উৰ্বশী ঢোলকীয়া
| উৰ্বশী ঢোলকীয়া | |
|---|---|
২০২৫ চনত ঢোলকীয়া | |
| জন্ম | ০৯ জুলাই, ১৯৭৯ (৪৭ বছৰ) দিল্লী, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৪–বৰ্তমান |
| জনা যায় |
|
| উল্লেখযোগ্য কৰ্ম |
|
| সন্তান | ২ |
উৰ্বশী ঢোলকীয়া (ইংৰাজী: Urvashi Dholakia; জন্ম: ৯ জুলাই ১৯৭৯) — এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ ধাৰাবাহিক কচৌটী জিন্দগী কে-ত কমোলিকা চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত, যাৰ বাবে তেওঁ পাঁচবাৰকৈ ইণ্ডিয়ান টেলী বঁটা (শ্ৰেষ্ঠ খলনায়িকা) আৰু আইটিএ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ৰিয়েলিটি শ্ব’ বিগ বছ ৬-ৰ বিজয়ী আছিল।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭৯ চনৰ ৯ জুলাইত এগৰাকী গুজৰাটী মাতৃ আৰু এজন পাঞ্জাবী পিতৃৰ ঘৰত ঢোলকীয়াৰ জন্ম হৈছিল।[3][1]
ঢোলকীয়াই ১৬ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল আৰু ১৭ বছৰ বয়সত ক্ষিতিজ আৰু সাগৰ নামৰ যমজ পুত্ৰ সন্তানৰ মাতৃ হৈছিল; তেওঁ এগৰাকী একক মাতৃ হিচাপে তেওঁলোকক ডাঙৰ-দীঘল কৰিছে।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]প্ৰাৰম্ভিক কেৰিয়াৰ (১৯৮৫–২০০০)
[সম্পাদনা কৰক]ঢোলকীয়াই ৬ বছৰ বয়সত ৰেৱতীৰ সৈতে লাক্স চাবোনৰ এটা টিভি বিজ্ঞাপনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।[5] শিশু শিল্পী হিচাপে তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক শ্ৰীকান্তত ৰাজলক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰাপ্তবয়স্ক হিচাপে তেওঁৰ প্ৰথম টিভি চৰিত্ৰ আছিল দূৰদৰ্শনৰ দেখ ভাই দেখত শিল্পা হিচাপে, যাৰ পিছত তেওঁ ৱক্ত কী ৰফতাৰত কাম কৰিছিল।[6]
ব্যাপক স্বীকৃতি (২০০০–২০১১)
[সম্পাদনা কৰক]২০০০-ৰ দশকটো ঢোলকীয়াক আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ শীৰ্ষ তালিকালৈ অনাৰ ক্ষেত্ৰত এক সোণালী সময় হিচাপে চিহ্নিত হৈছিল। এই সময়ছোৱাত একতা কাপুৰৰ শ্ব’ ঘৰ এক মন্দিৰ, কভী চৌতন কভী সহেলী, কচৌটী জিন্দগী কে আৰু কহিঁ তো হোগাত আগবঢ়োৱা উৎকৃষ্ট অভিনয়ৰ বাবে তেওঁ সৰ্বত্ৰে প্ৰশংসা আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[7]
এইসমূহৰ ভিতৰত কচৌটী জিন্দগী কে (২০০১–২০০৮) ধাৰাবাহিকখনৰ কমোলিকা চৰিত্ৰটোৱে তেওঁক সৰ্বাধিক জনপ্ৰিয়তা প্ৰদান কৰে। বহুতো সমালোচনাৰ মতে এই চৰিত্ৰটো এতিয়ালৈকে টেলিভিছনৰ আটাইতকৈ আইকনিক খলনায়িকাৰ চৰিত্ৰ। তেতিয়াৰপৰাই ঢোলকীয়া আৰু কাপুৰে বহুবাৰ একেলগে কাম কৰিছে।
বিগ বছ আৰু অন্যান্য (২০১৩–২০১৯)
[সম্পাদনা কৰক]২০১২ চনত তেওঁ কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ ৬-ত অংশগ্ৰহণ কৰে আৰু ২০১৩ চনৰ ১২ জানুৱাৰীত তেওঁ এই ছিজনৰ বিজয়ী হিচাপে পৰিগণিত হয়।[8] ২০১৭ চনত তেওঁ কালাৰ্ছ টিভিৰ ঐতিহাসিক ফেণ্টাচী ধাৰাবাহিক চন্দ্ৰকান্তাত ৰাণী ইৰাৱতী হিচাপে অভিনয় কৰিছিল।[9]
টেলিভিছনলৈ প্ৰত্যাৱৰ্তন (২০২২–বৰ্তমান)
[সম্পাদনা কৰক]২০২২ চনত ঢোলকীয়াই পুনৰবাৰ কাহিনী ভিত্তিক ধাৰাবাহিকলৈ প্ৰত্যাৱৰ্তন কৰে আৰু নাগিন ৬-ত উৰ্বশীৰ চৰিত্ৰত অভিনয় কৰে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "PICS: Kasautii Zindagii Kay's Original Komolika, Urvashi Dholakia Celebrates 41st Birthday in Style!". ABP Live. 10 July 2019. Archived from the original on 11 July 2019. https://web.archive.org/web/20190711002646/https://www.abplive.in/television/kasautii-zindagii-kays-urvashi-dholakia-aka-original-komolika-celebrates-41st-birthday-in-style-see-pics-inside-1029971.
- ↑ "Bigg Boss winners 'Lost and Found'". The Free Press Journal. https://www.freepressjournal.in/entertainment/bigg-boss-winners-lost-and-found.
- ↑ "Urvashi Dholakia to judge Gujarati reality show". Yahoo! News. 2 November 2011. Archived from the original on 9 February 2018. https://web.archive.org/web/20180209064237/https://www.yahoo.com/news/urvashi-dholakia-judge-gujarati-reality-show-174804850.html.
- ↑ "Urvashi Dholakia as mother". TVGupshup. 2017. http://tvgupshup.com/urvashi-dholakia-and-her-twin-sons-are-her-prized-possession/। আহৰণ কৰা হৈছে: 24 August 2022.
- ↑ "Serial thriller". The Telegraph. 28 January 2004. http://www.telegraphindia.com/1040128/asp/calcutta/story_2831030.asp.
- ↑ "Sinfully yours: Arguably the biggest vamp on the small screen, Urvashi Dholakia..". The Hindu (Chennai, India). 1 June 2006. http://www.hindu.com/mp/2006/06/01/stories/2006060101590200.htm.
- ↑ Pisharoty, Sangeeta Barooah (12 August 2004). "The queen of bad things". The Hindu (Chennai, India). http://www.thehindu.com/thehindu/mp/2004/08/12/stories/2004081200470200.htm.
- ↑ "Urvashi Dholakia television's favorite Komolika crowned the winner of Bigg Boss 6". zeenews.india.com. 12 January 2013. http://zeenews.india.com/entertainment/idiotbox/bigg-boss-6-finale-live-urvashi-dholakia-crowned-the-winner_126163.htm.
- ↑ "Urvashi Dholakia on her comeback in Chandrakanta, Ekta Kapoor giving her a magic wand and her pride in others imitating Komolika" (en-US ভাষাত). The Indian Express. 29 June 2017. http://indianexpress.com/article/entertainment/television/urvashi-dholakia-chandrakanta-colors-comeback-ekta-kapoor-komolika-indian-television-vamp-4726672/.
- ↑ "Naagin 6 Character Revelation: Urvashi Dholakia will play Tejashwi Prakash's mother, Sudha Chandran will be the villain". news ncr. Archived from the original on 10 April 2023. https://web.archive.org/web/20230410204627/https://www.newsncr.com/entertainment/naagin-6-character-revelation-urvashi-dholakia-will-play-tejashwi-prakashs-mother-sudha-chandran-will-be-the-villain/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত উৰ্বশী ঢোলকীয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- উৰ্বশী ঢোলকীয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।