একাডেমী অফ ফাইন আৰ্টচ
| একাডেমী অফ ফাইন আৰ্টচ | |
|---|---|
| সাধাৰণ তথ্য | |
| অৱস্থিতি | কেথেড্ৰেল ৰ’ড, কলকাতা |
| ঠিকনা | ২, কেথেড্ৰেল ৰ’ড, কলকাতা ৭০০০৭১ |
| মুকলি | ১৯৩৩ |
| Website | |
| https://academyoffinearts.in/ | |
একাডেমী অফ ফাইন আৰ্টচ (ইংৰাজী: Academy of Fine Arts ) কলকাতা (পূৰ্বৰ কলিকতা)ৰ পুৰণি ললিত কলা একাডেমীবোৰৰ অন্যতম।[1] একাডেমীৰ গেলেৰীসমূহে ৬,৩০০ বৰ্গফুটৰ বিশাল ঠাই আগুৰি আছে আৰু ইয়াত এটা প্ৰেক্ষাগৃহ, এটা সন্মিলন কেন্দ্ৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ আৰু অমূল্য চিত্ৰকলা, বস্ত্ৰশিল্প আদিৰ সংগ্ৰহ আছে।[2]
ইতিহাস
[সম্পাদনা কৰক]১৯৩৩ চনত[3] লেডী ৰাণু মুখাৰ্জীয়ে এই একাডেমীখন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে।[4] প্ৰথমতে ভাৰতীয় সংগ্ৰহালয়ে ধাৰে দিয়া এটা কোঠাত ইয়াৰ স্থান আছিল আৰু বাৰ্ষিক প্ৰদৰ্শনীসমূহ আগতে কাষৰীয়া বাৰাণ্ডাত অনুষ্ঠিত হৈছিল।
১৯৫০ চনত লেডী ৰানু মুখাৰ্জীৰ প্ৰচেষ্টা আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী বিধান চন্দ্ৰ ৰায়ৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৃষ্ঠপোষকতাত একাডেমীখন কেথেড্ৰেল ৰোডৰ আহলবহল স্থানলৈ স্থানান্তৰিত কৰা হয়। এই একাডেমীখন চহৰৰ মাজমজিয়াত অৱস্থিত আৰু ইয়াৰ এফালে চেণ্ট পলছ কেথেড্ৰেল আৰু আনফালে ৰবীন্দ্ৰ সদন-নন্দন-শিশিৰ মঞ্চ পৰিসৰ আছে।[4] বৰ্তমান প্ৰসুন মুখাৰ্জী ন্যাস বোৰ্ডৰ অধ্যক্ষ আৰু কল্লোল বসু কাৰ্যনিৰ্বাহক সমিতিৰ সম্পাদক।
সংগ্ৰহ
[সম্পাদনা কৰক]একাডেমীখন বেংগল স্কুলৰ বিভিন্ন চিত্ৰ আৰু বস্ত্ৰশিল্পৰ বহুমূলীয়া সংগ্ৰহৰ এক বৰ্ণিল মিশ্ৰণ, যিবোৰ মূলতঃ লেডী ৰানু মুখাৰ্জীয়ে উপহাৰ দিছিল। ইয়াত কিছুমান বিখ্যাত চিত্ৰ আছে, যেনে গগনেন্দ্ৰনাথ ঠাকুৰৰ ‘সাত ভাই চম্পা’, যামিনী ৰায়ৰ ‘গণেশৰ সৈতে শিৱ’। বস্ত্ৰশিল্পৰ ভিতৰত বালুচাৰী, জামদানী বস্ত্ৰ, প্ৰাচ্যৰ বিদেশী কাৰ্পেট আদি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভানুসিংহৰ পদাৱলীৰ পাণ্ডুলিপিসমূহে এক বিশেষ স্থান অধিকাৰ কৰিছে। ঠাকুৰৰ শিল্পকৰ্মঃ ৰবীন্দ্ৰনাথ, অবনীন্দ্ৰনাথ আৰু গগনেন্দ্ৰনাথৰ উপৰিও সুনয়নী দেৱী, অতুল বসু, নন্দলাল বসু, ৰামকিংকৰ বেইজ আৰু বিনোদ বিহাৰী মুখাৰ্জীৰ শিল্পকৰ্মও আছে। এই একাডেমীত যামিনী ৰয় আৰু যোগেন চৌধুৰীৰ আৰম্ভণি কালৰ কৃতিসমূহো আছে।[4]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Academy of Fine Arts". kolkata.org.uk (website). http://www.kolkata.org.uk/art-galleries/academy-of-fine-arts.html। আহৰণ কৰা হৈছে: 28 August 2012.
- ↑ "The Academy of Fine Arts in Kolkata Has Lost its Mystique". The Wire. https://thewire.in/the-arts/the-academy-of-fine-arts-in-kolkata-has-lost-its-mystique। আহৰণ কৰা হৈছে: 2023-06-02.
- ↑ Swati Mitra (2011). Kolkata: City Guide. Goodearth Publications. পৃষ্ঠা. 66. ISBN 978-93-80262-15-4. https://books.google.com/books?id=eUq9heKpjEIC&pg=PA66.
- ↑ 4.0 4.1 4.2 "Academy of Fine Arts". Click India. Archived from the original on 16 December 2011. https://web.archive.org/web/20111216184347/http://kolkata.clickindia.com/tourism/academyoffinearts.html। আহৰণ কৰা হৈছে: 28 August 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Academy of Fine Arts, Kolkata সম্পৰ্কীয় মিডিয়া ফাইল আছে। |