ঊষা পৌড়েল
| ঊষা পৌড়েল | |
|---|---|
| জন্ম | ৰুক্মিণী কুমাৰী পৌড়েল [1] ২৯ আগষ্ট, ১৯৭৭ (৪৮ বছৰ) [2] জনকপুৰ, মধেশ প্ৰদেশ, নেপাল[3] |
| ৰাষ্ট্ৰীয়তা | নেপালী |
| অন্য নাম |
|
| শিক্ষা | কান্তি ইশ্বৰী কন্যা স্কুল (SLC) |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমান |
| দাম্পত্যসঙ্গী | সুধাংশু জোশী (২০১৬–২০২০)[4] |
ঊষা পৌড়েল (জন্ম নাম: ৰুক্মিণী কুমাৰী পৌড়েল, জন্ম ২৯ আগষ্ট ১৯৭৭) এগৰাকী নেপালী নৃত্যশিল্পী আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ঊষাই নেপালী চলচ্চিত্ৰ জগতত "কৰ্ম" ছবিৰে অভিনয় আৰম্ভ কৰিছিল। তেওঁৰ দ্বিতীয় ছবিখন "মুনা মদন", লক্ষ্মী প্ৰসাদ দেৱকোটাৰ জনপ্ৰিয় কিতাপৰ ওপৰত আধাৰিত, ১৯৯৯ চনত মুক্তি লাভ কৰিছিল।[3]
ঊষাই ২০১৬ চনৰ ২৪ নৱেম্বৰ তাৰিখে আমেৰিকাৰ ভাৰ্জিনিয়াত এখন অনুষ্ঠানত নেপালী অভিনেতা সুধাংশু জোশীক বিয়া কৰিছিল।[3]
ঊষাই ৪০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে, যেনে কৰ্ম, মুনা মদন, গোধূলি, তিম্ৰ মায়া, প্যাৰি বহিনি, গঙ্গা, জেঠো কাঞ্চো, ৰাম লক্ষ্মণ, বাজ, ক্ৰোধ, মায়া নগৰ, জ্বলামুখী। তেওঁ ৮খন টেলিভিছন ধাৰাবাহিক, ৩৬টা সংগীত ভিডিঅ' আৰু ডজনৰো অধিক বিজ্ঞাপন চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৩ চনত তেওঁ এক টেলিভিছন ধাৰাবাহিকত অসাধাৰণ অভিনয়ৰ বাবে "শ্ৰেষ্ঠ অভিনেত্ৰী" বঁটা লাভ কৰিছিল। তেওঁৰ মুনা মদন চলচ্চিত্ৰখন ২০০৪ চনৰ অস্কাৰ প্ৰতিনিধিত্বৰ বাবে নেপালৰ পৰা মনোনীত হৈছিল। তেওঁ বিশ্বজুৰি মঞ্চত পৰিৱেশন কৰিছে আৰু তেওঁৰ নৃত্যৰ প্ৰশংসা কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰপতি ড° ৰাম বৰণ যাদৱে তেওঁৰ প্ৰতিভাক স্বীকৃতি আৰু সন্মান প্ৰদান কৰিছে।
চেলিব্ৰিটি জীৱনৰ বাহিৰেও, ঊষাই অভিনয় আৰু নৃত্যৰ দক্ষতা অধিক বিকাশ কৰিবলৈ মুম্বাইলৈ গৈছিল। তেওঁ তাত হিন্দী ভাষা শিকিছিল আৰু বিভিন্ন প্ৰাইম টাইম টেলিভিছন শ্ব', যেনে তুঝ সাঙ প্ৰীত লগাই সাজনা, জয় জয় জয় বজৰংবলী, আদালত, চিণ্টু চিন্কী আৰু এক বড়ি চি লাভ ষ্টোৰী আদি ধাৰাবাহিকত অভিনয় কৰিছিল। তেওঁ বিভিন্ন বিজ্ঞাপন চলচ্চিত্ৰতো অংশগ্ৰহণ কৰিছিল।
ঊষাই মুম্বাইলৈ যাবৰ পাছত নেপালৰ কোনো অনুষ্ঠানত উপস্থিত হোৱা দেখা নগ'ল। যদিও তেওঁ ২০১৫ চনত আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ এক নেপালী অনুষ্ঠানত নৃত্য পৰিবেশন কৰিছিল। স্থানীয় নেপালী সংগঠনৰ প্ৰতিনিধিসকলে জনোৱা অনুসৰি, তেওঁ আমেৰিকাত তিনিমাহ সময় অতিবাহিত কৰিছে আৰু তদুপৰি তেওঁ তাত স্থায়ী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Real Names of Nepali celebrities". https://www.youtube.com/watch?v=vfXfUR3ICMI/.
- ↑ "উষা পৌড়েলৰ চলচ্চিত্ৰ, কোন ঊষা পৌড়েল". xnepali.net. http://xnepali.net/usha-poudel-actress-profile-2/। আহৰণ কৰা হৈছে: 25 November 2016.
- ↑ 3.0 3.1 3.2 "ঊষা পৌড়েল, নেপালী অভিনেত্ৰীৰ জীৱনী". nepaliactress.com. 25 November 2016. http://nepaliactress.com/usha-poudel-biography-of-nepali-actress-marriage-video/। আহৰণ কৰা হৈছে: 25 November 2016.
- ↑ "ঊষাই সুধানশু জোশীকে বিয়া কৰিলে". https://www.youtube.com/watch?v=H7DWVeTiha0। আহৰণ কৰা হৈছে: 25 November 2016.