬১) থাপাগাউন, নেপাল |
| পেচা | ৰাজনীতিবিদ,মানৱ অধিকাৰ কৰ্মী |
| জনা যায় | নেপালৰ বাডি আন্দোলনৰ নেত্ৰী |
উমা দেৱী বাডী ( ইংৰাজী: :Uma Devi Badi,জন্ম ১৯৬৫) ২০১৭ চনত নিৰ্বাচিত হোৱা নেপালৰ সুদুৰ পাশ্চিম প্ৰদেশৰ প্ৰাদেশিক বিধানসভাৰ সদস্য।
তেওঁ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু বাডী আন্দোলনৰ নেত্ৰী। তেও এই আন্দোলনৰ জৰিয়তে নিজৰ সম্প্ৰদায়ৰ অধিকাৰৰ স্বীকৃতিৰ বাবে সক্ৰিয়ভাৱে প্ৰতিবাদ কৰি আহিছে। তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছিল— অস্পৃশ্যতা আৰু যৌন শোষণৰ অৱসান, মাটিৰ মালিকানা অধিকাৰ, আৰু নাগৰিকত্বৰ অধিকাৰ সাব্যস্ত কৰা।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]উমা দেৱী বাডী ১৯৬৫ চনত নেপালৰ ছালিয়ান জিলাৰ থাপাগাউনত জন্মগ্ৰহণ কৰিছিল ।[1] সৰুৰে পৰাই উমা দেৱী বাডীয়ে বেশ্যা হিচাপে জীৱন আৰম্ভ কৰিছিল, যিটো সেই সময়ত বাডী জাতিৰ মহিলাসকলৰ বাবে উপলব্ধ একমাত্ৰ বৃত্তি আছিল।[2] ২১ বছৰ বয়সত ব্ৰাহ্মণ জাতিৰ প্ৰেম ভট্টৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ আন্তঃজাতীয় বিবাহে সেই সময়ত এক আলোড়ন সৃষ্টি কৰিছিল, কিয়নো বাডী জাতিক নেপালৰ ভিতৰতে নিম্নতম বুলি গণ্য কৰা হয় আৰু ইয়াক অস্পৃশ্য বুলি গণ্য কৰা হয়। বাডীৰ নিজৰ কোনো সন্তান নাই, বৰঞ্চ ভনীয়েকৰ দুজন পুত্ৰক ডাঙৰ-দীঘল কৰিছিল।[1]
সক্ৰিয়তাবাদ
[সম্পাদনা কৰক]উমা দেৱী বাডীয়ে নিজৰ জাতিৰ মহিলাসকলৰ বাবে সমাজে নিৰ্ধাৰণ কৰি দিয়া সীমাবদ্ধতা মানি ল’বলৈ অস্বীকাৰ কৰিছিল। তেওঁ দেহ-ব্যৱসায়ৰ জীৱন এৰি নিজৰ সম্প্ৰদায়ৰ আগন্তুক প্ৰজন্মৰ বাবে উন্নত সুযোগ সৃষ্টি কৰাৰ দিশত কাম আৰম্ভ কৰিলে। ৪০ বছৰ বয়সত একচন এইডৰ সহযোগত স্থানীয় সংগঠন কমিউনিটি ছাপৰ্ট গ্ৰুপৰ মুৰব্বী হৈ পশ্চিম নেপালৰ টিকাপুৰৰ ভাড়াঘৰত বাডী জাতিৰ ২৫ জন ল’ৰা-ছোৱালীৰ বাবে হোষ্টেল স্থাপন কৰে। শিশুসকলক তাত থকাৰ ব্যৱস্থা কৰি স্থানীয় বিদ্যালয়লৈ পঠোৱাৰ লগতে বিদ্যালয়ৰ পাছত তেওঁলোকৰ লিখা-পঢ়া আৰু গণনাৰ দক্ষতা উন্নত কৰিবলৈ অতিৰিক্ত সহায় আগবঢ়োৱা হৈছিল। এই প্ৰকল্পৰ সফলতাৰ ফলত বৰ্তমান নিৰ্মাণৰত এটা বৃহৎ প্ৰকল্পৰ সৃষ্টি হৈছে যিয়ে ভৱিষ্যতে ১০০ জনতকৈও অধিক শিশুক আতিথ্য প্ৰদান কৰাৰ লক্ষ্য লৈছে।[2]
হোষ্টেল স্থাপন কৰাৰ দুবছৰৰ পাছত ২০০৭ চনত উমা দেৱী বাডীয়ে বাডী জনগোষ্ঠীৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা আন্দোলনৰ নেত্ৰী হৈ পৰে। ইয়াকে ৪৮ দিনীয়া বাডী আন্দোলন বুলি জনাজাত হৈ পৰিল। সেই সময়ছোৱাত উমা দেৱী বাডীয়ে ২৩খন জিলাৰ পৰা প্ৰায় ৫০০ বাডী কৰ্মীক তেওঁলোকৰ গাঁৱৰ পৰা কাঠমাণ্ডুৰ ৰাজ দৰবাৰলৈ নেতৃত্ব দিয়ে।[3]কাঠমাণ্ডুৰ সিংহ দৰবাৰত আহি পোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু পশুপতিনাথ মন্দিৰৰ বাহিৰত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবী আছিল চৰকাৰে ২০০৫ চনৰ উচ্চতম ন্যায়ালয়ৰ আদেশ প্ৰণয়ন কৰি বাডী সম্প্ৰদায়ৰ জীৱন-যাপনৰ অৱস্থা উন্নত কৰাৰ বাবে ২৬ দফাযুক্ত দাবীসমূহৰ তালিকা প্ৰণয়ন কৰক।[4]এই দাবীসমূহৰ ভিতৰত আছিল— দেহ-ব্যৱসায় আৰু অস্পৃশ্যতাৰ অৱসান, এক ভ্ৰাম্যমাণ (ঘূৰি ফুৰা) সম্প্ৰদায় হিচাপে বাস কৰা লোকসকলৰ বাবে স্থায়ী আশ্ৰয়ৰ ব্যৱস্থা কৰা, আৰু শিশুসকলৰ জন্ম-পঞ্জীয়ন লগতে মাতৃৰ নামত নাগৰিকত্ব প্ৰদান কৰা।[1]
যেতিয়া এই দাবীসমূহ দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থাকিল, তেতিয়া উমা দেৱী বাডীয়ে আন্দোলন অধিক তীব্ৰ কৰি তোলে। তেওঁ প্ৰতিবাদৰ সময়ত চৰকাৰী কাৰ্যালয়ৰ দুৱাৰত ওলমি শ্লোগান দি নিজৰ দাবী সাব্যস্ত কৰে। আন প্ৰতিবাদকাৰী মহিলাসকলেও তেওঁৰ সৈতে সাহসিকতাৰে অংশগ্ৰহণ কৰে।[5]এই ঘটনাই সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ মনোযোগ আকৰ্ষণ কৰে আৰু বিষয়টো আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ পায়। ফলস্বৰূপে চৰকাৰে ব্যৱস্থা ল’বলৈ বাধ্য হ’ব লগাত পৰে।২০০৭ চনৰ ১০ ছেপ্টেম্বৰত চৰকাৰে উমা দেৱী বাডীৰ সৈতে বৈঠকত বহিবলৈ সন্মত হয় আৰু বাডী সম্প্ৰদায়ৰ বাবে এখন ৰাজহুৱা আবাসিক কাৰ্যসূচী আৰম্ভ কৰাৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
তেওঁৰ সক্ৰিয়তাক স্বীকৃতি দি ২০১৮ চনৰ বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হয়।[3][6]
২০১৭ চনৰ নিৰ্বাচন
[সম্পাদনা কৰক]২০১৭ চনত উমা দেৱী বাডী ৭ নং প্ৰদেশৰ বাবে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।তেওঁ বাডী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী নিৰ্বাচিত বিষয়া হিচাপে পৰিগণিত হয়। উমা দেৱী বাডীয়ে এই কথা উল্লেখ কৰি সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল যে, ২০০৭ চনৰ পৰা বাদী সম্প্ৰদায়ৰ জীৱন-যাপনৰ অৱস্থা, শিক্ষা আৰু সুযোগ উন্নত কৰাৰ বাবে নেপাল চৰকাৰৰ প্ৰচেষ্টা লেহেমীয়া হৈছে। উমা দেৱী বাদীয়ে কয় যে তেওঁ চৰকাৰৰ ভিতৰৰ পৰা কাম কৰি সেই পৰিৱৰ্তনসমূহ ত্বৰান্বিত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিব।[7]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Uma Devi Badi: An epitome of struggle" (en ভাষাত). My Republica. https://myrepublica.nagariknetwork.com/news/uma-devi-badi-an-epitome-of-struggle/.
- ↑ 2.0 2.1 "Breaking chains of prejudice provides new hope in Nepal - Nepal" (en ভাষাত). ReliefWeb. https://reliefweb.int/report/nepal/breaking-chains-prejudice-provides-new-hope-nepal.
- ↑ 3.0 3.1 "Badi movement leader Uma Devi among BBC 100 Women - Aawaaj News" (en-US ভাষাত). Aawaaj News. 2018-11-20. http://www.aawaajnews.com/2018/11/badi-movement-leader-uma-devi-among-bbc-100-women/.
- ↑ "The Sunday Tribune - Spectrum". www.tribuneindia.com. https://www.tribuneindia.com/2010/20100704/spectrum/main6.htm। আহৰণ কৰা হৈছে: 2018-11-21.
- ↑ "BBC 100 Women 2018: Nepal’s Uma Devi is World’s Top-10!" (en-US ভাষাত). Nepali Sansar. 2018-11-20. https://www.nepalisansar.com/world/bbc-100-women-2018-nepals-uma-devi-is-worlds-top-10/.
- ↑ "BBC 100 Women 2018: Who is on the list?" (en-GB ভাষাত). BBC News. 2018-11-19. https://www.bbc.com/news/world-46225037.
- ↑ "Nepal’s First Badi Parliament Member Advocates for the Historically Oppressed Group" (en-US ভাষাত). Global Press Journal. 2018-06-07. https://globalpressjournal.com/asia/nepal/nepals-first-badi-parliament-member-advocates-historically-oppressed-group/.