সমললৈ যাওক

ঋষি কিন্দম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰজা পাণ্ডুৱে কিন্দমক কাঁড় মৰাৰ দৃশ্য

ঋষি কিন্দম (সংস্কৃত: किन्दम) হিন্দু মহাকাব্য মহাভাৰতত উল্লেখ কৰা এজন ঋষি।[1]

কিংবদন্তি

[সম্পাদনা কৰক]

এবাৰ কিন্দম ঋষি আৰু তেওঁৰ পত্নীয়ে হৰিণ আৰু হৰিণীৰ ৰূপ ধৰি সংগম কৰি আছিল। তাত চিকাৰ কৰি থকা হস্তিনাপুৰাৰ ৰজা পাণ্ডুৱে তেওঁলোকক হৰিণ বুলি ভুল কৰি কাঁড় মাৰি প্ৰাণঘাতী আঘাত কৰে। ক্ৰোধিত কিন্দমে নিজৰ প্ৰকৃত ৰূপ ধাৰণ কৰে, আৰু ৰজাক তিৰস্কাৰ কৰিলে যে, তেওঁ সংগমৰ কাৰ্য শেষ কৰাৰ আগতেই তেওঁক হত্যাৰ উদ্দেশ্যে আঘাত কৰিছিল। সেয়ে মৃত্যুৰ আগতে কিন্দমে পাণ্ডুক অভিশাপ দিছিল যে প্ৰেম-কামনাৰ উদ্দেশ্যেৰে পত্নীক স্পৰ্শ কৰাৰ লগে লগে তেওঁৰো মৃত্যু হ’ব।[2][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2017-01-21). "Kindama: 2 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/kindama#hinduism আহৰণ কৰা হৈছে: 2022-11-01.
  2. Uberoi, Meera (1996). The Mahabharata. ISBN 9788170702313.
  3. Pattanaik, Devdutt (2000). The goddess in India: the five faces of the eternal feminine. প্ৰকাশক Rochester, Vt: Inner Traditions International. ISBN 9780892818075.