সমললৈ যাওক

উৰ্মিলা সত্যনাৰায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰ্মিলা সত্যনাৰায়ণ
জন্ম ৮ জানুৱাৰী ১৯৭৫
চেন্নাই, তামিলনাডু
উৎসস্থান ভাৰত
সংগীতৰ ধৰণ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত
পেচা ভাৰতনাট্যম নৃত্যশিল্পী
সক্ৰিয়তাৰ বছৰ ২০১১
সদস্য সংযুক্ত সত্যনাৰায়ন (জীয়ৰী)

উৰ্মিলা সত্যনাৰায়ণ (ইংৰাজী: Urmila Satyanarayana ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। ভাৰতনাট্যমৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০২৩ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়। [1]

জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

উৰ্মিলা সত্যনাৰায়ণক বিশিষ্ট গুৰু ‘পদ্মশ্ৰী’ কে.এন. দণ্ডায়ুথাপানী পিল্লাই, [2] কলাইমামণি কে.জে. সৰসা আৰু পদ্ম ভূষণ কলানিধি নাৰায়ণনৰ ওচৰত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে।। মূলতঃ ভাৰতনাট্যমৰ তেওঁৰ আৰমণ্ডীৰ (ভাৰতনাট্যমৰ এক অৱস্থান) বাবে তেওঁ পৰিচিত।

৫ বছৰ বয়সৰ পৰাই ভাৰতনাট্যমৰ শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই ১০ বছৰ বয়সত মঞ্চত প্ৰদৰ্শন কৰিছিল। ৰাষ্ট্ৰীয় [3] আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি ২০২৩ চনত তামিলনাডু ৰাজ্যৰ কলাইমামণি বঁটা আৰু সংগীত নাটক অকাডেমী বঁটাকে ধৰি বহুতো বঁটাৰে সন্মানিত হৈছে।

উৰ্মিলাই ১৯৯৬ চনত চেন্নাইৰ কিলপওক গাৰ্ডেনত নাট্য সংকল্প [4] নামৰ নৃত্য বিদ্যালয় আৰম্ভ কৰে। এই প্ৰতিষ্ঠানটোৱে ভৰতনাট্যম শিল্পী গঠনত নৃত্য, কৰ্ণাটকী সংগীত আৰু যোগৰ তাত্বিক জ্ঞানত গুৰুত্ব আৰোপ কৰে। [5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]