এক্টিয়া (শ্ৰুতিকথা)

এক্টিয়া (/ækˈtiːə/; প্ৰাচীন গ্ৰীক: Ἀκταία, ইংৰাজী: Actaeä বা Aktaia, আক্ষৰিক অৰ্থ: 'উপকূলৰ বাসিন্দা'; প্ৰাচীন গ্ৰীক: ἀκτή, ইংৰাজী: akté, আক্ষৰিক অৰ্থ: 'সাগৰৰ পাৰ') গ্ৰীক শ্ৰুতিকথা অনুসৰি তলত উল্লেখ কৰা চৰিত্ৰ সমূহক বুজায়:[1]
এক্টিয়া:[2] শিলাময় তীৰৰ নেৰেইড। গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা।[3][4][5] হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এক্টিয়াও আছিল।[6]
এক্টিয়া: লিবিয়াৰ এগৰাকী ৰাজকুমাৰী৷ তেওঁ আছিল ৰজা ডানাউছ আৰু পিয়েৰিয়াৰ কন্যা ডানাইডসকলৰ (Danaïdes) অন্যতম। পিতৃৰ আদেশত ইজিপ্তাছৰ পুত্ৰ পেৰিফাছক বিয়া কৰাই তেওঁলোকৰ বিয়াৰ নিশা হত্যা কৰে।[7]
অন্যান্য ব্যৱহাৰ
[সম্পাদনা কৰক]এক্টিয়া: এথেন্সৰ এখন ঐতিহাসিক অঞ্চল আটিকাৰ পূৰ্বৰ নাম, যাৰ প্ৰথম ৰজা আছিল এক্টিয়াছ। এথেন্সৰ ৰজা ক্ৰেনাউছৰ কন্যা আথিছৰ সন্মানত পিছলৈ এই ঠাইৰ নাম নাম সলনি কৰা হয়।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃষ্ঠা. 4. ISBN 978-0-87436-581-8.
- ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus; Scheffero; Staveren; Bunte)
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ Homer, Iliad 18.39
- ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus; Scheffero; Staveren; Bunte)
- ↑ Pausanias, 1.2.6