উষা খড্গী
| উষা খড্গী | |
|---|---|
| স্থানীয় নাম | उषा खड्गी |
| জন্ম | বীৰগঞ্জ, নেপাল |
| পেচা | মডেল, টেলিভিছন পৰিচালিকা, ব্যৱসায়ী |
| 'Beauty pageant titleholder' | |
| Title | মিছ নেপাল ৱৰ্ল্ড ২০০০ |
| Major competition(s) |
মিছ নেপাল ৱৰ্ল্ড ২০০০ (বিজয়ী) |
| ৱেবছাইট | |
| ushakhadgi.com.np | |
উষা খড্গী (নেপালী: उषा खड्गी; ইংৰাজী: Usha Khadgi) এগৰাকী নেপালী মডেল, টেলিভিছন পৰিচালিকা, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱসায়ী। ২০০০ চনত তেওঁ সপ্তম মিছ নেপালৰ খিতাপ লাভ কৰিছিল।[1] ২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।
জীৱনী
[সম্পাদনা কৰক]নেপালৰ বীৰগঞ্জত উষা খড্গীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম উত্তম বাহাদুৰ খড্গী আৰু মাতৃৰ নাম উৰ্মিলা খড্গী।
তেওঁ ১৯৯৯ চনৰ মিছ পোখৰাৰ প্ৰথম ৰানাৰ্ছ-আপ আছিল আৰু পিছলৈ তেওঁ ২০০০ চনত মিছ বীৰগঞ্জত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ-আপৰ খিতাপ জিকিছিল। একে বছৰতে তেওঁ মিছ নেপাল ২০০০-ত অংশ লয় আৰু মিছ নেপাল খিতাপ জয় কৰে। তেওঁ সপ্তমগৰাকী মিছ নেপাল আৰু ৰুবী ৰাণাৰ পিছত বীৰগঞ্জৰ পৰা হোৱা দ্বিতীয়গৰাকী বিজয়ী।
২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।[2] অনুষ্ঠানটোৰ প্ৰতিটো খণ্ডত এগৰাকী নেপালী চেলিব্ৰিটীক তেওঁলোকৰ মাতৃৰ সৈতে দেখুওৱা হয়।[3][4] অনুষ্ঠানটোত প্ৰিয়ংকা কাৰ্কী, জিতু নেপাল আদি বিভিন্ন অভিনেতা, কৌতুক অভিনেতা আৰু গায়ক-গায়িকাই অংশগ্ৰহণ কৰিছে।
উষাৰ 'উষাজ ষ্টাইলিছ কলকচন' নামৰ এটা ফেশ্বন ডিজাইনাৰ কাপোৰ আৰু বুটিকৰ ব্যৱসায়ো আছে।[5]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]টেলিভিছন
[সম্পাদনা কৰক]| বছৰ | শীৰ্ষক | চেনেল | ছিজন | ধৰণ |
|---|---|---|---|---|
| ২০২২ | আমা | নিউজ ২৪ | ৪ | টক শ্ব’ |
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৩ চনত তেওঁ সংবাদ মাধ্যমৰ ব্যক্তি জি পি তিমালচেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৭ বছৰীয়া দাম্পত্য জীৱনৰ অন্তত ২০২০ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।[6] তেওঁলোকৰ এজনী ছোৱালী আৰু এজন ল’ৰা সন্তান আছে।[7]
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of Miss Nepal – Go Online News". 16 December 2014. http://goonlinenews.com। আহৰণ কৰা হৈছে: 16 December 2016.[সংযোগবিহীন উৎস]
- ↑ "'आमा' को चौथो सिजनमा उषा खड्गीको इन्ट्री". pahilopost.com. https://pahilopost.com। আহৰণ কৰা হৈছে: 2022-07-12.
- ↑ "अभिनेत्री उषा खड्गी अब कार्यक्रम प्रस्तोता". Rautahat Online. https://www.rangasansar.com। আহৰণ কৰা হৈছে: 2022-07-12.
- ↑ "'आमा'को चौथो सिजनमा उषा खड्गी" (en-US ভাষাত). Online Khabar. https://www.onlinekhabar.com। আহৰণ কৰা হৈছে: 2022-07-12.
- ↑ "Miss Nepal Usha Khadgi's Business Journey: Usha's Stylish Collection". TSCBN. Aug 2, 2023. https://tscbn.com.
- ↑ "Model Usha Khadgi announces the end of her marriage – OnlineKhabar English News". onlinekhabar.com. https://english.onlinekhabar.com.
- ↑ "के श्रीमानबाट घरेलु हिंसा भोगिरहेकी थिइन् उषा खड्गी ?" (en-US ভাষাত). Online Khabar. https://www.onlinekhabar.com। আহৰণ কৰা হৈছে: 2022-07-12.
| Awards and achievements | ||
|---|---|---|
| পূৰ্বৱৰ্তী শ্বেতা সিং |
মিছ নেপাল ২০০০ |
পৰৱৰ্তী মালৱিকা চুব্বা |