সমললৈ যাওক

উৰন খতোলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰন খতোলা

পোষ্টাৰ
পৰিচালক এছ ইউ ছানী
প্ৰযোজক নৌশাদ
চিত্ৰগ্ৰহণকাৰী জাল মিস্ত্ৰী
সম্পাদনা বসন্ত বোৰকাৰ
সংগীত পৰিচালক নৌশাদ
মুক্তি
১৩ মে' ১৯৫৫ (1955-05-13)
দেশ ভাৰত
ভাষা হিন্দী

উৰন খতোলা (ইংৰাজী: Uran Khatola) ১৯৫৫ চনত সংগীত পৰিচালক নৌশাদৰ দ্বাৰা নিৰ্মিত আৰু এছ ইউ ছানী পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক-নাট্যধৰ্মী ছবি। ছবিখনত অভিনয় কৰিছে দিলীপ কুমাৰ, নিম্মী, জীৱন আৰু টুনটুনে। ছবিখনৰ সংগীত ৰচনা নৌছাদৰ। গীতসমূহ ৰচনা কৰিছে ছাকিল বদায়ুনীয়ে।[1][2] প্ৰথমতে মধুবালাক ছবিখনৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও স্বাস্থ্যৰ অৱনতিৰ বাবে তেওঁ নাকচ কৰিছিল।[3]

ইয়াক তামিল ভাষাত ডাব কৰা হয় আৰু ১৯৫৬ চনৰ ১ নৱেম্বৰত মুক্তি দিয়া হয় বানৰথম নামেৰে মুক্তি দিয়া হয় আৰু । গীতবোৰ কম্বাদাসন আৰু এম. বি শ্ৰীনিবাসনে লিখিছিল।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

কাশীয়ে যাত্ৰা কৰা বিমানখন মহিলা শাসিত এখন নগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। কাশীক ছোনীয়ে উদ্ধাৰ কৰি নিজৰ ঘৰলৈ লৈ যায়, য'ত তেওঁ দেউতাক আৰু ভায়েক হীৰাৰ সৈতে বাস কৰে। ৰাস্তা বন্ধ হৈ থকাত কাশী ঘৰলৈ উভতি যাব নোৱাৰে আৰু তাত থাকিবলৈ হ’লে প্ৰথমে নগৰৰ শাসক ৰাজৰাণীৰ পৰা অনুমতি ল’ব লাগিব। ৰাণীৰ অনুৰোধত তেওঁ ৰাজপ্ৰসাদত থাকিবলৈ লয়। ইফালে কাশী আৰু ছোনীয়ে ইজনে সিজনক হৃদয় দিয়ে আৰু গোপনে লগ পায়। আনহাতে ৰাণীয়েও কাশীক পাব বিচাৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Uran Khatola (film)". MuVyz.com website. Archived from the original on 8 June 2023. https://web.archive.org/web/20230608173654/https://muvyz.com/moviepage/ut750359। আহৰণ কৰা হৈছে: 9 October 2023. 
  2. "Uran Khatola (film)". Upperstall.com website. http://www.upperstall.com/films/1955/udan-khatola। আহৰণ কৰা হৈছে: 9 October 2023. 
  3. ADMINISTRATOR. "The unknown side of Madhubala". Active India. http://activeindiatv.com/entertainment/27981-the-unknown-side-of-madhubala। আহৰণ কৰা হৈছে: 2021-05-21. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]