ঋতুসংহাৰম্ (অসমীয়া অনুবাদ)
ঋতুসংহাৰম্ (অসমীয়া অনুবাদ) | |||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| |||||||||||||||
লেখক | কালিদাস | ||||||||||||||
অনুবাদক | কৌস্তুভমণি শইকীয়া দত্ত |
ঋতুসংহাৰম্ মহাকবি কালিদাসৰ এখন মহাকাব্য। কালিদাসে ঋতুসংহাৰম্ কাব্যখন সংস্কৃত ভাষাত ৰচনা কৰিছিল। কাব্যগ্ৰন্থখন অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
ঋতুসংহাৰমৰ বিষয়বস্তু
[সম্পাদনা কৰক]ঋতু' শব্দৰ লগত উত্তৰপদ হিচাপে যুক্ত হৈছে 'সংহাৰ' নাইবা 'সমহাৰ' শব্দ। 'হাৰ'ৰ অৰ্থ ইয়াত সংগ্ৰহ, থুপ, বা মালা। এই সমাসবদ্ধ পদৰ অৰ্থ হ'ল ঋতুসমূহৰ সমাৱেশ, সংগ্ৰহ নাইবা ঋতুৰ মালা- 'A gathering of seasons or garland of seasons'(—অমলেন্দু চক্ৰৱৰ্তী)। [1]ঋতুসংহাৰম্ গ্ৰন্থত ছয় ঋতুৰ বৰ্ণনা আৰু ঋতু কেন্দ্ৰীক প্ৰকৃতিৰ অপৰূপ মাধুৰ্যক উদ্দীপন - বিভাৱ আৰু কামমোহিত পুৰুষ - মহিলা আলম্বন-বিভাৱ হিচাপে শৃংগাৰ তথা আদিৰসাত্মাক কাব্যিক বৰ্ণনা। ঋতুসংহাৰম্ গ্ৰন্থত ১৫৩টা শ্লোকৰ দ্বাৰা ছটা সৰ্গত বিভাজিত কৰি বিভিন্ন ছন্দত ৰচনা কৰিছে।
- গ্ৰীষ্ম বৰ্ণনা
- বৰ্ষা বৰ্ণনা
- শৰৎ বৰ্ণনা
- হেমন্ত বৰ্ণনা
- শীত বৰ্ণনা
অনুবাদকৰ পৰিচয়
[সম্পাদনা কৰক]কৌস্তুভমণি শইকীয়া দত্ত এগৰাকী কবি, অনুবাদক। ১৯৭৩ চনৰ ৩ জুলাই তাৰিখে যোৰহাটজিলাত তেখেতৰ জন্ম।

অনুবাদকৰ সাহিত্য-কৰ্ম
[সম্পাদনা কৰক]স্বৰচিত কবিতা পুথি
[সম্পাদনা কৰক]- ৰ’দ - বনফুল প্ৰকাশন, ২০১৩
- কথা- কস্তুৰী প্ৰকাশন, ২০১৪
- নীৰৱতাৰ বেলাড- চন্দ্ৰ প্ৰকাশ, ২০১৫
- পাখি আৰু কাঁড়- আঁক-বাক প্ৰকাশন, ২০১৭
- শব্দ আৰু অৰ্থ একত্ৰ - বি আৰ পাব্লিকেচন, ২০২২
অনুবাদ সাহিত্য
[সম্পাদনা কৰক]- মহাকবি কালিদাসৰ মেঘদূতম -সম্পূৰ্ণ অসমীয়া অনুবাদ - পাঞ্চজন্য প্ৰকাশন, ২০২০[2]
- মহাকবি কালিদাসৰ ৰঘুৱংশম্ (অনুবাদ ), শংকৰদেৱ প্ৰকাশন, ২০২৩
- মহাকবি কালিদাসৰ ঋতুসংহাৰম্ (অনুবাদ ), পূৰ্বায়ন প্ৰকাশন, ২০২৪
আৰু চাওক
[সম্পাদনা কৰক]উৎস
[সম্পাদনা কৰক]- ↑ দত্ত শইকীয়া কৌস্তুভমণি (২০২৫). মহাকবি কালিদাসৰ ঋতুসংহাৰম্. পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ১. ISBN 978-93-5860-577-8.
- ↑ "মহাকবি কালিদাসে ১৭শ বছৰ পূৰ্বে সংস্কৃত ভাষাত লিখি থৈ গৈছিল কাব্যগ্ৰন্থ ‘মেঘদূতম’।". প্ৰতিদিন টাইম. ৪ ডিচেম্বৰ ২০২২. https://www.facebook.com/pratidintime/videos/930272777937229/?app=fbl। আহৰণ কৰা হৈছে: ৫ মে'২০২৫.