এক থি ৰাণী আইচি ভি
| এক থি ৰাণী আইচি ভি | |
|---|---|
| চিত্ৰ:Ek Thi Rani Aisi Bhi.jpg | |
| পৰিচালক | গুল বাহাৰ সিংহ |
| ৰচনা | মৃদুলা সিন्হা |
| ভিত্তি | এক থি ৰাণী আইচি ভি লেখক: মৃদুলা সিনহা |
| প্ৰযোজক | ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া স্মৃত ট্ৰাষ্ট |
| অভিনয়ত | হেমা মালিনী বিনোদ খান্না শচীন খেদেকাৰ ৰাজেশ শৃংগৰপুৰ অঞ্জন শ্ৰীবাস্তৱ |
| সংগীত পৰিচালক | চন্দন ৰয় চৌধুৰী & হিৰ্জু ৰায় |
মুক্তি |
২১ এপ্ৰিল ২০১৭ |
দৈৰ্ঘ্য |
১২৫ মিনিত |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
এক থি ৰাণী আইচি ভি (ইংৰাজী: ; Ek Thi Rani Aisi Bhi , অসমীয়া অনুবাদ; এসময়ত এগৰাকী ৰাণী আছিল) হৈছে ২০১৭ চনৰ এখন হিন্দী জীৱনীমূলক চলচ্চিত্ৰ, যাক গুল বাহাৰ সিংহই পৰিচালনা কৰিছিল। এই ছবিখনত হেমা মালিনীয়ে বিজয়া ৰাজে সিন্ধিয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।[1] ছবিখন মৃদুলা সিন्হাৰ জীৱনীমূলক উপন্যাস ৰাজপথ থেকে লোকপথ পৰ-ৰ ওপৰত আধাৰিত, য’ত বিজয়া ৰাজে সিন্ধিয়াৰ ৰাজকীয় জীৱনৰ পৰা ৰাইজৰ সেৱা লৈকে যাত্ৰা দৰ্শোৱা হৈছে।[2]
প্ৰসিদ্ধ অভিনেতা বিনোদ খান্নাই গোৱালিয়ৰৰ জীৱজীৰাও সিন্ধিয়াৰ চৰিত্ৰ অৱতীৰ্ণ কৰিছে। ছবিখন ২০০৮ চনত সম্পূৰ্ণ হৈছিল যদিও, ইয়াৰ মুক্তি বহুবছৰ পিছলৈ পিছোৱাই গৈছিল।[3] অৱশেষত, ২০১৭ চনৰ ২১ এপ্ৰিলত চলচ্চিত্ৰগৃহত মুক্তি লাভ কৰে আৰু ৬ মে’ ২০১৭ তাৰিখে Zee Classic-ত প্ৰচাৰিত হৈছিল।[4] ইয়াৰোপৰি, ছবিখন গোৱাৰ ৪৯তম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।
পটভূমি
[সম্পাদনা কৰক]এক থি ৰাণী আইচি ভি হৈছে ন্যায় আৰু স্বৈৰাচাৰৰ, বিনয় আৰু গৰ্বৰ, আদৰ্শবাদ আৰু সুযোগসন্ধানীতাৰ সংঘাতৰ কাহিনী। এইয়া এজন ৰাজাৰ গাঁথা, যিয়ে নিজৰ ৰাইজক গভীৰভাৱে ভাল পাইছিল আৰু তেওঁলোকৰ পৰা পৃথক হোৱাৰ বেদনাত চকুৰ পানী টুকি মৃত্যু বৰণ কৰিছিল। এইয়া এগৰাকী ৰাণীৰ কাহিনী, যিয়ে কেতিয়াও নিজৰ বিশ্বাসৰ লগত আপোচ কৰা নাছিল আৰু যিয়ে প্ৰেমৰ বাণী প্ৰচাৰ কৰি কোটি কোটি লোকৰ মাতৃ হৈ পৰিছিল।
স্বাধীনতাৰ পিছত ভাৰতীয় সংঘৰ সৈতে ৰাজ্যসমূহৰ একত্ৰিকৰণ বহুতো ৰজা-ৰাণীৰ বাবে হতাশাজনক হৈছিল, বিশেষকৈ সেইসকল ৰাজা-ৰাণীৰ বাবে, যিয়ে নিজৰ প্ৰজাসকলক নিজৰ সন্তানৰ দৰে গণ্য কৰিছিল আৰু যাৰ মূল লক্ষ্য আছিল ৰাইজৰ উন্নতি সাধন কৰা। সেই সময়ত ই এক অতি কঠিন পৰিস্থিতি আছিল, যাৰ সৈতে খাপ খুৱাই লোৱাটো সহজ কাম নাছিল।
গোৱালিয়ৰৰ মহাৰাজা জীৱজীৰাও সিন্ধিয়া সেই দুৰ্ভগীয়া ৰজাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁ অকালতে মৃত্যু বৰণ কৰে, ফলত তেওঁৰ পত্নী বিজয়া ৰাজে সিন্ধিয়া এটা ৰাজনৈতিক দলৰ দয়াত নির্ভৰশীল হৈ পৰে। তেওঁ কঠোৰ সংগ্রাম কৰিছিল যদিও, কিন্তু এই মতাদৰ্শৰ যুদ্ধৰ মাজতে তেওঁৰ পুত্ৰক হেৰুৱাইছিল। তেওঁ কেতিয়াও এই সত্য গ্ৰহণ কৰিব পৰা নাছিল যে তেওঁৰ পুত্ৰেই ৰাইজক কষ্ট দিয়া শক্তিসমূহৰ লগত হাত মিলাইছিল।
এই ঘটনাই মাতৃ আৰু তেওঁৰ পুত্ৰৰ মাজত হোৱা সম্পৰ্কৰ অৱসানৰ আৰম্ভণি সূচনা কৰিছিল। মাতৃগৰাকীৰ বাবে এইটো এক কঠিন সময় আছিল। কিন্তু তেওঁ কেতিয়াও সেই শক্তিসমূহৰ আগত নত হোৱা নাছিল আৰু নিজৰ পথত আগবাঢ়ি গৈছিল। আৰু এই পথেই অন্তত সত্য, বিশ্বাস আৰু মানৱীয় মূল্যবোধৰ বিজয় আনিলে।
চৰিত্ৰত
[সম্পাদনা কৰক]- বিজয়া ৰাজে সিন্ধিয়াৰ চৰিত্ৰত হেমা মালিনী
- জীৱাজীৰাও সিন্ধিয়াৰ চৰিত্ৰত বিনোদ খান্না
- এডিচি হিচাপে শচীন খেডেকাৰ
- মাধোৰাও সিন্ধিয়াৰ চৰিত্ৰত ৰাজেশ শ্ৰিংগাৰপুৰে
- বিজয়াৰ কন্যাৰ চৰিত্ৰত প্ৰিয়ংশী মানে
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Hema Malini takes on Rajmata Vijayaraje Scindhia at rediff.com
- ↑ "movietalkies.com". Archived from the original on 2014-10-19. https://web.archive.org/web/20141019055252/http://www.movietalkies.com/movies/19598/ek-thi-rani-aisi-bhi। আহৰণ কৰা হৈছে: 2025-03-27.
- ↑ "‘Ek Thi Rani Aisi Bhi’: When Hema Malini Played Rajmata Scindia". The Quint. 11 March 2020. https://www.thequint.com/entertainment/cinema/ek-thi-rani-aisi-bhi-and-biopics-of-indian-political-leaders#read-more#read-more. "Filming for the Gul Bahar Singh-directorial was reportedly completed in 2008 but the release of the film was delayed."
- ↑ Gaikwad, Manish (7 April 2017). "Biopic 'Ek Thi Rani Aisi Bhi' will lay bare Vijaya Raje Scindia's tensions with her son Madhavrao". Scroll.in. https://thereel.scroll.in/833881/biopic-ek-thi-rani-aisi-bhi-will-lay-bare-vijaya-raje-scindias-tensions-with-her-son-madhavrao। আহৰণ কৰা হৈছে: 18 July 2017.