সমললৈ যাওক

উৰ্বশী (অভিনেত্ৰী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰ্বশী

২০২২ চনত উৰ্বশী
জন্ম কবিতা ৰঞ্জিনী
২৫ জানুৱাৰী, ১৯৬৯ (৫৭ বছৰ)
কোল্লাম, কেৰালা[1]
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী
  • মনোজ কে জয়ন (বি. ২০০০; বিবি. ২০০৮)
  • শিৱপ্ৰসাদ (বি. ২০১৩)
সন্তান
আত্মীয়-স্বজন
  • সুৰানন্দ কুঞ্জন পিল্লাই (ককাদেউতাক)[2]
  • Kalaranjini (sister)
  • Kalpana (sister)
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকা

কবিতা মনোৰঞ্জিনী [3] (ইংৰাজী: Kavitha Manoranjini; জন্ম: ২৫ জানুৱাৰী ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ডাবিং শিল্পী, টেলিভিছন হোষ্ট, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। পেছাগতভাৱে তেওঁ উৰ্বশী নামেৰে পৰিচিত। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত, প্ৰধানকৈ মালয়ালম, তামিল, কানাড়া আৰু তেলেগু ছবিত কৰা কামৰ বাবে পৰিচিত।[4] চাৰি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ছটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, দুটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছে। অভিনয়ৰ বিশিষ্ট শৈলীৰ বাবে জনাজাত, উৰ্বশীক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বহুলভাৱে গণ্য কৰা হয়।[5][6]

উৰ্বশী আশী আৰু নব্বৈৰ দশকৰ, প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী আছিল। তেওঁ উৎসৱমেলম আৰু পিদাক্কোজী কুভুন্না নুত্তণ্ডু ছবি দুখন ৰচনা কৰিছে; ইয়াৰে পিছৰখন তেওঁ নিৰ্মাণো কৰিছিল। অচুভিন্টে আম্মা (২০০৫) নামৰ ছবিখনত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়, যিখন ৬ বছৰৰ বিৰতিত তেওঁৰ কামবেক ছবি আছিল।[7] ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে তিনিবাৰ জয়লাভকে ধৰি, তেওঁ অভিলেখ সংখ্যক ছবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তাৰ উপৰিও মাগলিৰ মটুমৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বিশেষ বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ সন্মানীয় কলাইভনাৰ বঁটাকে ধৰি দুটাকৈ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "കിരീടം വെക്കാത്ത ലേഡി സൂപ്പർസ്റ്റാർ ഉർവശിയുടെ വിദ്യാഭ്യാസ യോഗ്യത; പഠനത്തെക്കുറിച്ച് താരത്തിന്റെ വെളിപ്പെടുത്തൽ" (ml ভাষাত). News18 മലയാളം. 2024-07-27. Archived from the original on 2024-08-19. https://web.archive.org/web/20240819031216/https://malayalam.news18.com/photogallery/buzz/education-of-malayalam-actor-urvashi-who-acted-in-several-language-movies-mm-680738.html আহৰণ কৰা হৈছে: 2024-08-19.
  2. Vasanth TV (2025-01-18). அந்த 2 பேர் இழப்பு என்ன ரொம்ப பாதிச்சது - Actress Urvashi interview | Vasanth TV. Retrieved 2025-02-09 via YouTube.
  3. "നായികമാര് എന്തിന് ഭയക്കണം?, Interview - Mathrubhumi Movies". Mathrubhumi.com. 21 July 2010. Archived from the original on 15 October 2014. https://web.archive.org/web/20141015122105/http://www.mathrubhumi.com/movies/interview/114588/ আহৰণ কৰা হৈছে: 13 August 2014.
  4. "Urvashi, the mother of all roles". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/urvashi-the-mother-of-all-roles/photostory/79297126.cms.
  5. "Why Malayalam Cinema's Usual Rules Do Not Apply To Urvashi" (en ভাষাত). HuffPost. 2020-02-08. https://www.huffpost.com/archive/in/entry/urvashi-malayalam-cinema-actress_in_5e3d16ccc5b6bb0ffc0e8e5f আহৰণ কৰা হৈছে: 2023-02-06.
  6. "ഏകാന്തതയുടെ കടല് ഞാന് നീന്തിക്കടക്കും - articles, infocus_interview - Mathrubhumi Eves". Mathrubhumi.com. Archived from the original on 15 October 2014. https://web.archive.org/web/20141015122514/http://www.mathrubhumi.com/mb4eves/online/malayalam/kerala/women/articles/infocus_interview-article-90671 আহৰণ কৰা হৈছে: 13 August 2014.
  7. "കിരീടം വെക്കാത്ത ലേഡി സൂപ്പർസ്റ്റാർ ഉർവശിയുടെ വിദ്യാഭ്യാസ യോഗ്യത; പഠനത്തെക്കുറിച്ച് താരത്തിന്റെ വെളിപ്പെടുത്തൽ" (ml ভাষাত). News18 മലയാളം. 2024-07-27. Archived from the original on 2024-08-19. https://web.archive.org/web/20240819031216/https://malayalam.news18.com/photogallery/buzz/education-of-malayalam-actor-urvashi-who-acted-in-several-language-movies-mm-680738.html আহৰণ কৰা হৈছে: 2024-08-19.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]