সমললৈ যাওক

একবীৰা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
একবীৰা

দেৱীৰ মূৰ্তি
স্থান
দেশ ভাৰত
ৰাজ্য মহাৰাষ্ট্ৰ
জিলা পুণে
স্থান কাৰ্লা গুহা
স্থানাংক 18°47′00″N 73°28′14″E / 18.7833333°N 73.47056°E / 18.7833333; 73.47056স্থানাংক: 18°47′00″N 73°28′14″E / 18.7833333°N 73.47056°E / 18.7833333; 73.47056
ইতিহাস
প্ৰতিস্থাপক কোলি জনগোষ্ঠীৰ লোক

একবীৰা (একভীৰা বুলিও বানান কৰা হয়)[1] এগৰাকী হিন্দু দেৱী; দেৱী পাৰ্বতী, যমাই দেৱী আৰু ৰেণুকা দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়।[2] তেওঁ কোলি জনগোষ্ঠীৰ আৰু চন্দ্ৰসেনীয় কায়স্থ প্ৰভু সম্প্ৰদায়ৰো কুলদেৱী।[3][4] প্ৰতি বছৰে কোলিসকলে একবীৰাক সন্মান জনায় আৰু কাৰ্লা গুহাত এই উৎসৱ পালন কৰে।[5]

ভাৰতৰ মহাৰাষ্ট্ৰৰ লোণাৱালাৰ ওচৰৰ কাৰ্লা গুহাৰ সমীপত অৱস্থিত একবীৰা আই মন্দিৰ হৈছে এক হিন্দু মন্দিৰ। ইয়াত এসময়ৰ বৌদ্ধ ধৰ্মৰ কেন্দ্ৰবিন্দু গুহাবোৰৰ ঠিক কাষতে একবীৰা দেৱীৰ পূজা চলি থাকে। এই মন্দিৰটো আগ্ৰী আৰু কোলি জনসাধাৰণৰ বাবে এক প্ৰধান পূজাৰ স্থান। মন্দিৰ-গঠনটো প্ৰথমে শাৰী শাৰীকৈ নিৰ্মিত তিনিটা একেধৰণৰ মন্দিৰৰে গঠিত আছিল, সকলোবোৰ পশ্চিম দিশলৈ মুখ কৰি। ইয়াৰে মধ্য আৰু দক্ষিণৰ মন্দিৰসমূহ সম্পূৰ্ণৰূপে সংৰক্ষিত কৰা হৈছে, আৰু বাকী গঠনসমূহ কেৱল পৰিকল্পনা অনুসৰি সংৰক্ষিত কৰা হৈছে। মহামণ্ডপ, বৰ্ষ-মণ্ডপ আৰু গোপূৰা এই তিনিটা তীৰ্থৰ সন্মুখত অৱস্থিত আৰু এই তিনিখন তীৰ্থৰ চাৰিওফালে অতিৰিক্ত পৰিৱৰ দেৱতাৰ ষোল্লটা থান আছে। নৱৰাত্ৰি আৰু চৈত্ৰ নৱৰাত্ৰৰ সকলো অনুষ্ঠানতে ভক্তসকলে মন্দিৰত ভিৰ কৰি পূজা আৰু উদ্‌যাপন কৰে। দেৱীৰ যাদুকৰী শক্তি আছে বুলি বিশ্বাস কৰা হয়।[6]

মন্দিৰটো এটা পাহাৰৰ ওপৰত। মন্দিৰলৈ যাবলৈ প্ৰায় ৫০০ খোজ ওপৰলৈ উঠিব লাগে। ইয়াৰ চাৰিওফালে কাৰ্লা গুহা আছে, যিবোৰ বৰ্তমান প্ৰত্নতত্ত্ব বিভাগৰদ্বাৰা সুৰক্ষিত। প্ৰধান দেৱতা একবীৰ হোৱাৰ বিপৰীতে তেওঁৰ লগত যোগেশ্বৰী দেৱীৰ মূৰ্তি আছে। একবীৰা হিন্দু দেৱী, ৰেনুকা দেৱীৰ এটা ৰূপ বুলি গণ্য কৰা হয়। তেওঁ কোলি মানুহৰ কুলদেৱী।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Punekar, Vinaja B. (1959) (en ভাষাত). The Son Kolis of Bombay. প্ৰকাশক New Delhi, India: Popular Book Depot. পৃষ্ঠা. 160: The deity was the goddess worshipped by Ekveera, who is also mentioned in the Devi Bhāgavata ( Skandha 6, Adhyāya 17 : 23 ) . Jejuri is the seat of Khandobā . The seat of Ekveerā is popularly known as “ Āy Jāge ' ( place of the mother ). https://books.google.com/books?id=VOU9AAAAIAAJ. 
  2. Saravanan, V. Hari (2014) (en ভাষাত). Gods, Heroes and their Story Tellers: Intangible cultural heritage of South India. Notion Press. ISBN 978-93-84391-49-2. https://books.google.com/books?id=y2noBgAAQBAJ&dq=ekvira+koli&pg=PT269. 
  3. Chugh, Lalit (2017-05-23) (en ভাষাত). Karnataka's Rich Heritage – Temple Sculptures & Dancing Apsaras: An Amalgam of Hindu Mythology, Natyasastra and Silpasastra. Notion Press. পৃষ্ঠা. 53. ISBN 978-1-947137-36-3. https://books.google.com/books?id=fdEkDwAAQBAJ&dq=ekvira+goddess+kali&pg=PT53. 
  4. Srinivas, Smriti; Jeychandran, Neelima; Roberts, Allen (2022-10-28) (en ভাষাত). Devotional Spaces of a Global Saint: Shirdi Sai Baba's Presence. Taylor & Francis. ISBN 978-1-000-60406-1. https://books.google.com/books?id=hKyJEAAAQBAJ&dq=ekvira+koli&pg=PT159. 
  5. Patil, Nilesh (April 17, 2011). "Koli community from Thane pay respect to Ekvira Goddess at annual festival" (en ভাষাত). Mumbai Mirror. https://mumbaimirror.indiatimes.com/mumbai/other/koli-community-from-thane-pay-respect-to-ekvira-goddess-at-annual-festival/articleshow/16118845.cms। আহৰণ কৰা হৈছে: 2022-10-13. 
  6. Subodh Kapoor (1 July 2002). The Indian Encyclopaedia. Cosmo Publications. পৃষ্ঠা. 2042. ISBN 978-81-7755-257-7. https://books.google.com/books?id=gxIpYtnyzu4C&pg=PA2042। আহৰণ কৰা হৈছে: 23 April 2012.