সমললৈ যাওক

ঋচা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঋচা শৰ্মা

শৰ্মা ৮১তম ভেনিচ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত (২০২৪)
জন্ম ঢংগাডি, নেপাল
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৭ – বৰ্তমান
উচ্চতা ১.৬৭ মিটাৰ (U=ft}})[1]
দাম্পত্যসঙ্গী দীপেক্ষা বিক্ৰম ৰাণা (বি. ২০১৯)
সন্তান


ঋচা শৰ্মা (ऋचा शर्मा) এজনী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, আৰু ভিডিঅ’ জকী। তেওঁ মিছ নেপাল ২০০৭ প্ৰতিযোগিতাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল[1] আৰু সংগীত ভিডিঅ’ আৰু ৰেম্প শ্ব’ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল।[2]

তেওঁৰ অভিনয় আৰম্ভ হয় নেপালী চলচ্চিত্ৰ ফাৰ্ষ্ট লভ (২০১০)ৰ জৰিয়তে। পিছত ২০১১ চনত মেৰো লভ ষ্ট’ৰি আৰু হাইৱেত অভিনয় কৰে। ২০১২ চনৰ বক্স অফিচত সফল হোৱা লুট চলচ্চিত্ৰই তেওঁৰ অভিনয় যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।[3]

২০১২ চনত তেওঁ যুৱ সমাজক কেন্দ্ৰ কৰি নিৰ্মিত ভিছা গাৰ্ল চলচ্চিত্ৰত অভিনয় কৰে, আৰু ২০১৪ চনত সমালোচকসকলে প্ৰশংসা কৰা তালকজং বনাম তুল্কে চলচ্চিত্ৰত অংশ লয়। ২০১৫ চনত তেওঁ জিন্দাগী ৰক্স চলচ্চিত্ৰত এজন আৰক্ষীৰ ভূমিকা নিৰ্বাহ কৰিছিল। তেওঁ নেপালৰ কমেডি ৰিয়েলিটি শ্ব’ কমেডি চেম্পিয়নৰ ন্যায়াধীশৰূপে কৰ্মৰত।[4]

ঋচা শৰ্মা ১৯৮৭ চনৰ ১৭ জুলাই নেপালৰ ঢংগাডিত জন্মগ্ৰহণ কৰিছিল। তেওঁ কৈলালী জিলাত ডাঙৰ হৈছিল। বৰ্তমান তেওঁ কাঠমাণ্ডুত বাস কৰে।

বৰ্তমানলৈকে ঋচা শৰ্মাই ১৭খন চলচ্চিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত দুখন চলচ্চিত্ৰ তেওঁ নিজেই প্ৰযোজনা কৰিছে।[5]

২০১৯ চনৰ ডিচেম্বৰত তেওঁ কাঠমাণ্ডুত ললিতপুৰ ভিত্তিক লাবিম মলৰ পৰিচালক দীপেক্ষ বিক্ৰম ৰাণাক বিবাহ কৰে। বিবাহৰ আগতেই তেওঁ দুবছৰ ধৰি দীপেক্ষৰ সৈতে সম্পৰ্কত আছিল।[6]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]

বাস্তৱ টিভি অনুষ্ঠান

[সম্পাদনা কৰক]
বাস্তৱ টিভি অনুষ্ঠান
বছৰ শিৰোনাম ভূমিকা টোকা
২০২০ কমেডি চেম্পিয়ন ১ম ছিজন বিচাৰক অনুষ্ঠানটোৰ চাৰিজন বিচাৰকৰ অন্যতম।
২০২১ কমেডি চেম্পিয়ন ২য় ছিজন বিচাৰক অনুষ্ঠানটোৰ চাৰিজন বিচাৰকৰ অন্যতম।
২০২৪ কমেডি চেম্পিয়ন ৩য় ছিজন বিচাৰক অনুষ্ঠানটোৰ চাৰিজন বিচাৰকৰ অন্যতম।

টেলিভিশন শৃংখলা

[সম্পাদনা কৰক]
টিভি
বছৰ শিৰোনাম ভূমিকা টোকা
২০১১ হাম্ৰো টীম সীমা টেলিভিশন আত্মপ্ৰকাশ
২০১৬ পাহুছ (বাস্তৱ টিভি অনুষ্ঠান) উপস্থাপক

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চলচ্চিত্ৰ
বছৰ শিৰোনাম ভূমিকা টোকা উৎস
২০১০ ফাৰ্ষ্ট লাভ নীতু
২০১১ মেৰো লাভ ষ্ট'ৰী
২০১১ হাইৱে
২০১২ লুট আয়ুষা
২০১২ ভিছা গাৰ্ল
২০১৩ উমা উমা [7]
২০১৪ তালকজং বনাম তুলকে ফুলি
২০১৫ জিন্দগী ৰক্স
২০১৬ কেৰি অন কুট্টন জ্যোতিৰ মাউচী
২০১৬ বাটো মুনি কো ফুল ২ জুনালী অতিথি ভূমিকা
২০১৬ কো আফনো
২০১৮ ছুংকেছাৰী ছুংকেছাৰী প্ৰযোজকো [8]
২০১৮ চক্কৰ
২০১৮ না এটা না উটা
২০২২ হিজো আজি কাকুৰা

পুৰস্কাৰ

[সম্পাদনা কৰক]
বছৰ পুৰস্কাৰ শ্ৰেণী চলচ্চিত্ৰ ফলাফল উৎস
২০১৫ জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ (নেপাল) সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী তালকজং বনাম তুলকে বিজয়ী [9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Miss Nepal". Archived from the original on 4 April 2012. https://web.archive.org/web/20120404163618/http://www.missnepal.com.np/2.php. 
  2. যোগী, শিৱৰাজ (১৯ মে’ ২০১৭). "मनले मागेको मज्जाले खाने हो!" (ne ভাষাত). The Annapurna Express. https://annapurnapost.com/news/71337-71337। আহৰণ কৰা হৈছে: ২৬ জুলাই ২০২২. 
  3. "Most Successful Nepali Movie Loot". Boss Nepal. Archived from the original on 1 October 2019. https://web.archive.org/web/20191001181753/http://bossnepal.com/most-successful-nepali-movie-loot/। আহৰণ কৰা হৈছে: 15 October 2015. 
  4. "Comedy Champion returns with a brand new season" (English ভাষাত). The Kathmandu Post. ২৫ ফেব্ৰুৱাৰী ২০২১. https://kathmandupost.com/art-culture/2021/02/25/comedy-champion-returns-with-a-brand-new-season। আহৰণ কৰা হৈছে: ২৭ জুলাই ২০২২. 
  5. "Biography: Richa Sharma". nFilmreviews. Archived from the original on 2016-11-06. https://web.archive.org/web/20161106070104/http://nfilmreviews.com/biography/richa-sharma/। আহৰণ কৰা হৈছে: ৬ নৱেম্বৰ ২০১৬. 
  6. "Marriage: Richa Sharma". Khabarhub. https://english.khabarhub.com/2019/07/60368/. 
  7. Paudel, Shreya (10 April 2020). "Revisiting 'Uma'—a Maoist combatant's story" (en ভাষাত). The Kathmandu Post. https://kathmandupost.com/movie-review/2020/04/10/revisiting-uma-a-maoist-combatant-s-story। আহৰণ কৰা হৈছে: 26 July 2022. 
  8. Prasai, Biplob (26 May 2018). "Cinema should entertain and inform" (en ভাষাত). The Annapurna Express. https://theannapurnaexpress.com/news/cinema-should-entertain-and-inform-425। আহৰণ কৰা হৈছে: 27 July 2022. 
  9. "'Kabbadi' bags National Awards" (en ভাষাত). The Kathmandu Post. 28 July 2015. https://kathmandupost.com/miscellaneous/2015/07/28/kabbadi-bags-national-awards। আহৰণ কৰা হৈছে: 27 July 2022.