এএনএম
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই ২০১৫ চনৰ ১০ জানুৱাৰী তাৰিখে ছত্তীশগড়ৰ ৰায়পুৰত এক অনুষ্ঠানত চৰকাৰৰ স্বাস্থ্য আঁচনিৰ হিতাধিকাৰীসকলক তথ্য সংগ্ৰহ আৰু তথ্য প্ৰচাৰৰ বাবে নগৰীয়া অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ (এএনএম)ক কম্পিউটাৰ টেবলেট বিতৰণ কৰা মুহূৰ্ত | |
দেশ | ভাৰত |
---|
অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ (ইংৰাজী: Auxiliary nurse midwife বা ANM) ভাৰতৰ গাওঁ পৰ্যায়ৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মী। ইয়াক অসমীয়াত সহায়ক নাৰ্ছ ধাই বা সাধাৰণভাবে এএনএম বুলি কোৱা হয়। এএনএমক সমাজ আৰু স্বাস্থ্য সেৱাৰ মাজত প্ৰথম সম্পৰ্কৰ ব্যক্তি হিচাপে জনা যায়।[1] এএনএমসকলক স্বাস্থ্য সংস্থা পিৰামিডৰ তৃণমূলকৰ্মী হিচাপে গণ্য কৰা হয়। গাঁও অঞ্চলৰ সম্প্ৰদায়সমূহক সুৰক্ষিত আৰু কাৰ্যকৰী যত্ন প্ৰদান কৰিবলৈ তেওঁলোকৰ সেৱা গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। এই ভূমিকাই সম্প্ৰদায়সমূহক ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰে।[1][2][3]
পটভূমি
[সম্পাদনা কৰক]মুখাৰ্জী সমিতিয়ে ১৯৬৬ চনত লক্ষ্য আৰু উদগনিৰ এক প্ৰণালী নিৰ্ধাৰণ কৰিছিল আৰু স্বাস্থ্য কাৰ্যসূচীবোৰ জনপ্ৰিয় কৰাৰ বাবে এএনএম আৰু অন্যান্য গাওঁ পৰ্যায়ৰ কৰ্মীসকলক এজেণ্ট হিচাপে চিনাক্ত কৰিছিল। ১৯৫০ আৰু ১৯৬০ৰ দশকত এএনএমৰ প্ৰশিক্ষণে মুখ্যতঃ ধাত্ৰীবিদ্যা আৰু মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছিল। ১৯৭৩ চনত ভাৰত চৰকাৰৰ কৰতাৰ সিং সমিতিয়ে স্বাস্থ্য সেৱাৰ কাম-কাজ একত্ৰিত কৰে আৰু এএনএমৰ ভূমিকা সলনি কৰে।[1] এই সমিতিয়ে পৰামৰ্শ দিছিল যে প্ৰতি ১০,০০০ - ১২,০০০ লোকৰ বিপৰীতে এগৰাকী এএনএম উপলব্ধ থাকিব লাগে।[4]
১৯৭৫ চনত শ্ৰীবাস্তৱ সমিতিয়ে এএনএমৰ ভূমিকাক সম্প্ৰসাৰণৰ পৰামৰ্শ দিছিল। অনুমোদিত সম্প্ৰসাৰণত এজন বহুমুখী স্বাস্থ্য কৰ্মী হিচাপে এএনএমৰ ভূমিকা অন্তৰ্ভুক্ত আছিল। প্ৰসূতি যত্নৰ লগতে সমিতিয়ে পৰামৰ্শ দিছিল যে এএনএমৰ কামত অন্তৰ্ভুক্ত থাকিব শিশুৰ স্বাস্থ্য (টীকাকৰণ) আৰু গাওঁবাসীৰ প্ৰাথমিক স্বাস্থ্যৰ যত্ন। ভাৰতীয় ধাত্ৰী পৰিষদে (আইএনচি) সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু সেইবোৰক ১৯৭৭ চনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল। এই সিদ্ধান্তই এএনএমৰ প্ৰশিক্ষণৰ ম্যাদ ২৪ মাহৰ পৰা ১৮ মাহলৈ হ্ৰাস কৰিছিল।[1]
১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এএনএম কাৰ্যসূচীক বৃত্তিমূলক শিক্ষাৰ মৰ্যাদা প্ৰদান কৰে। এই সিদ্ধান্তৰ পিছত আইএনচিয়ে পুনৰ ইয়াৰ নীতি পৰ্যালোচনা কৰে আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এএনএম পাঠ্যক্ৰমটো +২ স্তৰত অৰ্থাৎ দশম শ্ৰেণী/উচ্চতৰ মাধ্যমিক স্তৰৰ পিছত বৃত্তিমূলক শিক্ষা হিচাপে গ্ৰহণ কৰা পৰামৰ্শ দিয়ে। অৱশ্যে ভাৰতৰ কেৱল কেইখনমান ৰাজ্যই এএনএম পাঠ্যক্ৰমক উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ স্কুলীয়া শিক্ষাৰ এক বৃত্তিমূলক পাঠ্যক্ৰম হিচাপে গঢ়ি তুলিছে।[1] আইএনচিৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এএনএম পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিম্নতম বয়স ১৭ বছৰ হ'ব লাগে আনহাতে সৰ্বাধিক বয়সৰ সীমা হৈছে ৩৫ বছৰ।[5]
২০০৫ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন (এনআৰএইচএম) আৰম্ভ কৰা হৈছিল। এই মিছনে গাঁওসমূহত প্ৰাথমিক স্বাস্থ্য সেৱা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিল আৰু স্বাস্থ্য সেৱা আৰু সম্প্ৰদায়ৰ মাজত সংযোগ হিচাপে এএনএমৰ গুৰুত্ব অধিক বৃদ্ধি কৰিছিল।[1]
এএনএমৰ ভূমিকা
[সম্পাদনা কৰক]এএনএমসকলে স্বাস্থ্য উপ-কেন্দ্ৰত কাম কৰে। স্বাস্থ্য উপ-কেন্দ্ৰ সৰু গাওঁ-পৰ্যায়ৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰতিষ্ঠান। ই সমাজক প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। উপ-কেন্দ্ৰটোৱে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (পিএইচচি) অধীনত কাম কৰে। প্ৰতিটো পিএইচচিত সাধাৰণতে এনে প্ৰায় ছয়টা উপ-কেন্দ্ৰ থাকে। ২০০৫ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন আৰম্ভ হোৱাৰ আগতে প্ৰতিটো উপ-কেন্দ্ৰত এগৰাকী এএনএম ব্যৱস্থা আছিল। পিছত দেখা গৈছিল যে এখন গাঁৱৰ স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এগৰাকী এএনএম পৰ্যাপ্ত নহয়। ২০০৫ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনে প্ৰতিটো উপ-কেন্দ্ৰৰ বাবে দুগৰাকী এএনএমৰ ব্যৱস্থা কৰিছিল। ইয়াৰে এগৰাকী স্থায়ী আৰু আন গৰাকী ঠিকাভিত্তিক। দায়বদ্ধতা বৃদ্ধি কৰিবলৈ সাধাৰণতে স্থানীয় গাঁৱৰ পৰা এএনএম বাছনি কৰা হয়।
২০১০ চনৰ গ্ৰাম্য স্বাস্থ্য পৰিসংখ্যা বুলেটিন অনুসৰি ভাৰতত ১,৪৭,০৯৬টা উপ-কেন্দ্ৰ কাৰ্যকৰী আছিল। পিছলৈ ই ২০১৪ চনত মাৰ্চত ১,৫২,৩২৬ লৈ বৃদ্ধি কৰা হৈছিল। শেহতীয়া নিয়ম অনুসৰি, ৫,০০০ জনসংখ্যাৰ বাবে এটা উপ-কেন্দ্ৰ থাকিব লাগে। আনহাতে প্ৰতিটো উপ-কেন্দ্ৰৰ বাবে আৱণ্টন কৰা জনজাতীয় আৰু পাহাৰীয়া এলেকাৰ জনসংখ্যা হৈছে ৩,০০০ জন।[1][6][7][8]
ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ অধীনত প্ৰতিটো উপ-কেন্দ্ৰই ব্যয়ৰ বাবে ১০,০০০ টকাৰ এক নিৰ্দিষ্ট পুঁজি লাভ কৰে। এনে ধৰণৰ পুঁজি প্ৰাপ্ত কৰিবলৈ এএনএমৰ গাওঁখনৰ পঞ্চায়ত সভাপতিৰ সৈতে এক যুটীয়া বেংক একাউণ্ট থাকে। এগৰাকী এএনএময়ে উপ-কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে মুক্ত পুঁজি ব্যৱহাৰ কৰে। এই সঁজুলি সমূহত আছে যেনে ৰক্তচাপৰ সঁজুলি, ওজন কৰা যন্ত্ৰ, স্কেল আৰু পৰিষ্কাৰ কৰাৰ বাবে। ইয়াৰ জৰিয়তে নিৰ্দিষ্ট পুঁজি প্ৰদান কৰাৰ পিছত উপ-কেন্দ্ৰ পৰ্যায়ত বিতৰণৰ হাৰ বৃদ্ধি কৰা হৈছে।[1]
এএনএম এগৰাকী বহুমুখী স্বাস্থ্য কৰ্মী। এএনএম সম্পৰ্কীয় কামৰ ভিতৰত আছে পৰিয়াল পৰিকল্পনা সেৱা, স্বাস্থ্য আৰু পুষ্টি শিক্ষা, পৰিৱেশ অনাময় বজাই ৰখাৰ প্ৰচেষ্টা, সংক্ৰামক ৰোগ নিয়ন্ত্ৰণৰ বাবে টীকাকৰণ, সামান্য আঘাতৰ চিকিৎসা আৰু জৰুৰীকালীন আৰু দুৰ্যোগত প্ৰাথমিক চিকিৎসা।[1]
দূৰৱৰ্তী এলেকা যেনে পাহাৰীয়া আৰু জনজাতীয় এলেকা ত য'ত পৰিবহণ সুবিধা কম থকাৰ এএনএমবোৰে মহিলাসকলৰ বাবে ঘৰুৱা প্ৰসৱ কৰাব লাগে।
আশা কৰ্মীৰ লগত সম্পৰ্ক
[সম্পাদনা কৰক]স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশা) এজন সামূহিক স্বাস্থ্য কৰ্মী। উপ-কেন্দ্ৰৰ দ্বাৰা আৱৰা এলেকাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিগৰাকী এএনএম চাৰি বা পাঁচ গৰাকী আশাৰ দ্বাৰা সমৰ্থিত। এএনএমসকলে যোৱা সপ্তাহ বা পষেকত কৰা কামৰ পৰ্যালোচনা কৰিবলৈ আশাসকলৰ সৈতে সাপ্তাহিক বা পাক্ষিক বৈঠক তৈয়াৰ কৰাৰ কথা। এএনএমবোৰে স্বাস্থ্য সেৱাৰ দিশবোৰৰ ওপৰত আশাক নিৰ্দেশনা দিয়ে।
অংগনৱাড়ী কৰ্মীৰ (এডব্লিউডব্লিউ) সৈতে এএনএময়ে আশাৰ প্ৰশিক্ষণৰ বাবে সমল ব্যক্তি হিচাপে কাম কৰে। এএনএময়ে আশাসকলক হিতাধিকাৰীসকলক প্ৰতিষ্ঠানলৈ অনাৰ বাবে অনুপ্ৰাণিত কৰে। আশাই গৰ্ভৱতী মহিলাসকলক পৰীক্ষাৰ বাবে এএনএমৰ ওচৰলৈ লৈ আহে। পৰিয়াল পৰিকল্পনাৰ ওপৰত পৰামৰ্শ দিয়াৰ বাবে বিবাহিত দম্পতীসকলক এএনএমক লৈ আহে। আশাই শিশুসকলক এএনএমৰ দ্বাৰা অনুষ্ঠিত টীকাকৰণ অধিৱেশনলৈ লৈ আহে। আশাই এএনএম আৰু গাঁৱৰ মাজৰ দলঙৰ দৰে কাম কৰে।[1][6][7]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 "Tnai Journal". Tnaionline.org. 2007-04-20. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304071754/http://www.tnaionline.org/april-09/8.htm। আহৰণ কৰা হৈছে: 2016-01-07.
- ↑ WHO | Achieving Millennium Development Goal 5: is India serious?. Who.int. 2008-02-12. doi:10.1016/S0140-6736. https://www.who.int/bulletin/volumes/86/4/07-048454/en/। আহৰণ কৰা হৈছে: 2016-01-07.
- ↑ "An Auxiliary Nurse-Midwife in India Sets an Example for Family Planning". Jhpiego. http://www.jhpiego.org/content/auxiliary-nurse-midwife-india-sets-example-family-planning। আহৰণ কৰা হৈছে: 2016-01-07.
- ↑ S.L. Goel (1 January 2008). Rural Health Education. Deep & Deep Publications. পৃষ্ঠা. 9–. ISBN 978-81-8450-115-5. https://books.google.com/books?id=KRyoqesyB_YC&pg=PA9.
- ↑ "Indian Nursing Council, Official Indian nursing council website, Government India, Establish Uniforms Standards, Training Nurses, Midwives, Health Visitors". Indiannursingcouncil.org. Archived from the original on 2019-10-22. https://web.archive.org/web/20191022193739/http://www.indiannursingcouncil.org/nursing-programs.asp?show=elig-crit। আহৰণ কৰা হৈছে: 2016-01-07.
- ↑ 6.0 6.1 "Rural Health Care System in India". National Health Mission. https://www.nhm.gov.in/images/pdf/monitoring/rhs/rural-health-care-system-india-final-9-4-2012.pdf। আহৰণ কৰা হৈছে: 6 March 2021.
- ↑ 7.0 7.1 "Indian Public Health Standards (IPHS) Guidelines for Sub-Centres". Government of India. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304074234/http://clinicalestablishments.nic.in/WriteReadData/875.pdf। আহৰণ কৰা হৈছে: 7 January 2016.
- ↑ "HEALTH INFRASTRUCTURE IN RURAL INDIA". IIT, Kanpur. http://www.iitk.ac.in/3inetwork/html/reports/IIR2007/11-Health.pdf। আহৰণ কৰা হৈছে: 7 January 2016.