উষা কল্যাণম
| উষা কল্যাণম | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | কে সুব্ৰমণিয়াম |
| অভিনয়ত | এচ ডি সুব্ৰমণিয়াম চি ভি ভি পান্থুলু জি পট্টু আয়াৰ |
| চিত্ৰগ্ৰহণকাৰী | শৈলেন বসুSailen Bose[1] |
প্ৰযোজনা কোম্পানী |
মুৰুদান টকীজ |
মুক্তি |
১৯৩৬ |
| দেশ | ভাৰত |
| ভাষা | তামিল |
উষা কল্যাণম (ইংৰাজী: Usha Kalyanam ) ১৯৩৬ চনৰ কে সুব্ৰমণিয়ামৰ পৰিচালনাত নিৰ্মিত এখন তামিল ভাষাৰ ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল এছ ডি চুবুলক্ষ্মী, চি ভি ভি পান্থুলু আৰু জি পট্টু আয়াৰে। সেই সময়ৰ প্ৰথাৰ দৰেই এই ছবিখনৰ লগতে কিজাট্টু মাপিল্লাই নামৰ আন এখন ছবিও প্ৰদৰ্শিত হৈছিল।[2] এই চুটি ছবিখনত এন.এছ.কৃষ্ণন আৰু টি.এ. মথুৰামে অভিনয় কৰা হৈছিল।
তামিল চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক পথ প্ৰদৰ্শকসকলৰ ভিতৰত অন্যতম মাদুৰাইৰ মুৰুগান টকীজে এই ছবিখনৰ প্ৰযোজনা কৰিছিল। এই কোম্পানীটোৰ মালিক আছিল মহানগৰীৰ সূতাৰ ব্যৱসায়ীসকল। কলিকতাৰ ইষ্ট ইণ্ডিয়া ফিল্ম ষ্টুডিঅ’ত শ্বুটিং কৰা এই ছবিখনৰ পৰিচালনা কৰিছিল দক্ষিণ ভাৰতৰ প্ৰাৰম্ভিক যুগৰ চলচ্চিত্ৰৰ অন্যতম পথ প্ৰদৰ্শক কে. সুব্ৰমনিয়াম। তেওঁক সহায় কৰিছিল তেওঁৰ খুৰাক চি ভি ভি আয়াৰে, যাক ছবিখনৰ সহকাৰী পৰিচালক হিচাপে কৃতিত্ব দিয়া হৈছিল।[1]
প্লট
[সম্পাদনা কৰক]ছবিখন কৃষ্ণৰ নাতি অনিৰুদ্ধৰ হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মিত। অনিৰুদ্ধ আৰু অসুৰ বকাসুৰৰ কন্যা উষা, ইজনে সিজনৰ প্ৰেমত পৰে। বকাসুৰে তেওঁলোকৰ প্ৰেমত সন্মতি নিদি অনিৰুদ্ধক কাৰাগাৰত ভৰাই থয়। অনিৰুদ্ধক কৃষ্ণই ৰক্ষা কৰে, যিয়ে বকাসুৰক পৰাস্ত কৰি অনিৰুদ্ধক মুক্ত কৰে। বকাসুৰে অৱশেষত কৃষ্ণৰ লগত বুজাবুজি কৰে আৰু জীয়েকক অনিৰুদ্ধৰ সৈতে বিয়া দিয়ে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "1936 - உஷா கல்யாணம் - முருகன் டாக்கீ பிலிம் கம்பெனி" (Tamil ভাষাত). Lakshman Sruthi. http://www.lakshmansruthi.com/cineprofiles/1936-cinedetails4.asp। আহৰণ কৰা হৈছে: 23 September 2018.
- ↑ Guy, Randor (20 May 2012). "Usha Kalyanam 1936". The Hindu. Archived from the original on 4 February 2013. https://archive.today/20130204001901/http://www.thehindu.com/arts/cinema/article3436052.ece.
- ↑ (ta ভাষাত) உஷா கல்யாணம் (pressbook). Murugan Talkies. 1936.