সমললৈ যাওক

উষা ৰজক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উষা ৰজক
জন্ম ১৮ অক্টোবৰ, ১৯৮৫ (৪০ বছৰ)
পাটান, ললিতপুৰ, নেপাল
পেচা অভিনেত্ৰী, মডেল[1]
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান
পদবী ছানচিল্ক মিছ বিউটিফুল হেয়াৰ (২০০৪) আৰু মিছ ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ নেপাল (২০০৭)


উষা ৰজক (নেপালী: उषा रजक; জন্ম: ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল, পেষ্ট্ৰি চেফ আৰু ২০০৬ চনৰ ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটিত নেপালৰ প্ৰতিনিধি।[2][3][4] ৰজকে মিচেছ নেপাল ইণ্টাৰনেশ্যনেল ২০২১ খিতাপো অৰ্জন কৰিছিল।[5][6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৫ চনৰ ১৮ অক্টোবৰত নেপালৰ ললিতপুৰত ভুৱন ৰজক আৰু শশী ৰজকৰ কোলাত উষা ৰজকৰ জন্ম হৈছিল।[7] ২০০২ চনত তেওঁ বাল বিদ্যা ছেকেণ্ডাৰী হাইস্কুলৰ পৰা স্কুল লিভিং চাৰ্টিফিকেট লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি উষাই প্ৰসাদী একাডেমীত বাণিজ্য অধ্যয়ন কৰে, যৰ পৰা তেওঁ ২০০৪ চনত ইণ্টাৰমিডিয়েট চাৰ্টিফিকেট লাভ কৰে।[7]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৪ চনত উষাই ললিতপুৰৰ ইউনিক একাডেমীত বি বি এ (BBA) পঢ়িবলৈ আৰম্ভ কৰে। একাডেমীত পঢ়ি থকাৰ সময়তে তেওঁ মডেলিং জগতত খোজ পেলায়। তেওঁৰ প্ৰথমখন ডাঙৰ সৌন্দৰ্য প্ৰতিযোগিতা আছিল লাক্স বিউটি ষ্টাৰ ২০০৪, য'ত তেওঁ ছানচিল্ক মিছ বিউটিফুল হেয়াৰ খিতাপ জয় কৰে।[8] পৰৱৰ্তী সময়ত তেওঁ জাভেদ হাবিব আৰু লেকমে কচমেটিক্সৰ দৰে ব্ৰেণ্ডৰ ৰেম্প মডেল হিচাপে কাম কৰে। এই সময়ছোৱাত তেওঁ ৱেভ আৰু লাইফষ্টাইল আলোচনীৰ বেটুপাততো স্থান পাইছিল।[2] ২০০৫ চনত উষাই পোনপ্ৰথমবাৰৰ বাবে কাঠমাণ্ডুৰ স্থানীয় থিয়েটাৰ জগতৰ সৈতে জড়িত হয়। তেওঁৰ অভিষেক ঘটিছিল বিজয় মল্লৰ "কংকাল" নাটকত এটা মুখ্য চৰিত্ৰৰ জৰিয়তে, যিখন চিতৱানত অনুষ্ঠিত নেপালী ৰাষ্ট্ৰীয় নাট্য প্ৰতিযোগিতাৰ বাবে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰিছিল।

প্ৰথম অভিনয়ৰ সফলতাৰ পিছত উষাই এক্টৰ ষ্টুডিঅ’ নেপালৰ নাট্য প্ৰশিক্ষণ কাৰ্যসূচীত অভিনয়ৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে, য’ত তেওঁ অনুপ বৰালৰ দৰে পৰিচালকৰ সৈতে কাম কৰে। ষ্টুডিঅ’ৰ এটা অনুষ্ঠানৰ সময়ত চলচ্চিত্ৰ পৰিচালক নিৰক পাউডেলৰ চকু তেওঁৰ ওপৰত পৰে আৰু তেওঁ উষাক পৰৱৰ্তী ছবি কুসুমে ৰুমাল ২ত মুখ্য চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিয়ে।[9]

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]

তেওঁৰ মডেলিং কেৰিয়াৰত লাভ কৰা প্ৰথমটো খিতাপ আছিল ছানচিল্ক মিছ বিউটিফুল হেয়াৰ। তাৰ পিছত তেওঁ ২০০৬ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটিত নেপালক প্ৰতিনিধিত্ব কৰিছিল।[10] ২০০৫ চনত নেপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট্য শিল্পী প্ৰতিযোগিতাৰ পৰা তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। পিছলৈ তেওঁ ২০০৯ চনত নেপালত অনুষ্ঠিত ডিজিটেল চিনেমা বঁটাত এইচ আই ভি/এইডচ সজাগতামূলক ছবি ৱান ডেৰ বাবে শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে।[11] ৰজকে ২০২১ চনত মিচেছ নেপাল ইণ্টাৰনেশ্যনেল খিতাপো জয় কৰিছিল।[5]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বছৰ শীৰ্ষক চৰিত্ৰ টোকা Ref
দেৱী বিচাৰক
২০২৩ জুলেবি [12]
২০২১ কাঠপুতলী- দ্য পাপেট শোভা [13][14][15]
২০১৩ কথা
২০১০ কুসুমে ৰুমাল ২ জেনি [9]
২০০৯ ইকু- দ্য জংঘল মেন [7]
২০০৮ ৱান ডে [7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Miss Nepal". Archived from the original on 2012-04-04. https://web.archive.org/web/20120404163618/http://www.missnepal.com.np/2.php. 
  2. 2.0 2.1 "On The Cover". Wave magazine. July 2008. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928235951/http://www.wavemag.com.np/issue/article2773.html। আহৰণ কৰা হৈছে: 18 August 2011. 
  3. "Usha Rajak – Congratulation, new mother » Nepali Movies". Moviesnepal.com. http://moviesnepal.com/usha-rajak-congratulation-new-mother/। আহৰণ কৰা হৈছে: 2015-08-11. 
  4. Baral, Aditi. "Arko Kurukshetra, a play of our times". My Republica. https://myrepublica.nagariknetwork.com/news/72584/. 
  5. 5.0 5.1 Republica. "Dikchya K.C crowned Mrs Nepal 2021" (en ভাষাত). My City. http://myrepublica.nagariknetwork.com/news/122307/। আহৰণ কৰা হৈছে: 2023-12-31. 
  6. Today, N. L. (2022-01-02). "Dikshya KC bags Mrs Nepal title" (en ভাষাত). Nepal Live Today. https://www.nepallivetoday.com/2022/01/02/dikshya-kc-bags-mrs-nepal-title/। আহৰণ কৰা হৈছে: 2023-12-31. 
  7. 7.0 7.1 7.2 7.3 StoriesAsia. "Usha Rajak’s Journey in the Nepali Film Industry" (en-US ভাষাত). thediplomat.com. https://thediplomat.com/2020/08/usha-rajaks-journey-in-the-nepali-film-industry/। আহৰণ কৰা হৈছে: 2023-12-28. 
  8. "19-year-old Nepalese beauty crowned Lux Beauty Star 2004" (en ভাষাত). Zee News. 2004-05-23. http://zeenews.india.com/news/south-asia/19yearold-nepalese-beauty-crowned-lux-beauty-star-2004_160120.html. 
  9. 9.0 9.1 Singh, Rishi (2008-02-16). "On location: Kusume Rumal 2" (en ভাষাত). The Himalayan Times. https://thehimalayantimes.com/entertainment/on-location-kusume-rumal-2। আহৰণ কৰা হৈছে: 2023-12-28. 
  10. "Usha is Nepal’s Miss University". himalayantimes. 2006-10-13. https://thehimalayantimes.com/entertainment/usha-is-nepalaes-miss-university। আহৰণ কৰা হৈছে: 2023-12-23. 
  11. "CS : CyberSansar.com - Usha Rajak Preparing For Miss Nepal!". Cybernepal.com.np. 2008-06-24. Archived from the original on 2015-09-23. https://web.archive.org/web/20150923212118/http://www.cybernepal.com.np/article.php?aid=2596। আহৰণ কৰা হৈছে: 2015-08-11. 
  12. "Nepal needs more films like ‘Julebi’" (English ভাষাত). kathmandupost.com. http://kathmandupost.com/movie-review/2023/08/23/nepal-needs-more-films-like-julebi?verify=False। আহৰণ কৰা হৈছে: 2023-12-28. 
  13. "‘Kathaputali’ is too predictable, but it has its moments" (English ভাষাত). kathmandupost.com. http://kathmandupost.com/movie-review/2022/01/04/kathaputali-is-too-predictable-but-it-has-its-moments। আহৰণ কৰা হৈছে: 2023-12-28. 
  14. "Kathaputali To Be Released From Friday". rising nepal daily. 2021-12-29. https://old.risingnepaldaily.com/detour/kathaputali-to-be-released-from-friday. [সংযোগবিহীন উৎস]
  15. Republica. "Filmmakers appreciate ‘Kathputali’" (en ভাষাত). My City. http://myrepublica.nagariknetwork.com/news/122208/। আহৰণ কৰা হৈছে: 2023-12-28. 

বহিঃসংযোগ

[সম্পাদনা কৰক]