ঋষব শেট্টী
| ঋষব শেট্টী Rishab Shetty | |
|---|---|
২০২৫ চনত ঋষব | |
| জন্ম | প্ৰশান্ত শেট্টী[1] ০৭ জুলাই, ১৯৮৩ (৪২ বছৰ) কেৰাড়ী, কৰ্ণাটক, ভাৰত[2] |
| শিক্ষানুষ্ঠান | বিজয়া মহাবিদ্যালয়, বাংগালোৰ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৬–বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী | প্ৰগতি শেট্টী (বি. ২০১৭) |
| সন্তান | ২ |
প্ৰশান্ত শ্বেট্টী (ইংৰাজী: Prashanth Shetty ; জন্ম: ৭ জুলাই ১৯৮৩),[3] পেছাগতভাৱে ঋষব শেট্টী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক যি প্ৰধানকৈ কানাড়া ভাষাৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰে।
শ্বেট্টীয়ে টুগলাক (২০১২) নামৰ ছবিখনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পিছত তেওঁ উলিদাভাৰু কাণ্ডান্তে (২০১৪) ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ৰিকি (২০১৬) নামৰ ছবিখনৰ সৈতে পৰিচালনাত অভিষেক ঘটায়। তেওঁৰ পৰৱৰ্তী পৰিচালনা হৈছে কিৰিক পাৰ্টি (২০১৬) যিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু তেওঁক শ্ৰেষ্ঠ পৰিচালকৰ বাবে ফিল্মফেয়াৰ বঁটা, আৰু শ্ৰেষ্ঠ পৰিচালকৰ বাবে চিআইএমএ বঁটা লাভ কৰে।
তাৰ পিছত তেওঁ বেল বটম (২০১৯), গৰুড় গমনা বৃষভা বাহানা (২০২১) আৰু কান্তাৰা (২০২২) ছবিত অভিনয় কৰে৷ তেওঁৰ দ্বাৰা নিৰ্দেশিত, সহ-লিখিত আৰু অভিনীত অন্তিমখন ছবি হৈছে কান্তাৰা-এ লিজেণ্ড চেপটাৰ ওৱান যিখন ছবিয়ে ২ অক্টোবৰ ২০২৫ তাৰিখে মুক্তিলাভ কৰে৷ ছবিখন বৰ্তমান সময়ত সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি,[4]২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি,[5] ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি[6] আৰু ইয়াৰ স্থান সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ তালিকাভুক্ত।[7]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৩ চনৰ ৭ জুলাইত কৰ্ণাটকৰ উডুপি জিলাৰ কুণ্ডাপুৰা তালুকৰ কেৰাড়ী গাঁৱত বুণ্ট পৰিয়ালত ঋষব শ্বেট্টীৰ জন্ম হয়।[8][9][10][11] কুণ্ডাপুৰাত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি পিছলৈ বেংগালুৰুৰ বিজয়া কলেজত যোগদান কৰি বি.কম অধ্যয়ন কৰে। বেংগালুৰুত অধ্যয়ন কৰি থাকোঁতে গৃহ চহৰত সক্ৰিয়ভাৱে যক্ষগণ নাট কৰি তেওঁ নাট্য যাত্ৰা আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল আৰু এই নাটকসমূহৰ সফলতাই তেওঁক অভিনয়ক পেছা হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল।[12]
কেৰিয়াৰ
[সম্পাদনা কৰক]স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শ্বেট্টীয়ে পানীৰ কেন্ বিক্ৰী, ৰিয়েল এষ্টেট বিক্ৰী, হোটেলত কাম কৰাৰ লগতে চিনেমাত চৰিত্ৰাভিনয়ৰ বাবেও চেষ্টা কৰি আছিল।[13][14] তেনেবোৰ চাকৰি কৰি থকাৰ সময়তে তেওঁ বাংগালুৰুৰ চৰকাৰী চলচ্চিত্ৰ আৰু টিভি প্ৰতিষ্ঠানৰ পৰা চলচ্চিত্ৰ পৰিচালনাৰ ডিপ্লমা লাভ কৰে।[15] তেওঁ ক্লেপ বয় হিচাপে, তাৰ পিছত স্পট বয় হিচাপে, তাৰ পিছত সহকাৰী পৰিচালক হিচাপে ছবি জগতত কাম কৰিবলৈ আৰম্ভ কৰে। ইণ্ডাষ্ট্ৰীত কাম কৰি থাকোঁতে তেওঁ ৰক্ষিত শ্বেট্টীক লগ পাইছিল৷ পিছলৈ তেওঁলোকৰ বন্ধুত্ব হৈছিল।
তেওঁৰ প্ৰথম গুৰুত্বপূৰ্ণ অভিনয় আছিল টুগলাক (২০১২)।[16] পৱন কুমাৰৰ লুচিয়া ছবিখনত তেওঁ আৰক্ষী বিষয়াৰ সৰু চৰিত্ৰত অভিনয় কৰিছিল আৰু তাৰ পিছত ৰক্ষিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত উলিদাভাৰু কন্দান্তেত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১৬ চনত ৰক্ষিত শ্বেট্টী অভিনীত তেওঁৰ পৰিচালনাৰ প্ৰথম ছবি ৰিকিয়ে বক্স অফিচত মজলীয়া সঁহাৰি লাভ কৰিছিল। সেই বছৰতে তেওঁ কিৰিক পাৰ্টি পৰিচালনা কৰিছিল, যিয়ে বক্স অফিচত হিট হৈছিল। ইয়াৰ পিছত শ্বেট্টীয়ে পৰিচালনা কৰিছিল চৰকাৰী হি. প্ৰা. ছালে, কাছাৰাগোডু৷ Koduge: Ramanna Rai নামৰ ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰা আৰু শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ৰমন্না ৰায়।
পৰৱৰ্তী সময়ত তেওঁ বেল বটম (২০১৯) ছবিত মুখ্য অভিনেতা হিচাপে অভিষেক ঘটায় যিয়ে সমাদৰ লাভ কৰে। ইয়াৰ পিছত ঋষব শ্বেট্টীৰ মুখ্য ভূমিকা আছিল গৰুড় গমনা বৃষভা বহানা (২০২১)৷ ঋষব শ্বেট্টী আৰু ইয়াৰ পৰিচালক ৰাজ বি শ্বেট্টীৰ অভিনয়ক সমালোচকসকলে বহুলভাৱে প্ৰশংসা কৰিছিল।[17]
ইয়াৰ পিছত তেওঁ মিছন ইম্পচিবল আৰু হৰিকথে আল্লা গিৰিকাথে (দুয়োখন ছবি ২০২২ চনত) দুখন ছবিত অভিনয় কৰে৷ প্ৰথমখন ছবি তেওঁৰ তেলেগু ছবিৰ আত্মপ্ৰকাশ। শ্বেট্টীয়ে তেওঁৰ পৰৱৰ্তী পৰিচালক কান্তাৰাৰ বাবে হোম্বলে ফিল্মছৰ সৈতে সহযোগিতা কৰে য'ত তেওঁ মুখ্য অভিনেতাও আছিল।[18] প্ৰথমতে ইয়াক কেৱল কানাড়া ভাষাতহে মুক্তি দিয়া হৈছিল আৰু পিছলৈ ইয়াক অন্য ভাষালৈ ডাব কৰা হৈছিল, যেতিয়া ছবিখনে সমালোচনাত্মক সফলতা লাভ কৰিছিল।[19] কান্তাৰা হৈছে বিশ্বৰ সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি। ২০২৩ চনৰ ৫৪ সংখ্যক আই এফ এফ আইত তেওঁ আই এফ এফ আইৰ বিশেষ জুৰী বঁটা লাভ কৰে।[20]
২০২৫ বৰ্ষত ঋষব শেট্টীৰ পৰিচালনা, অভিনয় আৰু সহ-লিখনেৰে কান্তাৰা: এ লেজেণ্ড-ছেপটাৰ ওৱান-এ মুক্তি লাভ কৰে৷ অক্টোবৰ মাহৰ ২ তাৰিখে মূল কানাড়া ভাষাৰ উপৰিও হিন্দী, তামিল, তেলেগু, আৰু মালয়ালম ভাষাত ছবিখন মুক্তি দিয়া হয়৷ ২০২২ চনত নিৰ্মিত ছবিখনৰ প্ৰিকুৱেল হিচাপে বিবেচিত হোৱা ছবিখন কম সময়ৰ ভিতৰতে কেইবাটাও অভিলেখৰ গৰাকী হয়৷ দ্বিতীয় সোমবাৰলৈকে ছবিখনে ৬৫০ কোটিৰ সীমা অতিক্ৰম কৰাৰ খবৰ ওলাইছে।[21] ছবিখন বৰ্তমান সময়ত সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি, ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি,২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি, আৰু ইয়াৰ স্থান সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ তালিকাভুক্ত।
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]

| ছবি | বঁটা | শিতান | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|
| কিৰিক পাৰ্টি | ২০১৬ কৰ্ণাটক চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ পৰিয়াল মনোৰঞ্জনকাৰী | বিজয়ী | [22] |
| ৬৪সংখ্যক ফিল্মফেয়াৰ বঁটা-দক্ষিণ | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | বিজয়ী | [23] | |
| দ্বিতীয় আইফা-উৎসৱম | শ্ৰেষ্ঠ পৰিচালক | মনোনীত | [24] | |
| ৬ষ্ঠ ছীমা বটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | বিজয়ী | [25] | |
| চৰকাৰী হি প্ৰ শালে, কাছাৰগোডু, কোডুগে: ৰমন্না ৰায় | ৬৬সংখ্যক ৰাষ্ট্ৰীয় ছবি বঁটা | শ্ৰেষ্ঠ শিশু ছবি | বিজয়ী | [26] |
| ২০১৮ কৰ্ণাটক চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ পৰিয়াল মনোৰঞ্জনকাৰী | বিজয়ী | [27] [28] | |
| ৬৬সংখ্যক ফিল্মফেয়াৰ বঁটা-দক্ষিণ | শ্ৰেষ্ঠ ছবি-কানাড়া | মনোনীত | [29] [30] | |
| শ্ৰেষ্ঠ পৰিচালক-কানাড়া | মনোনীত | |||
| ৮ম ছীমা বটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | মনোনীত | [31] [32] | |
| শ্ৰেষ্ঠ ছবি-কানাড়া | মনোনীত | |||
| গৰুদ গমন বৃষভা বহান | ১০ম ছীমা বঁটা | শ্ৰেষ্ঠ অভিনেতা-কানাড়া | মনোনীত | [33] |
| ৬৭সংখ্যক ফিল্মফেয়াৰ দক্ষিণ বঁটা | শ্ৰেষ্ঠ অভিনেতা-কানাড়া | মনোনীত | [34] | |
| কান্তাৰা | ৫৪সংখ্যক আইফা বঁটা | বিচাৰকৰ বিশেষ বঁটা-IFFI | বিজয়ী | [35] |
| ১১শ ছীমা বঁটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | বিজয়ী | [36] | |
| Best Actor (Critics) | বিজয়ী | |||
| ৬৮সংখ্যক ফিল্মফেয়াৰ দক্ষিণ বঁটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | মনোনীত | [37] | |
| শ্ৰেষ্ঠ অভিনেতা-কানাড়া | বিজয়ী | |||
| ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেতা | বিজয়ী | [38] | |
| স্বাস্থ্যকৰ মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবি | বিজয়ী | |||
| ছিলভাৰ লটাছ বঁটা | শ্ৰেষ্ঠ অভিনেতা-কানাড়া | বিজয়ী | [8] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Do You Know The Real Name of Kantara Fame Rishab Shetty?". 18 October 2022. https://www.news18.com/news/movies/do-you-know-the-real-name-of-kantara-fame-rishab-shetty-6166129.html.
- ↑ "From supplying water cans to acting in 'Bell Bottom': Rishab Shetty speaks to TNM". 21 February 2019. https://www.thenewsminute.com/article/supplying-water-cans-acting-bell-bottom-rishab-shetty-speaks-tnm-97097। আহৰণ কৰা হৈছে: 26 December 2019.
- ↑ "Do You Know The Real Name of Kantara Fame Rishab Shetty?". 18 October 2022. https://www.news18.com/news/movies/do-you-know-the-real-name-of-kantara-fame-rishab-shetty-6166129.html। আহৰণ কৰা হৈছে: 24 October 2022.
- ↑ Kaur, Arshdeep (2025-10-08). "Kantara Chapter 1 Box Office Day 7: Rishab Shetty's movie earns ₹400+ cr, becomes 2nd highest-grossing Kannada film". mint. https://www.livemint.com/entertainment/kantara-chapter-1-box-office-day-7-rishab-shettys-movie-earns-rs-400-cr-becomes-2nd-highest-grossing-kannada-film-11759925439312.html। আহৰণ কৰা হৈছে: 2025-10-11.
- ↑ "Kantara Chapter 1 box office collection day 10: Rishab Shetty's film is unstoppable, inches closer to ₹400 crore" (en ভাষাত). Hindustan Times. 2025-10-11. https://www.hindustantimes.com/entertainment/others/kantara-chapter-1-box-office-collection-day-10-rishab-shettys-film-is-unstoppable-inches-closer-to-400-crore-101760193650034.html। আহৰণ কৰা হৈছে: 2025-10-11.
- ↑ "Kantara Chapter 1 Box Office Collection Day 11: Rishab Shetty's Film Shoots Past Rs 400 Crore Mark, Beats Baahubali 1 In India" (en ভাষাত). NDTV. 2025-10-13. https://www.ndtv.com/entertainment/kantara-chapter-1-box-office-collection-day-11-rishab-shettys-film-shoots-past-rs-400-crore-mark-beats-baahubali-1-in-india-9443792/amp/1। আহৰণ কৰা হৈছে: 2025-10-13.
- ↑ "Rishab Shetty’s ‘Kantara: A Legend Chapter 1’ beats Prabhas’s ‘ Bahubali- The Beginning’ to become 12th biggest hit of Indian Cinema" (en ভাষাত). Hindustan Times. 2025-10-13. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/box-office/rishab-shettys-kantara-a-legend-chapter-1-beats-prabhass-bahubali-the-beginning-to-become-12th-biggest-hit-of-indian-cinema/amp_articleshow/124517984.cms। আহৰণ কৰা হৈছে: 2025-10-13.
- ↑ 8.0 8.1 "From supplying water cans to acting in 'Bell Bottom': Rishab Shetty speaks to TNM". 21 February 2019. https://www.thenewsminute.com/article/supplying-water-cans-acting-bell-bottom-rishab-shetty-speaks-tnm-97097। আহৰণ কৰা হৈছে: 26 December 2019.
- ↑ "INTERVIEW | Rishab Shetty: 'I believe in the practice and I have portrayed it'". 17 November 2022. https://frontline.thehindu.com/arts-and-culture/cinema/the-kantara-phenomenon-interview-rishab-shetty-i-believe-in-the-practice-and-i-have-portrayed-it/article66128111.ece/.
- ↑ "Kantara Rishab Shetty felicitated by Sharjah Karnataka Sangha and UAE Bunts community". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/kantara-rishab-shetty-felicitated-by-sharjah-karnataka-sangha-and-uae-bunts-community/articleshow/95576795.cms.
- ↑ "Rishab and Pragathi Shetty's glitzy Bunt wedding". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/rishab-and-pragathi-shettys-glitzy-bunt-wedding/articleshow/57086546.cms.
- ↑ Shenoy, Sanjana (2022-11-07). "Kantara Actor-Director Rishab Shetty Says He Sold Water Bottles & Tea Powder To Make Ends Meet" (en-US ভাষাত). Curly Tales. https://curlytales.com/kantara-actor-director-rishab-shetty-says-he-sold-water-bottles-tea-powder-to-make-ends-meet/। আহৰণ কৰা হৈছে: 2022-11-15.
- ↑ "Meet the 3 Shettys changing Kannada cinema". https://www.thehindu.com/entertainment/movies/rakshit-rishab-and-raj-meet-the-three-shettys-changing-kannada-cinema/article38112176.ece.
- ↑ "Kantara fame Rishab Shetty on his struggle in the Kannada industry". 21 Oct 2022. https://www.timesnownews.com/entertainment-news/kantara-fame-rishab-shetty-on-his-struggle-in-the-kannada-industry-background-nahi-hai-chance-nahi-milega-article-95018411.
- ↑ Sharadhaa, A (16 January 2016). "Making Ricky". The Indian Express. http://www.newindianexpress.com/entertainment/kannada/Making-Ricky/2016/01/16/article3229349.ece.
- ↑ Rao, Subha J. (4 January 2022). "Meet the 3 Shettys changing Kannada cinema". The Hindu. https://www.thehindu.com/entertainment/movies/rakshit-rishab-and-raj-meet-the-three-shettys-changing-kannada-cinema/article38112176.ece.
- ↑ "If you liked Rishab Shetty in 'Kantara', watch his 7 best and highest-rated movies, per IMDb on ZEE5, Voot and more" (en-IN ভাষাত). GQ India. 2022-10-20. https://www.gqindia.com/binge-watch/collection/liked-rishab-shettys-performance-kantara-7-highly-rated-films-kannada-actor-can-watch-zee5-voot/। আহৰণ কৰা হৈছে: 2022-11-15.
- ↑ "Kantara box office collection: Rishab Shetty's film overtakes Kiccha Sudeep's Vikrant Rona, is now third-highest grossing Kannada film ever". 20 October 2022. https://indianexpress.com/article/entertainment/regional/kantara-box-office-collection-rishab-shetty-vikrant-rona-8219995/। আহৰণ কৰা হৈছে: 24 October 2022.
- ↑ "Rishab Shetty's 'Kantara' to release in multiple languages - Times of India". 5 October 2022. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/rishab-shettys-kantara-to-release-in-multiple-languages/articleshow/94659820.cms.
- ↑ "Winners at IFFI54". Press Information Bureau. 29 November 2023. https://pib.gov.in/PressReleseDetailm.aspx?PRID=1980531.
- ↑ "Rishab Shetty shot Kantara Chapter 1 climax with ‘swollen leg, exhausted body’. See BTS pics". Hindustan Times. 13 October 2025. https://www.hindustantimes.com/entertainment/others/rishab-shetty-shot-kantara-chapter-1-climax-with-swollen-leg-exhausted-body-see-bts-pics-101760352641912.html.
- ↑ "Karnataka State Film Award Winners for 2016". The Times of India. 11 April 2017. http://timesofindia.indiatimes.com/entertainment/kannada/movies/news/karnataka-state-film-award-winners-for-2016/articleshow/58130032.cms। আহৰণ কৰা হৈছে: 30 June 2020.
- ↑ "64th Filmfare Awards 2017 South: Kirik Party is the big winner of the night". The Times of India. 19 June 2017. http://timesofindia.indiatimes.com/entertainment/kannada/movies/news/filmfare-awards-kirik-party-is-the-big-winner-of-the-night/articleshow/59201196.cms.
- ↑ "IIFA Utsavam 2017 (2016) Kannada Full Show, Nominees & Winners". Updatebro.com. http://updatebro.com/iifa-utsavam-full-show-kannada-winners/। আহৰণ কৰা হৈছে: 3 April 2017.
- ↑ "SIIMA 2017 Kannada winners list — idlebrain.com news". Idlebrain. http://www.idlebrain.com/news/today/siima-2017awards-kannada.html। আহৰণ কৰা হৈছে: 30 June 2020.
- ↑ "66th National Film Awards" (Press release). Directorate of Film Festivals. https://dff.gov.in/images/News/66th_NFA_Results.pdf। আহৰণ কৰা হৈছে: 11 August 2019.
- ↑ "KARNATAKA STATE FILM AWARDS 2018: RAGHAVENDRA RAJKUMAR AND MEGHANA RAJ BAG TOP HONOURS; CHECK OUT ALL WINNERS". bangalore mirror. 10 January 2020. https://bangaloremirror.indiatimes.com/entertainment/south-masala/karnataka-state-film-awards-2018-raghavendra-rajkumar-and-meghana-raj-bag-top-honours-check-out-all-winners/articleshow/73186197.cms। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ "Karnataka State Film Awards 2018: Raghavendra Rajkumar and Meghana Raj Bag Top Honours". News18. 10 January 2020. https://www.news18.com/news/movies/karnataka-state-film-awards-2018-raghavendra-rajkumar-and-meghana-raj-bag-top-honours-2453763.html। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ "Nominations for the 66th Filmfare Awards (South) 2019". Filmfare. 13 December 2019. https://www.filmfare.com/features/nominations-for-the-66th-filmfare-awards-south-2019_-37931.html। আহৰণ কৰা হৈছে: 13 December 2019.
- ↑ "Winners of the 66th Filmfare Awards (South) 2019". Filmfare. https://www.filmfare.com/news/bollywood/winners-of-the-66th-filmfare-awards-south-2019_-38163.html। আহৰণ কৰা হৈছে: 22 December 2019.
- ↑ "SIIMA Awards 2019: Here's a complete list of nominees". The Times of India. 19 July 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/siima-awards-2019-heres-a-complete-list-of-nominees/articleshow/70287216.cms। আহৰণ কৰা হৈছে: 30 June 2020.
- ↑ "SIIMA Awards 2019 full winners list". Times Now. 17 August 2019. https://www.timesnownews.com/entertainment/south-gossip/article/siima-awards-2019-full-winners-list-vijay-deverakonda-keerthy-suresh-yash-win-big/470065। আহৰণ কৰা হৈছে: 19 January 2020.
- ↑ "SIIMA WINNER'S 2022". https://siima.in/index.php/awards-2022/। আহৰণ কৰা হৈছে: 21 October 2022.
- ↑ "67th Parle Filmfare Awards South 2022 with Kamar Film Factory". Filmfare. https://www.filmfare.com/awards/filmfare-awards-south-2022/kannada/nominations। আহৰণ কৰা হৈছে: 18 October 2022.
- ↑ "Winners at IFFI54". Press Information Bureau. 29 November 2023. https://pib.gov.in/PressReleseDetailm.aspx?PRID=1980531.
- ↑ "SIIMA WINNER'S 2023". https://siima.in/index.php/awards-2022/। আহৰণ কৰা হৈছে: 21 October 2022.
- ↑ "67th Parle Filmfare Awards South 2022 with Kamar Film Factory". Filmfare. https://www.filmfare.com/awards/filmfare-awards-south-2022/kannada/nominations। আহৰণ কৰা হৈছে: 18 October 2022.
- ↑ Desk, DH Web. "National Film Awards Live: Kannada cinema shines bright as KGF 2, Kantara bag wins, Rishab Shetty gets best actor prize" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/entertainment/national-film-awards-live-updates-entertainment-news-kantara-12th-fail-vikrant-massey-mammootty-rishab-shetty-3152662। আহৰণ কৰা হৈছে: 2024-08-16.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ঋষব শেট্টী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ঋষব শেট্টী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।