উৰুচ মেলা
অৱয়ব

উৰুচ বা উৰ্চ মেলা (আৰবী ভাষাত আক্ষৰিক অৰ্থ বিবাহ),[1] হৈছে কোনো চুফী সন্তৰ মৃত্যু বাৰ্ষিকী, সাধাৰণতে সন্তজনৰ দৰগাহ (মন্দিৰ বা সমাধি)ত অনুষ্ঠিত হয়। প্ৰায়বোৰ চুফী ধাৰা, যেনে নক্সাবন্দী তৰিকা, চুহৰাৱৰ্দিয়া, চিষ্টিয়া, কাদিৰিয়া আদিত উৰুচৰ ধাৰা আছে আৰু ইয়াক উৎসাহেৰে পালন কৰা হয়। ভক্তসকলে তেওঁলোকৰ সন্তসকলক ঈশ্বৰৰ প্ৰেমিক, প্ৰিয় বুলি কয়।[1]
উৰুচৰ অনুষ্ঠান সাধাৰণতে মন্দিৰৰ ৰক্ষক বা চিলচিলাৰ বৰ্তমানৰ শ্বেইখে কৰে। উৰুচৰ উদযাপন হামদৰ পৰা নাতলৈকে আৰু বহুক্ষেত্ৰত কাৱালীৰ দৰে ধৰ্মীয় সংগীত গোৱাও অন্তৰ্ভুক্ত। উদযাপনত খাদ্যৰ নমুনা, বজাৰ, বিভিন্ন ধৰণৰ দোকান আদিও অনুষ্ঠিত হয়।
আজমেৰৰ দৰগাহ শ্বৰীফত থকা খাজা মইনুদ্দিন চিষ্টিৰ উৰুচত প্ৰতি বছৰে ৪ লাখতকৈ অধিক ভক্তক আকৰ্ষণ কৰা হয় আৰু ইয়াক বিশ্বৰ অন্যতম বিখ্যাত উৰুচ উৎসৱ হিচাপে গণ্য কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Urs". http://taqwa.sg/v/calendar/। আহৰণ কৰা হৈছে: 2020-04-19.