সমললৈ যাওক

একাংকিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

একাংকিকা এবিধ ক্ষুদ্ৰ আয়তনী নাটক। ক্ষুদ্ৰ আয়তনী বুলি ক'লে ইয়াত একেটা অংকতে কাহিনীৰ আৰম্ভ, বিস্তাৰ আৰু পৰিণতি লাভ কৰিব লাগিব। একাংকিকা আধুনিক যুগৰ নাট্যশৈলী। পূৰ্ণাংগ নাটকত থাকিব লগীয়া আটাইবোৰ উপাদান ইয়াত পোৱা যায় যদিও একাংকিকা পূৰ্ণাংগ নাটকৰ ক্ষুদ্ৰ ৰূপ নহয়। চুটিগল্প এটাৰ উপন্যাসৰ লগত যি সম্পৰ্ক, একাংকিকা লগতো পূৰ্ণাংগ নাটকৰ একেই সম্পৰ্ক। চুটিগল্প এটা উপন্যাসৰ শাৰীলৈ নিব নোৱাৰি বা উপন্যাসৰ কাহিনীটো চুটি হ'লেই চুটিগল্প হৈ নাযায়, সেইদৰে পূৰ্ণাংগ নাটকৰ পাঁচ অংকৰ পৰা এটা অংক তুলি আনিলেই একাংকিকা হৈ নাযায়। গতিকে একাংকিকা নিজেই এক স্বতন্ত্ৰ নাট্য ৰূপ য'ত ক্ষুদ্ৰ আয়তনৰ মাজত কম সময়ৰ অভিনয়ৰ মাজেদি বিষয়বস্তু উপস্থাপন কৰা হয়।

বিশেষত্ব

[সম্পাদনা কৰক]
একক ঘটনা

একক ঘটনাৰ জৰিয়তে ঘটনা আৰম্ভ হয় আৰু যি বিন্দুত আৰম্ভ হয় তাতেই পৰিসমাপ্তি ঘটে। কম সময়ত একেটা ঘটনা পূৰ্ণৰূপত উপস্থাপন কৰা হয়।

এক অংক

একাংকিকা এটা অংকতেই সীমাবদ্ধ। অংক এটা যদিও ইয়াৰ দৃশ্য এক বা একাধিক হোৱাত অসুবিধা নাই।

আয়তনৰ ক্ষুদ্ৰতা

একাংকিকাত বহু ঘটনাৰ ঐক্যৰ বিপৰীতে এটা পৰিস্থিতিৰ নাটকীয় ৰূপায়ণ কৰা হয়। জীৱনৰ বিশেষ এটা পৰিস্থিতিৰ প্ৰকাশহে ইয়াত দেখা যায়। মঞ্চায়নৰ ক্ষেত্ৰতো একোখন একাংকিকা আধাঘণ্টাৰ পৰা পঞ্চল্লিছ মিনিটৰ ভিতৰত শেষ হ'ব লাগে।

ভাৱৰ এককেন্দ্ৰিকতা

সকলো সাৰ্থক একাংকিকাতেই দেখা যায় এককেন্দ্ৰিক ভাৱৰ প্ৰবাহ। নাট্যকাৰে লক্ষ্য বিন্দুৰ পৰা কোনো কাৰণতে বিচলিত হ'ব নালাগে। উদ্দেশ্যৰ একমুখীভাৱক বিনষ্ট কৰিব পৰা কোনো কথা একাংকিকাত সংযোজন ঘটাব নালাগে।

সংলাপৰ ভাৱব্যঞ্জকতা

পূৰ্ণাংগ নাটকৰ দৰে একাংকিকাত হাস্যৰসৰ খোৰাক যোগাব পৰা অতিৰিক্ত চৰিত্ৰ বা ঘটনা কিছুমান সংযোজনৰ সুবিধা নাথাকে। সেয়ে প্ৰতিফাঁকি সংলাপেই ভাৱোদ্দীপক আৰু লক্ষ্যৰ একমুখী।

চৰিত্ৰৰ সীমাবদ্ধতা

একাংকিকাৰ পৰিসৰ সীমিত। কম সময়ত সীমিত পৰিস্থিতিত অত্যধিক মানুহৰ সমাহাৰে নাট্যকাৰৰ উদ্দেশ্যক ব্যাঘাত জন্মাব পাৰে। গতিকে চৰিত্ৰ নিৰ্বাচনত নাট্যকাৰৰ দক্ষতাৰ প্ৰকাশ ঘটে।

নাটকীয় ঐক্য

নাটকীয় ঐক্য বুলি ক'লে স্থান,কাল আৰু ঘটনাৰ ঐক্যৰ কথাই আহে। নাটকত স্থান, কাল আৰু ঘটনাৰ একতা তুলি ধৰিব পৰাটো একাংকিকাৰ সাৰ্থকতা।

সহায়ক গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  1. অজিৎ শইকীয়া সম্পাদিত: ছশ বছৰৰ অসমীয়া নাটক: পৰম্পৰা আৰু পৰিৱৰ্তন, দ্বিতীয় প্ৰকাশ ২০১৪ চন, পথাৰ, দুলীয়াজান, অসম
  2. সত্যেন্দ্ৰনাথ শৰ্মা: অসমীয়া নাট্য সাহিত্য, পাণবজাৰ, গুৱাহাটী, অষ্টম সংস্কৰণ, ২০০০ চন
  3. হৰিচন্দ্ৰ ভট্টাচাৰ্য: অসমীয়া নাট্য সাহিত্যৰ জিলিঙণি, প্ৰথম প্ৰকাশ ২০১৬, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী