এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৮৩২ চনত টিয়েৰা ডেল ফুয়েগোত লংগৰ টনা সময়ত বিগল জাহাজ; জাহাজৰ নক্সাকাৰ কনৰাড মাৰ্টিনছৰ ছবি

এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা (ইংৰাজী: Second voyage of HMS Beagle) আছিল কেপ্টেইন ৰবাৰ্ট ফিটজৰয়ৰ নেতৃত্বত হোৱা বিগল জাহাজৰ দ্বিতীয়টো সমুদ্ৰযাত্ৰা। এই যাত্ৰাটো ১৮৩১ চনৰ ২৭ ডিচেম্বৰত আৰম্ভ হৈ ১৮৩৬ চনৰ ২ অক্টোবৰত শেষ হৈছিল। প্ৰথমটো সমুদ্ৰযাত্ৰাৰ কেপ্টেইন প্ৰিংগল ষ্ট্ৰোকছৰ আত্মহত্যাৰ পিছত ৰবাৰ্ট ফিটজৰয়ে দ্বিতীয়টো জৰীপমূলক অভিযানৰ নেতৃত্ব লৈছিল। জাহাজত এগৰাকী ভূতত্ত্ববিশেষজ্ঞ থকাৰ সুফলৰ বিষয়ে ফিটজৰয়ে আগতীয়াকৈয়ে ভাবিছিল, লগতে জাহাজত অতিৰিক্তভাৱে এগৰাকী প্ৰকৃতিবিদৰ সংগও বিচাৰিছিল। আনহাতে ২২ বছৰ বয়সত, স্নাতক চাৰ্লছ ডাৰউইন-এ গীৰ্জাৰ পাদুৰী হোৱাৰ পূৰ্বে ক্ৰান্তীয় অঞ্চল পৰিভ্ৰমণৰ প্ৰত্যাশা পুহি ৰাখিছিল। সেইকাৰণে তেওঁ এই বিশেষ সুযোগটো গ্ৰহণ কৰি ৰবাৰ্ট ফিটজৰয়ৰ সংগী হ'ল। সমুদ্ৰযাত্ৰাৰ সময়ৰ ডাৰুউইনে চাৰ্লছ লেইলৰ "প্ৰিন্সিপলছ অৱ জিঅ'লজি"খন পঢ়ি বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল। অভিযানটোৰ শেষত ডাৰউইনে এগৰাকী ভূতত্ত্ববিদ আৰু জীৱাশ্ম সংগ্ৰাহক হিচাপে স্বীকৃতি লাভ কৰিছিল। তাৰ লগতে তেওঁৰ দিনপঞ্জীখনৰ প্ৰকাশেও লেখক হিচাপে তেওঁলৈ খ্যাতি কঢ়িয়াই আনিছিল। প্ৰকাশিত দিনপঞ্জীখনৰ নাম আছিল-দ্য ভয়েজ অৱ দ্য বিগল

বিগলে আটলাণ্টিক মহাসাগৰৰ মাজেৰে যাত্ৰা কৰি দক্ষিণ আমেৰিকাৰ দক্ষিণাংশৰ উপকূলীয় অঞ্চলৰ সূক্ষ্মাতিসূক্ষ্ম "জলৰেখা পৰ্যবেক্ষণ" কৰিছিল। জলপথেৰে পৃথিৱীখন পৰিভ্ৰমণ কৰি তেওঁলোক টাহিটি আৰু অষ্ট্ৰেলিয়া হৈ উভতি আহিছিল। অভিযানটো দুবছৰীয়া হোৱা কথা আছিল যদিও প্ৰায় পাঁচটা বছৰ ধৰি তেওঁলোকে সমুদ্ৰযাত্ৰা কৰি আছিল। ডাৰউইনে বেছিভাগ সময়েই ভূভাগৰ অন্বেষণ কৰিয়েই কটাইছিল। তেওঁ তিনি বছৰ তিনিটা মাহ মাটিত আছিল আৰু ডেৰ বছৰ সাগৰত আছিল।[1]

সমুদ্ৰযাত্ৰা[সম্পাদনা কৰক]

বিগলৰ সমুদ্ৰযাত্ৰা

১৮৩১ চনৰ ছেপ্টেম্বৰৰ শেষৰফালে যাত্ৰা আৰম্ভ হ'ব বুলি ডাৰউইনক কোৱা হৈছিল। পিছে যাত্ৰাৰ প্ৰস্তুতিপৰ্বত অতিৰিক্ত সময় খৰচ হ'ল।[2]নৌসেনা বিভাগৰ নিৰ্দেশাৱলী আহি পালে ১৪ নৱেম্বৰত। ২৩ নৱেম্বৰত জাহাজখন লংগৰ বিন্দুত উপস্থিত হ'ল। যাত্ৰাৰ বাবে তেওঁলোক সাজু হ'ল। কিন্তু পশ্চিমীয়া বতাহৰ পুনৰাবৃত্তিয়ে পুনৰ যাত্ৰা বিলম্ব কৰিলে। ১০ আৰু ২১ ডিচেম্বৰত তেওঁলোক দুবাৰকৈ উভতি আহিব লগা হ'ল। বৰদিনৰ আনন্দ-যাপনত আৰু এটা দিন ক্ষতি হ'ল। অৱশেষত ২৭ ডিচেম্বৰৰ পুৱাতেই বিগল জাহাজে প্লাইমাউড ছাউণ্ডৰ পশ্চিমত অৱস্থিত মাউণ্ট এজকুম্বেৰ বাৰ্ণ পুলত লংগৰ এৰি যাত্ৰাৰম্ভ কৰিলে।[3]

আটলাণ্টিক দ্বীপপুঞ্জ[সম্পাদনা কৰক]

বিগলে ৬ জানুৱাৰীত কানাৰী দ্বীপপুঞ্জৰ টেনেৰিফে স্পৰ্শ কৰে কিন্তু ইংলেণ্ডকলেৰা ৰোগ হৈ থকা বাবে তাতে তেওঁলোক "কোৱাৰেণ্টাইন"ত থাকিবলগা হয়। ডাৰউইনৰ প্ৰবল ইচ্ছাসত্ত্বেও ছাণ্টা ক্ৰুজত তেওঁলোকক থামিবলৈ দিয়া নহ'ল। ১০ জানুৱাৰীত ডাৰউইনে জাহাজৰ পিছপিনে এখন প্লেংকটন জাল সংযুক্ত কৰিবলৈ চেষ্টা কৰিলে। পিছদিনা তেওঁ দূৰৈৰ ভূভাগৰ পৰা আগমন ঘটা বহুতো জীৱ দেখা পাই এইবুলি মন্তব্য লিখিলে যে-"Many of these creatures so low in the scale of nature are most exquisite in their forms & rich colours. — It creates a feeling of wonder that so much beauty should be apparently created for such little purpose."[4]

ছদিনৰ পিছত তেওঁলোকে কেপে ভাৰ্ডে দ্বীপপুঞ্জৰ ছেণ্টিঅ'গোৰ আগ্নেয় নদীদ্বীপ (প্ৰেইয়াত) প্ৰথমটো অৱতৰণ কৰিলে। ইয়াৰপৰাই ডাৰউইনে তেওঁৰ সমুদ্ৰযাত্ৰাৰ দীনপঞ্জী (ভয়েজ অৱ দ্য বিগল) লিখিবলৈ আৰম্ভ কৰিছিল।[5] তেওঁ প্ৰথমৱাস্থাত আগ্নেয় দ্বীপটোক নিৰ্জন আৰু জনপ্ৰাণীহীন বুলি ভাবিছিল; কিন্তু চহৰ ভ্ৰমণ কৰি এটা দ উপত্যকা ঘূৰাৰ পাছত তেওঁ "প্ৰথমবাৰৰ বাবে ক্ৰান্তীয় গছগছনিৰ উজ্জ্বলতা দেখিবলৈ পালে", ("first saw the glory of tropical vegetation") আৰু তেওঁ এটা "উজ্জ্বল দিন" কটালে, (and had "a glorious day")। দৃশ্য আৰু শ্ৰাব্য-দুয়োটা অভিজ্ঞতাতেই তেওঁ অভূতপূৰ্ব নতুনত্ব দেখা পাইছিল। জাহাজৰ কেপ্টেইন ফিটজৰয়ে টেণ্ট সাজিলে আৰু কুৱেইল নদীদ্বীপত এটা পৰ্যবেক্ষণাগাৰ সাজিলে যাতে তেওঁ দ্বীপপুঞ্জটোৰ সঠিক অৱস্থান জানিব পাৰে। আনহাতে ডাৰউইনে অনেক সাগৰীয় জন্তু সংগ্ৰহ কৰিলে। তদুপৰি কুৱেইল নদীদ্বীপৰ ভূতত্ত্বৰো অনুসন্ধান কৰিলে।[6]

দক্ষিণ আমেৰিকাৰ জৰীপ[সম্পাদনা কৰক]

দক্ষিণ আমেৰিকাত, বিগলে পুঙ্খানুপুঙ্খ জৰীপ চলাবলৈ চেষ্টা কৰে আৰু উপকূলটোৰ কেউকাষে পুনৰীক্ষণ আৰু সাৱধানী জোখ-মাখ লয়৷ সহযাত্ৰীসকলৰ লগত ডাৰউইনে স্থানীয় এলেকা পৰিদৰ্শন কৰে৷ তেওঁ অধিকাংশ সময়েই জাহাজৰ পৰা আঁতৰত থাকে৷ ডাৰউইনে এটা কথাত নিশ্চিতি দিছিল যে-তেওঁ সংগ্ৰহ কৰা বস্তুবোৰ কেৱল তেওঁৰেই৷ আৰু এই সংগ্ৰহবোৰ কেমব্ৰিজত থকা জন ষ্টিভেনছ হেন্সলৌলৈ প্ৰেৰণ কৰা হ'ব, আৰু তেওঁ ডাৰউইনলৈ অপেক্ষা কৰিব৷ জাহাজত থকা ফিটজৰয়কে ধৰি বাকীসকলো দক্ষ প্ৰকৃতিবিদ আছিল আৰু তেওঁলোকে ডাৰউইনক বিভিন্ন বস্তু সংগ্ৰহত সহযোগিতা আগবঢ়াইছিল৷[7]

জীৱাশ্ম সন্ধান[সম্পাদনা কৰক]

১৮৩২ চনৰ ২৬ জুলাইত বিগলে "মণ্টেভিডিঅ'" স্পৰ্শ কৰে আৰু কাল-নিৰূপক যন্ত্ৰ ক্ৰনোমিটাৰৰ বাবে পৰ্যবেক্ষণ কৰে৷ "বুয়েনছ এয়াৰ্ছ"ৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও সেইয়া ব্যৰ্থ প্ৰতিপন্ন হয়৷ ২২ আগষ্টৰ পৰা বিগলে আৰ্জেণ্টিনাৰ "কেপ চেন এণ্টনিঅ'ৰ পৰা জৰীপ-কাৰ্য আৰম্ভ কৰে৷ [8]

টিয়েৰা ডেল ফিয়েগো[সম্পাদনা কৰক]

গালাপাগোচ দ্বীপপুঞ্জ[সম্পাদনা কৰক]

ওভতনি[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Browne & Neve 1989, পৃষ্ঠা 16
  2. "Darwin Correspondence Project – Letter 106 — Peacock, George to Darwin, C. R., (26? Aug 1831)". http://www.darwinproject.ac.uk/darwinletters/calendar/entry-106.html। আহৰণ কৰা হৈছে: 2009-01-28. 
  3. Keynes 2001, পৃষ্ঠা 4–17.
    FitzRoy 1839, পৃষ্ঠা 42.
  4. Keynes 2001, পৃষ্ঠা 19–22
  5. Darwin 1839, পৃষ্ঠা 1–7.
  6. Keynes 2001, পৃষ্ঠা 22–26
  7. Browne & Neve 1989, পৃষ্ঠা 11–17
  8. FitzRoy 1839, পৃষ্ঠা 94–97.