সমললৈ যাওক

উষা মীনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উষা মীনা

Ex-MP
সংসদ সদস্য, লোকসভা
কাৰ্যকাল
১৯৯৮ – ১৯৯৯
সমষ্টি ছোৱাই মাধোপুৰ
কাৰ্যকাল
১৯৯৬ – ১৯৯৮
পূৰ্বসূৰী কুঞ্জী লাল মীনা
সমষ্টি ছোৱাই মাধোপুৰ
ব্যক্তিগত তথ্য
জন্ম ০১ জুলাই, ১৯৪৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী ধৰ্ম সিং মীনা
মাতৃ ধাপা দেৱী মীনা
পিতৃ চুত্তন লাল মীনা
জীৱিকা কৃষক, ৰাজনীতিবিদ, সমাজকৰ্মী

উষা মীনা ( ইংৰাজী: : Usha Mena ; জন্ম: ১ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ৰাজস্থান ৰাজ্যৰ সাৱাই মাধোপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তেওঁ ১৯৪৯ চনৰ ১ জুলাইত ৰাজস্থানৰ আলৱাৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ প্ৰয়াত কেপ্তেইন চুত্তন লাল মীনা, যি প্ৰাক্তন সংসদ সদস্য (কংগ্ৰেছ) আছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ ধৰ্ম সিং মীনা (আই এ এছ)ক বিয়া কৰাইছিল আৰু তেওঁলোকৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।[1]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

উষাই জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে একাদশ লোকসভালৈ নিৰ্বাচিত হোৱা উষা মীনাই ১৯৯৭ চনলৈকে বহুকেইটা পদত কাৰ্য্য নিৰ্বাহ কৰিছিলঃ

  • সদস্য, উদ্যোগ সমিতি
  • সদস্য, পৰামৰ্শদাতা সমিতি, জলসম্পদ মন্ত্ৰালয়

১৯৯৮ চনত পুনৰ দ্বাদশ লোকসভালৈ নিৰ্বাচিত হয় আৰু কাৰ্যনিৰ্বাহ কৰে আৰু নিম্ন লিখিত পদত কাৰ্য্য নিৰ্বাহ কৰেঃ

  • সদস্য, কৃষি সমিতি
  • সদস্য, পৰামৰ্শদাতা সমিতি, জলসম্পদ মন্ত্ৰালয়

১৯৯৮–৯৯ চনৰ ভিতৰত হিন্দী শিক্ষা সমিতিৰ সদস্যও আছিল।[1]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]