উৎপাদক (গণিত)
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তীয় একো কাৰণ দিয়া হোৱা নাই।
|
উৎপাদক(Factor), গণিতৰ জগতখনত এটা অখণ্ড সংখ্যা x-ক আন এটা অখণ্ড সংখ্যা y-ৰ উৎপাদক বুলি কোৱা হয় যদিহে x সংখ্যাটোৰে y-ক কোনো ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা, x-ৰ লগত আন কোনো এটা সংখ্যা পূৰণ কৰিলে y পোৱা যায়।
যেনেঃ ৮-ৰ এটা উৎপাদক হ'ল ৪, কাৰণ ৮-ক ৪-ৰে হৰণ কৰিলে ভাগফল ২ পোৱা যায় আৰু ভাগশেষ- ০(শূন্য)। বা ৪-ৰ লগত ২পূৰণ কৰিলে ৮-সংখ্যাটো পোৱা যায়। উদাহৰণ স্বৰূপে এটা সংখ্যা ৩৬ৰ উৎপাদক সমূহ হ'ল- ১, ২, ৩, ৪, ৬, ৯, ১২, ১৮ আৰু ৩৬। আমি তলত দিয়া ধৰণে উৎপাদক সমূহ নিৰ্ণয় কৰিব পাৰোঁ-
১×৩৬=৩৬
২×১৮=৩৬
৩×১২=৩৬
৪×৯=৩৬
৬×৬=৩৬
১(এক), প্ৰতিটো সংখ্যাৰে সাধাৰণ উৎপাদক। ইয়াৰোপৰি প্ৰতিটো সংখ্যা, নিজেই নিজৰ এটা উৎপাদক। এই উৎপাদকটো আন সকলোবোৰ উৎপাদকতকৈ ডাঙৰ। আন সকলোবোৰ সৰু উৎপাদকক বিশেষ সংখ্যাটোৰ প্ৰকৃত উৎপাদক বুলি কোৱা হয়। যেনেঃ ৬-ৰ প্ৰকৃত উৎপাদক সমূহ হ'ল- ১, ২, ৩, -১, -২, -৩, -৬।