সমললৈ যাওক

একিটাগুৰিৰো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
একিটাগুৰিৰো (আনকোলে হৰিণা নৃত্য)

এজন পুৰুষ আৰু এগৰাকী মহিলাই একিটাগুৰিৰো নৃত্য পৰিৱেশন কৰিছে
স্থানীয় নাম Ekitaguriro
শৈলী আফ্ৰিকীয় পৰম্পৰাগত নৃত্য
উৎপত্তিমূল আনকোলে ৰাজ্য
একিটাগুৰিৰো সাংস্কৃতিক নৃত্য পৰিৱেশন কৰি থকা ডেৰে ট্ৰুপ
একিটাগুৰিৰো পৰিৱেশন কৰি থকা শিশুসকল

একিটাগুৰিৰো (ইংৰাজী: Ekitaguriro), যাক গৰু নৃত্য বুলিও জনা যায়, হ’ল দক্ষিণ-পশ্চিম উগাণ্ডাত অৱস্থিত এনকোৰে বা আনকোলে অঞ্চলৰ এক পৰম্পৰাগত নৃত্য। ই এক আনন্দ উদ্‌যাপনৰ নৃত্য যিটো পুৰুষ আৰু মহিলা উভয়ে পৰিৱেশন কৰে। তেওঁলোকৰ পশুধনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আৰু জন্ম, বিবাহ তথা প্ৰচুৰ শস্য চপোৱাৰ দৰে স্থানীয় সমৃদ্ধি প্ৰদৰ্শন কৰিবলৈ এই নৃত্য কৰা হয়।[1][2][3] এই নৃত্য অঞ্চলটোৰ সামাজিক সমাৱেশ আৰু অনুষ্ঠানৰ এক অবিচ্ছেদ্য অংশ, যিয়ে সম্প্ৰদায়টোত গৰুৰ গভীৰ সাংস্কৃতিক গুৰুত্বক প্ৰতীকিত কৰে।[2][1][4]

এনকোৰে ৰাজ্যৰ সৈতে চিমা, বুহৱেজু আৰু ইগাৰা নামৰ সৰু সৰু মুখিয়ালৰ শাসিত অঞ্চলসমূহৰ একত্ৰীকৰণৰ জৰিয়তে আনকোলে ৰাজ্য গঠন হৈছিল। আনকোলে ৰাজ্যখনক পুনৰ দুটা পৃথক গোটত ভাগ কৰা হৈছিল, সেয়া হ’ল বাহিমা (অভিজাত আৰু পশুপালকসকলক লৈ গঠিত) আৰু বাইৰু (কৃষিজীৱী আৰু কৃষকসকলক লৈ গঠিত)। আনকোলে অঞ্চলতে পৰম্পৰাগত একিটাগুৰিৰো নৃত্যৰ জন্ম হৈছিল, যিটো পুৰুষ আৰু মহিলা উভয়ে পৰিৱেশন কৰে। এই নৃত্যই কাহিনী বৰ্ণনা কৰা, প্ৰয়োজনীয় সাংস্কৃতিক জ্ঞান আদান-প্ৰদান কৰা, প্ৰচুৰ শস্য চপোৱাৰ আনন্দ কৰা আৰু জন্ম তথা বিবাহৰ দৰে জীৱনৰ গুৰুত্বপূৰ্ণ ক্ষণসমূহ চিহ্নিত কৰাৰ মাধ্যম হিচাপে কাম কৰে।[2][5]

প্ৰদৰ্শন

[সম্পাদনা কৰক]

এই নৃত্য "ওকৱেভুগা"ৰ জৰিয়তে আৰম্ভ হয়, যিটো পুৰুষৰদ্বাৰা পৰিৱেশন কৰা এক ধৰণৰ কবিতা। ইয়াত তেওঁলোকে নিজৰ জীৱনৰ সাফল্যসমূহ বৰ্ণনা কৰে। ইয়াৰ পিছত নৃত্য আৰম্ভ হয়, য’ত পুৰুষসকলে এখন ভৰিৰপৰা আনখন ভৰিলৈ খোজ দি গৰুৰ খোজ কঢ়াৰ ভংগিমাক অনুকৰণ কৰে। ইফালে, মহিলাসকলে সুন্দৰকৈ ইফালে-সিফালে দুলি থাকে আৰু দীঘল শিং থকা গৰুক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁলোকৰ হাত দুখন মূৰৰ ওপৰত মেলি দিয়ে। নৃত্যৰ সময়ত পুৰুষ আৰু মহিলা উভয়ে 'বিতাম্বি' বা 'লেচু' নামৰ পৰম্পৰাগত পোছাক পিন্ধে। নৃত্যশিল্পীসকলে এই কাপোৰখন কঁকালত টানকৈ বান্ধি লয় আৰু কান্ধত এখন পাতল কাপোৰ ওলোমাই লয়। মহিলাসকলে আফ্ৰিকীয় শৈলীৰ অলংকাৰো পৰিধান কৰে। পুৰুষসকলে নিজৰ সাজ-পাৰত শিকলি সদৃশ মণি যোগ কৰে, যিয়ে তেওঁলোকৰ ভৰিৰ সঞ্চালনবোক আকৰ্ষণীয় কৰি তোলে আৰু একিটাগুৰিৰো নৃত্যৰ শব্দৰ সৈতে সংগতি ৰাখে। বাঁহী, এংগালাবি, চেকাৰ, এনগোমা ঢোল আৰু হাত-চাপৰিৰ সহায়ত এই শব্দবোৰ সৃষ্টি কৰা হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Why we dance the way we do" (en ভাষাত). Monitor. 2021-01-04. https://www.monitor.co.ug/uganda/lifestyle/entertainment/why-we-dance-the-way-we-do--1608312 আহৰণ কৰা হৈছে: 2024-01-07.
  2. 1 2 3 "Traditional Dances of Uganda - Popular Dances | Guide to Uganda" (en-US ভাষাত). 2017-08-26. https://www.guidetouganda.com/about-uganda/culture/traditional-dances/ আহৰণ কৰা হৈছে: 2024-01-07.
  3. Services, Online Visa (e-Visa) To Uganda- Global Immigration. "Uganda Traditional Dances: An Integral Part of Uganda's culture" (en ভাষাত). Online Visa (e-Visa) To Uganda - Global Immigration Services. https://www.ugandaimmigration.org/news/uganda-traditional-dances-an-integral-part-of-ugandas-culture আহৰণ কৰা হৈছে: 2024-01-07.
  4. KAMOGA, JONATHAN (2018-01-30). "How about a cultural dance treat?" (en-gb ভাষাত). The Observer - Uganda. https://observer.ug/lifestyle/56751-how-about-a-cultural-dance-treat.html আহৰণ কৰা হৈছে: 2024-01-07.
  5. "Ghetto Kids: what’s behind the moves of the Ugandan dance troupe that stormed the world" (en ভাষাত). Nation. 2023-04-22. https://nation.africa/africa/news/ghetto-kids-what-s-behind-the-moves-of-the-ugandan-dance-troupe-that-stormed-the-world-4208672 আহৰণ কৰা হৈছে: 2024-01-07.
  6. "Kabushenga's Ekitaguriro shatters stage at Qwela Band show" (en ভাষাত). New Vision. https://www.newvision.co.ug/articledetails/undefined আহৰণ কৰা হৈছে: 2024-01-07.