সমললৈ যাওক

উৰ্বশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰ্বশী
উৰ্বশী
ৰাজা ৰবি বৰ্মাৰ তুলিকাত উৰ্বশীয়ে তেওঁৰ স্বামী পুৰুৰবাক পৰিত্যাগ কৰাৰ দৃশ্য
দেৱনাগৰী उर्वशी
সম্পৰ্ক অপ্সৰা
নিবাস স্বৰ্গ
সন্তান

উৰ্বশী (সংস্কৃত: उर्वशी) বেদ, মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ লগতে পুৰাণ আদি হিন্দু শাস্ত্ৰত উল্লেখিত এগৰাকী অপ্সৰা। সকলো অপ্সাৰৰ ভিতৰত উৰ্বশীক আটাইতকৈ ধুনীয়া, আৰু এগৰাকী বিশেষজ্ঞ নৃত্যশিল্পী হিচাপে গণ্য কৰা হয়।

উৰ্বশীক বহু পৌৰাণিক আখ্যানত উল্লেখ কৰা দেখা গৈছে। নাৰায়ণ ঋষিৰ উৰুৰ পৰা ওলাই আহি উৰ্বশীয়ে দেৱতাৰ ৰজা আৰু স্বৰ্গৰ শাসক ইন্দ্ৰৰ ৰাজসভাত বিশেষ স্থান দখল কৰিছে। কিংবদন্তি চন্দ্ৰবংশৰ প্ৰথম ৰজা পুৰুৰুবাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবে তেওঁক বিশেষভাবে জনা যায়৷ পৰৱৰ্তী সময়ত তেওঁ ৰজাক পৰিত্যাগ কৰে। হিন্দু ধৰ্মৰ দুজন শ্ৰদ্ধাৰ ঋষি বশিষ্ঠ আৰু অগস্ত্যৰ জন্মতো তেওঁৰ উল্লেখযোগ্য ভূমিকা আছে। ভাৰতৰ বিভিন্ন কলা, পৰিবেশন আৰু সাহিত্যত উৰ্বশীৰ কাহিনীয়ে প্ৰেৰণা যোগাই আহিছে। কবি কালিদাসে উৰ্বশী আৰু পুৰুৰুবাক মূল চৰিত্ৰ হিচাপে লৈ তেওঁৰ নাটক বিক্ৰমোবৰ্শীয়ম ৰচনা কৰিছিল।[1][2]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

মূল সংস্কৃত "উৰ্বশী" শব্দটো উৰু আৰু অশ শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ একাধিক অৰ্থ থাকিব পাৰে।[3] ভাৰতবিদ (Indologist) মোনিয়াৰ মোনিয়েৰ-উইলিয়ামছৰ মতে এই নামটোৰ অৰ্থ হৈছে 'বিস্তৃতভাবে ব্যাপক' আৰু তেওঁ মত প্ৰকাশ কৰিছে যে বৈদিক গ্ৰন্থৰ প্ৰথম আবিৰ্ভাৱত উৰ্বশী আছিল আৰম্ভণিতে ব্যক্তিকৰণ কৰা সত্বা।[3] দেৱী ভাগৱত পুৰাণ শাস্ত্ৰ অনুসৰি ঐশ্বৰিক মুনি নাৰায়ণৰ উৰুৰ পৰা জন্ম হোৱা বাবে এইগৰাকী অপ্সৰাক উৰ্বশী বুলি জনা যায়।[4] কিছুমান পণ্ডিতৰ মতে এই নামটোৰ উৎপত্তি অনাৰ্যমূলীয়।[5]

কিংবদন্তি

[সম্পাদনা কৰক]

বায়ু পুৰাণৰ মতে এবাৰ ইন্দ্ৰৰ ৰাজসভাত উপস্থিত হোৱা অগস্ত্য ঋষিক উৰ্বশীৰ নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনায়। অভিনয়ত উৰ্বশী আৰু ইন্দ্ৰৰ পুত্ৰ জয়ন্তই ইজনে সিজনলৈ প্ৰেমৰ চকুৰে চায়। সেই সময়তে অন্যমনস্ক উৰ্বশীয়ে এটা তাল ভুল কৰে, আৰু নৃত্য দৃষ্টিকটু হৈ পৰে। এই অপৰাধৰ বাবে ঋষিয়ে জয়ন্তক বাঁহ হিচাপে জন্ম লোৱাৰ আৰু উৰ্বশীক পৃথিৱীত মাধৱী নামৰ নাৰী হিচাপে জন্ম লোৱাৰ অভিশাপ দিয়ে।[6]

ঋষি ঋষ্যশ্ৰীংগৰ জন্মৰ কাৰণো উৰ্বশী বুলি কোৱা হয়। মহাভাৰতৰ মতে উৰ্বশী নদীৰ পাৰত ভ্ৰমণ কৰি থাকোঁতে কাশ্যপৰ পুত্ৰ ঋষি বিভাণ্ডকে দেখা পায় আৰু তাইৰ সৌন্দৰ্য্যত উত্তেজিত হৈ বীৰ্যস্খলন ঘটে। তেওঁৰ সেই বীৰ্যৰ সংস্পৰ্শলৈ এজনী হৰিণী অহাৰ ফলত এজনী অপ্সৰালৈ ৰূপান্তৰ হয় আৰু এটা ল’ৰা জন্ম নিদিয়ালৈকে সেই ৰূপতে অভিশপ্ত হৈ থাকে। সেই অস্পৰাৰ পৰাই ঋষ্যশ্ৰীংগৰ জন্ম হয় আৰু তেওঁক পিতৃয়ে ডাঙৰ-দীঘল কৰে।[6]

উৰ্বশী আৰু এজন মৰ্ত্যৰ ৰাজকুমাৰক লৈ আন এক কাহিনী মহাভাৰতত পোৱা যায়৷[টোকা 2] চন্দ্ৰবংশৰ এজন ৰাজকুমাৰ আৰু ইন্দ্ৰৰ ধৰ্ম পুত্ৰ অৰ্জুন গন্ধৰ্ব চিত্ৰসেনৰ অধীনত নৃত্য শিক্ষা গ্ৰহণ কৰিবলৈ স্বৰ্গলৈ আহে। উৰ্বশী তেওঁৰ প্ৰতি আকৰ্ষিত হৈ সুন্দৰ সাজ-পোছাকেৰে সজ্জিত হৈ অৰ্জুনৰ বাসগৃহত উপস্থিত হয়। তাই অৰ্জুনক নিজৰ ইচ্ছাৰ কথা কয়, কিন্তু অৰ্জুনে তাইক প্ৰত্যাখ্যান কৰে৷ অৰ্জুনে উৰ্বশীক পূৰ্বপুৰুষ বুলি গণ্য কৰাৰ লগতে মাতৃ বুলিও গণ্য কৰে, কাৰণ উৰ্বশী অতীতত অৰ্জুনৰ পূৰ্বপুৰুষ পুৰুৰাৱৰ সৈতে বিবাহ হৈছিল। উৰ্বশীয়ে অৰ্জুনক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে অপ্সৰাসকল নিজৰ পছন্দ পুৰুষ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত মুক্ত আৰু আৰু তেওঁলোকে যিকোনো পুৰুষৰ সৈতে কামনা পূৰ কৰিব পাৰে। তথাপিও অৰ্জুনে তেওঁক প্ৰত্যাখান কৰে৷ তেতিয়া ক্ৰোধিত হৈ উৰ্বাশীয়ে তেওঁক এবছৰৰ বাবে পুৰুষত্ব হেৰুৱাই নপুংসক হৈ থাকিবলৈ অভিশাপ দিয়ে। পিছত ইন্দ্ৰই তেওঁৰ অজ্ঞাতবাসৰ সময়ত এই অভিশাপ তেওঁৰ বাবে বৰদান স্বৰূপ হ’ব বুলি কৈ অৰ্জুনক শান্ত কৰে।[6][8]

  1. মহাকাব্য মহাভাৰতৰ মতে পুৰুৰবাৰ পুত্ৰসকলৰ নাম হৈছে আয়ু, ধীমত, অমাবসু আৰু ধৃধায়ু, আৰু বানায়ু, আৰু শতায়ু৷
  2. মহাভাৰতৰ কিছুমান সংস্কৰণত এই আখ্যান পোৱা নাযায় আৰু কিছু বিশেষজ্ঞই এই কাহিনী পিছত সংযোজন কৰা বুলি ক’ব বিচাৰে৷[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Eck, Diana L. (2012-03-27) (en ভাষাত). India: A Sacred Geography. Harmony/Rodale. পৃষ্ঠা. 337. ISBN 978-0-385-53191-7. https://books.google.com/books?id=rNlJOSf__xYC&dq=urvashi+most+beautiful&pg=PA337. 
  2. Gupta, Shakti M. (2002) (en ভাষাত). Indian Mythology: Myths and Legends. B.R. Publishing Corporation. পৃষ্ঠা. 133. ISBN 978-81-7646-276-1. https://books.google.com/books?id=6AMRAQAAIAAJ&q=urvashi+most+beautiful+apsara. 
  3. 3.0 3.1 Monier-Williams, Sir Monier; Leumann, Ernst; Cappeller, Carl (1899) (en ভাষাত). A Sanskrit-English Dictionary: Etymologically and Philologically Arranged with Special Reference to Cognate Indo-European Languages. Motilal Banarsidass Publishing House. পৃষ্ঠা. 218, 637. ISBN 978-81-208-3105-6. https://books.google.com/books?id=zUezTfym7CAC&q=dawn+urvasi. 
  4. Vemsani, Lavanya (2021). "Urvashi: Celestial Women and Earthly Heroes". Feminine Journeys of the Mahabharata. পৃষ্ঠা. 229–241. doi:10.1007/978-3-030-73165-6_12. ISBN 978-3-030-73164-9. 
  5. Jamanadas, K. (2007) (en ভাষাত). Devadasis: Ancient to Modern. Kalpaz Publications. ISBN 978-81-7835-547-4. https://books.google.com/books?id=-GYwAAAAYAAJ&q=urvashi+uru+thigh+heart. 
  6. 6.0 6.1 6.2 Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. পৃষ্ঠা. 811. ISBN 9780842608220. https://archive.org/details/puranicencyclopa00maniuoft/page/811/mode/1up. 
  7. M. A. Mehendale (2001-01-01). Interpolations In The Mahabharata. পৃষ্ঠা. 200–201. https://archive.org/details/InterpolationsInTheMahabharata. 
  8. "The Mahabharata, Book 3: Vana Parva: Indralokagamana Parva: Section XLVI". www.sacred-texts.com. https://www.sacred-texts.com/hin/m03/m03046.htm। আহৰণ কৰা হৈছে: 2021-09-20.