এইচ.আই.ভি/এইড্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
20:33, 17 June 2015-ত CommonsDelinker (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (Removing "HIV_time.png", it has been deleted from Commons by Krd because: Broken redirect.)
এইড্‌ছ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

The red ribbon is a symbol for solidarity with HIV-positive people and those living with AIDS.
আই.চি.ডি.-10 B24
আই.চি.ডি.-9 042
ডিজিজেছ ডে'টাবে'ছ 5938
মেডলাইন প্লাছ 000594
ইমেডিচিন emerg/253
MeSH D000163
প্ৰবন্ধটোত ব্যৱহৃত abbreviation সমূহ

AIDS: Acquired immune deficiency syndrome
HIV: Human immunodeficiency virus
CD4+: CD4+ T helper cells
CCR5: Chemokine (C-C motif) receptor 5
CDC: Centers for Disease Control and Prevention
WHO: World Health Organization
PCP: Pneumocystis pneumonia
TB: Tuberculosis
MTCT: Mother-to-child transmission
HAART: Highly active antiretroviral therapy
STI/STD: Sexually transmitted infection/disease

এইডছ (AIDS) সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, Acquired অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ব বা অৰ্জন কৰি লোৱা ৰোগ । Immune শব্দটো Immunology শব্দটোৰপৰা আহিছে ৷ প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে । তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয় । বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাচ, বেক্টেৰিয়া, প্ৰট'য'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক সদায়ে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । এই বাহ্যিক শত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্ৰতিৰোধ কৰে । তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে ৷ শৰীৰৰ এই বীজাণু প্ৰতিৰোধকাৰী প্ৰক্ৰিয়াটোক Immune System বোলা হয় । Deficiency-য়ে অভাৱ বুজায় আৰু Syndrome মানে লক্ষণ ৷

গতিকে AIDS ৰোগটো আচলতে ৰোগ নহয় । ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা ভাগি পৰাৰ অৱস্থাটোহে ৷ তেনে অৱস্হা শৰীৰলৈ আহি পৰিলেই সুবিধাবাদী নানানটা বীজাণুৱে শৰীৰক আক্ৰমণ কৰি শৰীৰটোক মৃত্যু মুখলৈ বেগাই লৈ যায় । সৰল ভাষাত AIDS হ’ল এবিধ মাৰাত্মক ব্যাধি ।[1]

কাৰক আৰু লক্ষণ

AIDS-ৰ মূল কাৰণ হ'ল HIV (Human Immunodeficiency Virus) নামৰ ভাইৰাছবিধৰ অৱস্থিতি । এই HIV ভাইৰাছে শৰীৰক বীজাণুৰ আক্ৰমণৰপৰা ৰক্ষা কৰা কোষবোৰ আক্ৰমণ কৰে । ফলত দেহৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কমি আহি অৱশেষত সম্পূৰ্ণ নোহোৱা হৈ যায় । তাৰ ফলত বিভিন্ন বীজাণু বা দেহত থকা সুবিধাবাদী বীজাণুবোৰে (Opportunistic organism) ৰোগৰ সৃষ্টি কৰে । এই ভাইৰাছটোৰ দেহত লিপিড আৰু প্ৰটিনেৰে গঠিত আৱৰণ থাকে । ইহঁতৰ ৰোগ কালান্তৰ সময় (incubation period) ১৫ ৰ পৰা ৫৭ মাহ ৷ মানৱ দেহত এই ভাইৰাছটোৰ স্থিতি এলিজা (ELISA)পৰীক্ষা আৰু ওৱেষ্টাৰ্ণ ব্লট (Western blot) নামৰ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ।

এইড্‌ছৰ প্ৰাথমিক লক্ষণসমূহ

  • দেহৰ সাধাৰণ দুৰ্বলতা ।
  • দেহৰ ৰোগ প্ৰতিৰোধকাৰী তন্ত্ৰ সম্পূৰ্ণৰূপে ধংশ হয় আৰু এনে অৱস্হাত ভাইৰাচ, বেক্টেৰিয়া, প্ৰট'য'ৱা, ভেঁকুৰ আদি বীজাণুৰ দ্বাৰা যিকোনো ৰোগ বা ৰোগৰ লক্ষণে দেখা দিব পাৰে । সাধাৰণতে জ্বৰ, কাহ, পেটৰ ৰোগ, পেশীৰ বিষ, ওজন কমি যোৱা আদি লক্ষণেই প্ৰধান ।
  • বিভিন্ন ছালৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, যক্ষ্মা ৰোগ, মুখ আৰু ডিঙৰ ৰোগ আদি ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ আন কিছুমান লক্ষণ ।
  • স্নায়ুতন্ত্ৰ আক্ৰান্ত হোৱাৰ ফলত মস্তিস্ক ৰোগীয়া হয় আৰু ফলত স্মৃতিশক্তি বা চিন্তাশক্তি লোপ পায় ।

সংক্ৰমণ আৰু নিবাৰণ

এইড্‌ছ ভাইৰাছ এজন আক্ৰান্ত ব্যক্তিৰপৰা সুস্হ মানুহৰ দেহলৈ সংক্ৰমণ কাৰকসমূহ হ'লঃ

  • যৌন সংস্পৰ্শ (Sexual contact):- এইচ আই ভি (HIV)ভাইৰাছ, আক্ৰান্ত ব্যক্তিৰ শুক্ৰাণুৰস(semen), যোনিৰস (veginal secretion) আৰু স্তনৰ গাখীৰত পোৱা গৈছে । সেয়ে যৌন সংৰ্স্পৰদ্বাৰা এই ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমিত হয় । পৃথিৱীৰ প্ৰায় শতকৰা ৭০ৰপৰা ৮০ ভাগ সংক্ৰমণ যৌন সংস্পৰ্শৰদ্বাৰাই হয় ।
  • তেজ সঞ্চাৰণ (Blood transfusion):- সংক্ৰামিত ব্যক্তৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয়, তেন্তে এই ভাইৰাছ সুস্থ মানুহৰ দেহলৈ বিয়পে ।
  • এইচ আই ভি আক্ৰান্ত মাতৃৰ জনন ফুল (Placenta)ৰ জৰিয়তে হ'ব লগা সন্তানৰ দেহলৈ নাইবা মাতৃৰ গাখীৰৰ জৰিয়তে সন্তানৰ দেহলৈ সংক্ৰমিত হয় ।
  • নিচাযুক্ত দ্ৰব্যসমূহ বেজীৰ দ্বাৰা ব্যৱহাৰ কৰা ব্যক্তিসকলে যেতিয়া একেটা বেজী ব্যৱহাৰ কৰে, তাৰে মাজৰ কোনোবা আক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত হয় ।
  • চিকিৎসকৰ অস্ত্ৰোপচাৰৰ সামগ্ৰীসমূহ ভালকৈ সংশোধন নকৰিলে ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে ।

নিবাৰণৰ উপায়:-

এইড্‌ছত কোনো চিকিৎসা বা নিবাৰনৰ উপায় নাই । বিভিন্ন ৰোগৰ লক্ষণ হিচাবে প্ৰতিকাৰ দিয়া হয় যদিও প্ৰতিকাৰ কৰা কঠিন । সেয়ে বিশ্ব স্বাস্থ্য পৰিষদে এইড্‌ছত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কিছুমান সতৰ্কতামূলক ব্যৱস্থা উল্লেখ কৰিছে-

  • যৌন সংস্পৰ্শ নিৰাপদ হোৱা উচিত । একাধিক ব্যক্তিৰ লগত যৌন সংস্পৰ্শ বিপদজনক সেয়ে সাবধানতা অৱনম্বন কৰাতো আৱশ্যক ।
  • সংশোধন নকৰা বেজী একাধিক ব্যক্তিয়ে ব্যৱহাৰ কৰা অনুচিত ।
  • তেজ সঞ্চাৰনৰ সময়ত সময়ত সম্পূৰ্ণভাবে তেজৰ পৰীক্ষা কৰি লব লাগে ।
  • আক্ৰান্ত ৰোগীয়ে সম্পূৰ্ণভাবে চিকিৎসকৰ পৰামৰ্শমতে ব্যৱস্থা লোৱা উচিত ।
  • জনশিক্ষাৰ জৰিয়তে এইড্‌ছত ৰোগৰ ভয়াবহাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিব লাগে । এই উদ্দেশ্যে প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে বিশ্ব এইড্‌ছত দিবস পালন কৰা হয় । [2]


ৰোগবিতৰণ (Epidemiology)

বিশ্ব স্বাস্থ্য সন্থাৰ (World Health Organization) মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত [3]২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে ৷ [4] ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ ।[4] এইড্‌ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ ।[4] পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্‌ছ ৰোগীৰ সংখ্যা বেছি ৷ ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ ৷ [5] এইড্‌ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল ৷ ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ ৷ [6]

অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে ৷ তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪ জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ ৷ [7]


গোলকীয় আৰু আঞ্চলিক পৰিসংখ্যা:

HIV থকা লোক নতুনকৈ সংক্ৰমিত-২০০৯ মৃত্যু-২০০৯
চাহাৰা উপঅঞ্চল,আফ্ৰিকা ২২.৫ নিযুত ১.৮ নিযুত ১.৩ নিযুত
দক্ষিণ-পূব এচিয়া ৪.১ নিযুত ২৭০০০০০ ২৬০০০০
পূব এচিয়া ৭৭০০০০ ৮২০০০ ৩৬০০০
মধ্য আৰু দ: আমেৰিকা ১.৪ নিযুত ৯২০০০ ৫৮০০০
দ: আমেৰিকা ১.৫ নিযুত ৭০০০০ ২৬০০০
উ: আৰু মধ্য ইউৰোপ ৮২০০০০ ৩১০০০ ৮৫০০
পূব ইউৰোপ আৰু মধ্য এচিয়া ১.৪নিযুত ১৩০০০০ ৭৬০০০
কেৰেবিয়ান ২৪০০০০ ১৭০০০ ১২০০০
উ: আফ্ৰিকা ৪৬০০০০ ৭৫০০০ ২৪০০০
ওচেনিয়া ৫৭০০০ ৪৫০০০ ১৪০০

[8]



অসমত এইড্‌ছত ৰোগৰ চিকিৎসা

ইতিহাস

সামাজিক দায়বদ্ধতা

তথ্য সংগ্ৰহ

  1. এইড্‌ছ, লেখক- ড. দীনেশ চন্দ্ৰ গোস্বামী আৰু ড. উৎপল কুমাৰ তামুলী
  2. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত সাধাৰণ বিজ্ঞানৰ পাঠ্যপুঠি, লেখক- ড. ৰাতুল চন্দ্ৰ ৰাজখোৱা, ড. জয়ন্ত বাৰুকিয়াল
  3. Tarantola, D. (2000). "Reducing HIV/AIDS risk, impact and vulnerability". Bull World Health Organ খণ্ড vol.78 (no.2). doi:10.1590/S0042-96862000000200013. ISSN 0042-9686. http://www.scielosp.org/scielo.php?pid=S0042-96862000000200013&script=sci_arttext. 
  4. 4.0 4.1 4.2 UNAIDS 2011 pg. 1-10
  5. UNAIDS 2011 pg. 20-30
  6. UN2011 pg 40-50
  7. http://www.assamsacs.org/introduction.htm
  8. http://www.unaids.org/documents/20101123_FS_Global_em_en.pdf

বাহ্যিক সংযোগ