সমললৈ যাওক

এইচ. এছ. মুক্তায়াক্কা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এইচ. এছ. মুক্তায়াক্কা
ধৰণ কবিতা, লেখক
বিষয় সাহিত্য

এইচ. এছ. মুক্তায়াক্কা (ইংৰাজী: H. S. Mukthayakka) কন্নড় ভাষাৰ এগৰাকী লেখিকা। তেওঁ কন্নড় সাহিত্যত আধুনিক মহিলা কবিতাৰ এগৰাকী অগ্ৰণী শিল্পী। তেওঁ প্ৰয়াত কবি শান্তৰসৰ কন্যা। কৰ্ণাটকৰ ৰায়চুৰ জিলাৰ নিৱাসী মুক্তায়াক্কাই এখন মহিলা মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে কাম কৰিছিল আৰু অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান কৰ্ণাটকৰ ৰায়চুৰ জিলাতে বাস কৰে।

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

১৯৮০ চনৰ দশকত কন্নড় সাহিত্যৰ মহিলা কবিসকলে তেওঁলোকৰ সাহিত্যিক ৰচনাসমূহৰ জৰিয়তে নিজকে মুক্তভাৱে প্ৰকাশ কৰা নাছিল। সেই সময়তে মুক্তায়াক্কাই তেওঁৰ প্ৰথমটো ৰোমাণ্টিক কবিতা সংকলন নানু মত্তু আৱানু প্ৰকাশ কৰিছিল।

এইচ. এছ. মুক্তায়াক্কাৰ কবিতাসমূহ ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছে আৰু সেইবোৰ দ্য পেংগুইন এনথ’লজী অৱ কণ্টেম্পৰাৰী ইণ্ডিয়ান ৱমেন পয়েটছ[1] আৰু ইণ্ডিয়ান লাভ পয়েমছত[2] স্থান পাইছে।

তেওঁৰ কবিতাসমূহ স্পেনিছ, ইংৰাজী, মাৰাঠী, তেলেগু, তামিল আৰু মালয়ালমকে ধৰি বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। তেওঁৰ এখন কাব্যগ্ৰন্থৰ বাবে তেওঁক ‘কবিতাৰ বাবে কৰ্ণাটক সাহিত্য অকাডেমি বঁটা’ প্ৰদান কৰা হৈছিল।

উৰ্দু ভাষাৰ এক সমৃদ্ধ ধাৰা ‘গজল’ক প্ৰথমে প্ৰখ্যাত কন্নড় কবি প্ৰয়াত শান্তৰসৰদ্বাৰা কন্নড় সাহিত্যলৈ অনা হৈছিল। পিতৃৰ খোজ অনুসৰণ কৰি মুক্তায়াক্কাই কন্নড় ভাষাত কেইবাখনো সুন্দৰ প্ৰেমৰ গজল ৰচনা কৰিছে। কন্নড় ভাষাত লিখা প্ৰথমখন গজল পুথি নালৱাট্টু গজলুগালু প্ৰকাশ কৰি তেওঁ কন্নড় সাহিত্য জগতত ইতিহাস সৃষ্টি কৰিছিল। তেওঁৰ প্ৰথমখন গজল গ্ৰন্থক এই ধাৰাটোৰ প্ৰতি আগ্ৰহীসকলৰ বাবে পথ-প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। তেওঁৰ বিভিন্ন গজলসমূহ গজলৰ ৰূপ আৰু কৌশলৰ নিদৰ্শন হিচাপে ব্যৱহাৰ কৰা হয়, যিয়ে কন্নড় ভাষাত গজল শিকাৰ ক্ষেত্ৰত সহায় কৰে। মুক্তায়াক্কা আৰু তেওঁৰ পিতৃ কন্নড় সাহিত্যত গজল ধাৰাৰ পথ-প্ৰদৰ্শক।

এইচ. এছ. মুক্তায়াক্কা এটা কাৰ্যকালৰ বাবে কৰ্ণাটক সাহিত্য অকাডেমিৰ সদস্য আছিল। গুলবৰ্গা, ধাৰৱাড় আৰু বিজয়পুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মুক্তায়াক্কাৰ কৰ্মৰাজিৰ ওপৰত গৱেষণা পত্ৰ আৰু এম.ফিল (M.Phil) ডিগ্ৰী সম্পূৰ্ণ কৰিছে। এম.এ (M.A) পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁৰ গজল আৰু কবিতাসমূহক অধ্যয়নৰ অন্যতম মুখ্য বিষয় হিচাপে নিৰ্বাচন কৰিছে।

মুক্তায়াক্কাৰ কবিতাসমূহ গুলবৰ্গা, বিজয়পুৰ, বাংগালুৰু, মহীশূৰ, মাংগালোৰ, দ্ৰাৱিড়িয়ান বিশ্ববিদ্যালয়ৰ প্ৰাক-স্নাতক (P.U.C) পৰা স্নাতকোত্তৰ ডিগ্ৰী পৰ্যায়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ উচ্চ বিদ্যালয়ৰ পাঠ্যক্ৰমতো তেওঁৰ কবিতা স্থান পাইছে। তেওঁৰ সাহিত্যিক কৃতিসমূহৰ ভিতৰত পাঁচখন কবিতা সংকলন, তিনিখন গজল কবিতা সংকলন, পাঁচখন গদ্য সংকলন, এখন গজল সমগ্ৰ আৰু এখন দ্বিপদী (couplets) সংকলন উল্লেখযোগ্য।

সাহিত্যিক কৰ্ম

[সম্পাদনা কৰক]

কবিতা সংকলন

[সম্পাদনা কৰক]
  • নানু মত্তু আৱানু
  • নীৱু কানিৰে নীৱু কানিৰে
  • কভি কভি
  • তনহাই [3]
  • নীনগাগি বাৰেদা কবিতাগালু [4]

গজল কবিতা

[সম্পাদনা কৰক]
  • নালৱাট্টু গজলুগালু
  • মুৱাট্টাইডু গজলুগালু
  • নালৱাট্টিডু গজলুগালু
  • মেই অউৰ মেৰে লমহে (মুক্তায়াক্কাৰ সমগ্ৰ গজল কবিতাৰ সংকলন) [5]
  • শিৱশৰণী মুক্তায়াক্কা (শিশুৰ বাবে)
  • ধক্কেয়া বোম্মন্না (গৱেষণা ধৰ্মী গ্ৰন্থ)
  • কন্নড় সাহিত্যদাল্লি স্ত্ৰী সংবেদনগালু
  • আপ্পা (সম্পাদিত গ্ৰন্থ) [6]
  • মাদিৰেয়া নাদিনাল্লি (ভ্ৰমণ-কাহিনী)

দ্বিপদী

[সম্পাদনা কৰক]
  • আৱানু মধু চাৱু (দ্বিপদী সংকলন)[7]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • কৰ্ণাটক সাহিত্য অকাডেমি বঁটা (কবিতাৰ বাবে)
  • কৰ্ণাটক সাহিত্য অকাডেমিৰ বিশেষ গৌৰৱ বঁটা
  • কন্নড় সাহিত্য পৰিষদৰ মল্লিকা বঁটা
  • ধাৰৱাড় বিদ্যাবৰ্ধক সংঘৰ মাতৃশ্ৰী ৰত্নম্মা হেগেড়ে বঁটা
  • গদগৰ কলা পৰিষদৰ বঁটা
  • সেদমৰ আম্মা বঁটা
  • গুলবৰ্গা বিশ্ববিদ্যালয়ৰ ৰাজ্যোৎসৱ বঁটা
  • এছ. আৰ. পাটিল প্ৰতিষ্ঠানৰ শ্ৰীমতী মাণিক্যম্মা বঁটা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Zide, Arlene R. K. (1993) (en ভাষাত). In Their Own Voice: The Penguin Anthology of Contemporary Indian Women Poets. Penguin Books. ISBN 978-0-14-015643-0. https://books.google.com/books?id=3-tjAAAAMAAJ&q=h.+s.+mukthayakka.
  2. ↑ "Indian Love Poems: 9781400042258 | PenguinRandomHouse.com: Books" (en-US ভাষাত). PenguinRandomhouse.com. https://www.penguinrandomhouse.com/books/1968/indian-love-poems-by-edited-by-meena-alexander/। আহৰণ কৰা হৈছে: 2023-02-22.
  3. ↑ "ಅವಲೋಕನ: ಭಾವತೀವ್ರತೆಯ ನುಡಿಚಿತ್ರಗಳು" (en ভাষাত). Prajavani. 2021-08-15. https://www.prajavani.net/artculture/book-review/book-review-mukthayakka-857779.html। আহৰণ কৰা হৈছে: 2023-02-22.
  4. ↑ "ಪುಸ್ತಕ ವಿಮರ್ಶೆ | ಬದುಕಿನ ಪೂರ್ಣತೆಗೆ ಹಂಬಲಿಸುವ ಕವಿತೆಗಳು" (en ভাষাত). Prajavani. 2022-11-27. https://www.prajavani.net/artculture/book-review/love-poetry-ninagagi-bareda-kavithegalu-book-review-992002.html। আহৰণ কৰা হৈছে: 2023-02-22.
  5. ↑ "ಶಾಶ್ವತತೆಗೆ ಹಂಬಲಿಸುವ 'ಘಳಿಗೆಯ ಸ್ಮಾರಕ'ಗಳು!" (en ভাষাত). Prajavani. 2022-06-26. https://www.prajavani.net/artculture/book-review/kannada-literature-book-review-948845.html। আহৰণ কৰা হৈছে: 2023-02-22.
  6. ↑ "ಎಚ್.ಎಸ್.ಮುಕ್ತಾಯಕ್ಕ" (kn ভাষাত). ಪುಸ್ತಕ ಪ್ರೀತಿ. https://pusthakapreethi.wordpress.com/tag/%e0%b2%8e%e0%b2%9a%e0%b3%8d%e0%b2%8e%e0%b2%b8%e0%b3%8d%e0%b2%ae%e0%b3%81%e0%b2%95%e0%b3%8d%e0%b2%a4%e0%b2%be%e0%b2%af%e0%b2%95%e0%b3%8d%e0%b2%95/। আহৰণ কৰা হৈছে: 2023-02-22.
  7. ↑ "ಕರೆವಲ್ಲಿಯೇ ತೊರೆವ ಇಚ್ಛೆಯೂ ಇದೆ!" (en ভাষাত). Prajavani. 2015-07-05. https://www.prajavani.net/article/%E0%B2%95%E0%B2%B0%E0%B3%86%E0%B2%B5%E0%B2%B2%E0%B3%8D%E0%B2%B2%E0%B2%BF%E0%B2%AF%E0%B3%87-%E0%B2%A4%E0%B3%8A%E0%B2%B0%E0%B3%86%E0%B2%B5-%E0%B2%87%E0%B2%9A%E0%B3%8D%E0%B2%9B%E0%B3%86%E0%B2%AF%E0%B3%82-%E0%B2%87%E0%B2%A6%E0%B3%86। আহৰণ কৰা হৈছে: 2023-02-24.