সমললৈ যাওক

এক্সএক্স/এক্সৱাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এক্সএক্স/এক্সৱাই
পৰিচালক অষ্টিন চিক
ৰচনা অষ্টিিন চিক
প্ৰযোজক মিচেল ৰবিন্স
আইচেন ৰবিন্স
আইমি শ্বুফ
অভিনয়ত মাৰ্ক ৰাফেলো
কেথলিন ৰবাৰ্টছন
মায়া ষ্টেঞ্জ
চিত্ৰগ্ৰহণকাৰী উটা ব্ৰিচেউইটজ
সম্পাদনা উইলিয়াম এ. এণ্ডাৰছন
পিট বিউড্ৰো
সংগীত পৰিচালক দ্য ইনচেক্টছ
প্ৰযোজনা
কোম্পানী
নেচাৰেল নাইলন
পৰিবেশক আইএফচি ফিল্মছ
এমজিএম হোম এণ্টাৰটেইনমেণ্ট
মুক্তি
জানুৱাৰী ১১, ২০০২ (2002-01-11) (চানডেন্স)
এপ্ৰিল ১১, ২০০৩ (2003-04-11) (আমেৰিকা যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
৯১ মিনিট
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
সৰ্বমুঠ আয় $১০৪,১৩১[1]

এক্সএক্স/এক্সৱাই (ইংৰাজী: XX/XY) হৈছে ২০০২ চনৰ এখন আমেৰিকান ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। অষ্টিন চিকৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত এই ছবিখনত মাৰ্ক ৰাফেলো, কেথলিন ৰবাৰ্টছন আৰু মায়া ষ্টেঞ্জে অভিনয় কৰিছে। ছবিখনৰ শীৰ্ষকটোৱে পুৰুষ আৰু মহিলাৰ দেহত থকা পৃথক যৌন ক্ৰম’জমৰ যুটিক বুজাইছে। ২০০২ চনৰ চানডেন্স ফিল্ম ফেষ্টিভেলত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল। যদিও ছবিখনৰ বাবে পুঁজি আমেৰিকা যুক্তৰাষ্ট্ৰৰপৰা আহিছিল, ছবিখন ব্ৰিটিছ কোম্পানী নেচাৰেল নাইলনে প্ৰযোজনা কৰিছিল।

১৯৯২ চনত কলেজীয়া ছাত্ৰ ছেম আৰু থিয়াই এখন পাৰ্টিত শিল্পী ক’লছক লগ পায় আৰু তেওঁলোকৰ পাৰস্পৰিক আকৰ্ষণৰ ফলত একেলগে এক আৱেগিক আৰু অস্বস্তিকৰ নিশাৰ সৃষ্টি হয়। তেওঁলোকে এক অস্থিৰ বন্ধুত্ব গঢ়ি তোলে, আৰু নিজৰ যৌন সীমাবদ্ধতাক ঠেলি দি থাকে। অলপ পাছতে তেওঁলোকৰ বন্ধুত্বৰ পৰীক্ষা হয় ছেম আৰু ক’লছৰ ৰোমাঞ্চ আৰু থিয়াৰ ক্ৰমান্বয়ে অসাৱধানতাপূৰ্ণ আচৰণে। অনিবাৰ্যভাৱে চৌদিশৰ ভয়, ক্ষোভ আৰু অনাস্থাৰ বাবেই তেওঁলোকৰ সম্পৰ্ক বিলুপ্ত হৈ পৰে।

দহ বছৰৰ পাছত পুনৰ একত্ৰিত হয়। এতিয়া হাই প্ৰফাইল এড এজেন্সীত কাম কৰা এজন ব্যৰ্থ চলচ্চিত্ৰ নিৰ্মাতা ক’লছ পাঁচবছৰীয়া প্ৰেমিকা ক্লেয়াৰৰ সৈতে থাকে। প্ৰাক্তন বন্য-শিশু থিয়া মাইলছৰ সৈতে সুখী বিবাহিত, যাৰ সৈতে তেওঁ এখন অতি সফল আৰু সমৃদ্ধিশালী ৰেষ্টুৰেণ্টৰ মালিকীস্বত্ব ভাগ কৰে। এংগেজমেণ্ট ভাঙি লণ্ডনৰপৰা মানহাটানলৈ উভতি আহিছে ছেম। পুনৰ সংযোগ স্থাপনৰ লগে লগে তিনিওজনক পুনৰ নিজৰ পুৰণি আৰু জটিল গতিশীলতালৈ টানি অনা হয়। তেওঁলোকে অতি সোনকালেই প্ৰতিশ্ৰুতি আৰু প্ৰেমৰ প্ৰকৃত অৰ্থৰ সন্মুখীন হ’বলৈ বাধ্য হয়, যিটো কাম তেওঁলোকে ডেকা প্ৰাপ্তবয়স্ক হিচাপে এৰাই চলিছিল।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • মাৰ্ক ৰাফেলো (কোলছ হিচাপে)
  • কেথলিন ৰবাৰ্টছন (থিয়া হিচাপে)
  • মায়া ষ্টেঞ্জ (চেম হিচাপে)
  • কেল অ'নীল (চিড হিচাপে)
  • পোলা ৰথ (মাক হিচাপে)
  • লি কব (সতীয়া দেউতাক হিচাপে)
  • জ’য় কাৰ্ন (টমি হিচাপে)
  • পেট্ৰা ৰাইট (ক্লেয়াৰ হিচাপে)
  • ডেভিদ থৰ্ণটন (মাইলছ হিচাপে)

সমালোচনা

[সম্পাদনা কৰক]

৬৪টা সমীক্ষাৰ ওপৰত ভিত্তি কৰি ৰটেন টমেটোজে ছবিখনক ৪২% ৰেটিং দিছে।[2] চাইটটোৰ সমালোচকসকলৰ সন্মত মতামত অনুসৰি, "চৰিত্ৰসমূহ সহানুভূতিহীন আৰু আমোদহীন।" [2]

যদিও সমালোচকসকলে চৰিত্ৰবোৰৰ পছন্দনীয়তা আৰু অভিনেতা-অভিনেত্ৰীসকলৰ মাজৰ কেমিষ্ট্ৰিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দিছিল, তথাপি বহুতো সমীক্ষাত ৰাফেলোৰ অভিনয়ৰ প্ৰশংসা কৰা হৈছিল। চিকাগো ছান-টাইমছৰ ৰজাৰ ইবাৰ্টে কৈছিল যে তেওঁ কোলছৰ চৰিত্ৰটো "এক দুৰ্লভ আকৰ্ষণেৰে" অভিনয় কৰিছে।[3] চিয়াটল পষ্ট-ইণ্টেলিজেন্সাৰৰ শ্বন এক্সমেকাৰে লক্ষ্য কৰিছিল যে ৰাফেলোৱে তেওঁৰ পূৰ্বৰ সফল ছবি ইউ কেন কাউণ্ট অন মিৰ দৰেই ইয়াতো উন্নত মানৰ অভিনয় কৰিছে।[4] দ্য নিউয়ৰ্ক টাইমছৰ ষ্টিফেন হোল্ডেনে লিখিছে, "ৰাফেলোৰ অসংযত আকৰ্ষণৰ বাবেই এজন বিৰক্তিকৰ চৰিত্ৰৰ প্ৰতিও আপোনাৰ মনত দুই ছেকেণ্ডৰ বাবে হ’লেও সহানুভূতি জাগিব পাৰে।" [5]

দ্য চিয়াটল টাইমছৰ মইৰা মেকডোনাল্ডে কৈছিল যে যদিও ছবিখনৰ আৰম্ভণিৰ কলেজীয়া দিনবোৰৰ কাহিনী কিছুদুৰ্বল, কিন্তু কাহিনীটো আগবাঢ়ি যোৱাৰ লগে লগে ই অধিক উন্নত হৈ পৰে।[6] পেট্ৰা ৰাইটেও সমালোচকৰ ইতিবাচক দৃষ্টি আকৰ্ষণ কৰিছিল। ইবাৰ্টৰ মতে, "মহিলা চৰিত্ৰসমূহৰ ভিতৰত ৰাইটে আটাইতকৈ কঠিন কামটো সুন্দৰকৈ কৰিছে; তেওঁ ক্লেয়াৰৰ আত্ম-সন্মান আৰু কোলছক ধৰি ৰখাৰ ইচ্ছাৰ মাজত এক যন্ত্ৰণাদায়ক ভৰসাম্য বিচাৰি পাইছে।" [3]

এক্সমেকাৰে লগতে কয় যে ছবিখনে "পুৰুষ-মহিলাৰ সম্পৰ্কক লৈ একো নতুন কথা আগবঢ়োৱা নাই ঠিকেই, কিন্তু ই কোলছক কোনো সহজ সমাধান বা পৰিণতি অবিহনে বাস্তৱসন্মতভাৱে উপস্থাপন কৰিছে।" [4] ইবাৰ্টে তেওঁৰ সমীক্ষাত সামৰণি মাৰি কৈছিল যে যদিও বহু সমালোচকে চৰিত্ৰবোৰক সহানুভূতিহীন বুলি কৈছে, কিন্তু আচলতে "অহংকাৰী চৰিত্ৰবোৰ প্ৰায়ে চিনেমাৰ আটাইতকৈ আমোদজনক চৰিত্ৰ হয় আৰু কেতিয়াবা এইবোৰ আমাৰ দৰেই হয়।" তেওঁ লগতে কয় যে এক্সএক্স/এক্সৱাই ছবিখন অতি বিৰক্তিকৰ হ’লহেঁতেন যদিহে চৰিত্ৰবোৰে সকলো সময়তে আদৰ্শ আচৰণ কৰিলেহেঁতেন।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]