সমললৈ যাওক

জাগতে ৰহো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এক দিন ৰাত্ৰেৰ পৰা পুনঃনিৰ্দেশিত)
জাগতে ৰহো/এক দিন ৰাত্ৰে

পোষ্টাৰ
পৰিচালক শম্ভু মিত্ৰ
অমিত মৈত্ৰ
ৰচনা কে এ আব্বাছ
চিত্ৰনাট্য শম্ভু মিত্ৰ
অমিত মৈত্ৰ
কাহিনী শম্ভু মিত্ৰ
অমিত মৈত্ৰ
প্ৰযোজক ৰাজ কাপুৰ
অভিনয়ত প্ৰদীপ কুমাৰ
সুমিত্ৰা দেৱী
স্মৃতি বিশ্বাস
পাহাড়ী সান্যাল
ডেইজী ইৰাণী
ৰাজ কাপুৰ
নাৰ্গিছ
চিত্ৰগ্ৰহণকাৰী ৰাধু কৰ্মকাৰ
সম্পাদনা জি জি মায়েকাৰ
সংগীত পৰিচালক সলীল চৌধুৰী
পৰিবেশক আৰ কে ফিল্মছ
মুক্তি
৩ আগষ্ট ১৯৫৬ (1956-08-03)
দৈৰ্ঘ্য
১৪৯ মিনিট
দেশ ভাৰত
ভাষা হিন্দী/ বঙালী
সৰ্বমুঠ আয় est. US$9.33 million (সাঁচ:₹)

জাগতে ৰহো (ইংৰাজী: Jagte Raho) ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত, অমিত মৈত্ৰ আৰু শম্ভু মিত্ৰ পৰিচালিত, খাজা আহমেদ আব্বাছ ৰচিত, ৰাজ কাপুৰ প্ৰযোজিত আৰু অভিনীত এখন হিন্দী/বঙালী ছবি।[1] ছবিখন এজন দুখীয়া গাওঁলীয়া মানুহৰ সম্পৰীক্ষাক লৈ কেন্দ্ৰীভূত, যিজনে এটা উন্নত জীৱনৰ সন্ধানত চহৰলৈ আহিছে। কিন্তু সৰল মানুহজন অতি সোনকালেই মধ্যবিত্তীয় লোভ আৰু দুৰ্নীতিৰ জালত আবদ্ধ হৈ পৰে।[2] ছবিখনৰ চূড়ান্ত দৃশ্যত নাৰ্গিছৰ এটা সৰু ভূমিকা দেখা পোৱা যায়।[3]

এই ছবিখনক বঙালী ভাষাত এক দিন ৰাত্ৰে নামেৰে নিৰ্মাণ কৰা হৈছে, য’ত ৰাজ কাপুৰ, ছবি বিশ্বাস, পাহাড়ী সান্যাল, নাৰ্গিছ দত্ত আৰু ডেইজী ইৰাণীয়ে অভিনয় কৰিছে।[4] ১৯৫৭ চনত চেকোশ্লোভাকিয়াত অনুষ্ঠিত হোৱা কাৰ্ল’ভী ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে ক্ৰিষ্টেল গ্লোব গ্ৰেণ্ড প্ৰিস্ক লাভ কৰে।[5]

কাম বিচাৰি চহৰলৈ অহা গাঁৱৰ এজন দুখীয়া কৃষকে পিয়াহ নিবাৰণৰ বাবে কিছু পানী বিচাৰি ফুৰিছে। তেওঁ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত প্ৰৱেশ কৰে, যাৰ বাসিন্দাসকলে তেওঁক চোৰ বুলি ভাবি খেদি ফুৰে। ধৰা পৰাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি তেওঁ এটা ফ্লেটৰ পৰা আন এটা ফ্লেটলৈ বগাই ফুৰে। তেওঁ লুকাই থকা ফ্লেটবোৰত বহুতো অপৰাধমূলক ঘটনা লক্ষ্য কৰে। বিড়ম্বনাৰ কথাটো হ'ল যে এই অপৰাধসমূহ সংঘটিত কৰিছে চহৰখনৰ তথাকথিত "ভদ্ৰ" নাগৰিকসকলে, যিসকলে দিনৰ ভাগত এনে এক জীৱন কটায়, যিটো বন্ধ দুৱাৰৰ আঁৰত ৰাতিৰ কাম-কাজৰ সম্পূৰ্ণ বিপৰীত।

তাতেই তেওঁ এগৰাকী কণমানি ছোৱালীক দেখা পায়। তাইৰ লগত কথা পাতে আৰু নিজৰ আত্মবিশ্বাস জগাই তোলে। এইবাৰ সাহসেৰে তেওঁ বাহিৰত তেওঁক ধৰিবলৈ অপেক্ষা কৰি থকা লোকসকলৰ মুখামুখি হয়। কিন্তু ফ্লেটৰ পৰা ওলাই আহোঁতে তেওঁ আচৰিত হয় যে তেওঁক কোনেও গুৰুত্ব দিয়া নাই। অৱশেষত তেওঁ এপাৰ্টমেণ্ট বিল্ডিঙৰ পৰা ওলাই যায়, কিন্তু তেওঁৰ পিয়াহ যে এতিয়াও নিৰ্বাপিত হোৱা নাই। হঠাৎ এটা সুৰীয়া গীত শুনি তাৰ উৎস বিচাৰি কুঁৱাৰ পৰা পানী তুলি থকা এগৰাকী মহিলাক দেখা পায়। আৰু অৱশেষত তেওঁৰ তৃষ্ণা দূৰ হয়।

অভিনয়ৰ বাহিৰেও সংগীত ছবিখনৰ মুখ্য আকৰ্ষণ আছিল। গীতৰ কথা শৈলেন্দ্ৰ আৰু প্ৰেম ধাৱনৰ; সংগীত ৰচনা সলিল চৌধুৰীৰ।

বঙালী সংস্কৰণ

[সম্পাদনা কৰক]

হিন্দী সংস্কৰণত মোতীলালৰ ওপৰত চিত্ৰায়ণ কৰা "জিন্দেগী খোৱাব হায়" গীতটো বঙালী সংস্কৰণত মান্না দেৰ কণ্ঠত "এই দুনিয়াই সবই হয়" হিচাপে বাণীবদ্ধ কৰা হৈছিল আৰু ছবি বিশ্বাসৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল। দুয়োটা সংস্কৰণৰ কাহিনীভাগ প্ৰায় একেই, লগতে গীতবোৰো। মহম্মদ ৰফীয়ে গোৱা আৰু শিখ চালকৰ ওপৰত চিত্ৰায়ণ কৰা "টেকি মেইন ঝুথ ব’লিয়া" দুয়োটা সংস্কৰণতে একে ধৰণৰ। লতা মংগেশকাৰে গোৱা "জাগো মোহন প্ৰীতম", দুয়োটা সংস্কৰণতে সমান, কেৱল গীতৰ কথাহে প্ৰয়োজন অনুসৰি হিন্দী আৰু বাংলালৈ সলনি কৰা হৈছিল।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • ৰাজ কাপুৰ (কৃষক)
  • নাৰ্গিছ (মন্দিৰৰ গায়িকা)
  • প্ৰদীপ কুমাৰ (প্ৰদীপ)
  • সুমিত্ৰা দেৱী
  • স্মৃতি বিশ্বাস
  • পাহাড়ী সান্যাল
  • সুলোচনা চেটাৰ্জী
  • ডেইজী ইৰাণী
  • মোতীলাল (কেবল হিন্দী সংস্কৰণত)
  • ছবি বিশ্বাস (কেবল বঙালী সংস্কৰণত)
  • নানা পালচিকাৰ
  • ইফটিকাৰ
  • নেমো

বক্স অফিচ

[সম্পাদনা কৰক]

জাগতে ৰহো ছোভিয়েট বক্স অফিচত এখন বিদেশী ব্লকবাষ্টাৰ ছবি আছিল। ছোভিয়েট ইউনিয়নত ৰাজ কাপুৰৰ জনপ্ৰিয়তাৰ বাবে ১৯৬৫ চনত ৩৩.৬ মিলিয়ন ছোভিয়েট দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।[5] ছোভিয়েট ইউনিয়নত ১৯৬৫ চনত ছবিখনে আনুমানিক ৮.৪ মিলিয়ন ৰুবল (৯.৩৩ মিলিয়ন মাৰ্কিন ডলাৰ বা ৪.৪৪ কোটি টকা) উপাৰ্জন কৰিছিল, যিটো ২০১৬ চনত ৯৩ মিলিয়ন মাৰ্কিন ডলাৰ বা ৪৭৭ কোটি টকাৰ সমতুল্য।[n 4]

১৯৫৭ চনত চেকোস্লোভাকিয়াত অনুষ্ঠিত হোৱা কাৰ্ল’ভী ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ এটা চুটি সংস্কৰণে ক্ৰিষ্টেল গ্ল'ব গ্ৰেণ্ড প্ৰিস্ক লাভ কৰে।[10] চতুৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনৰ বঙালী সংস্কৰণ এক দিন ৰাত্ৰেই বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট পায়।[11]

  1. 33.6 million Soviet tickets sold,[5] average ticket price of 25 kopecks[6]
  2. 0.9  Rbl per US dollar from 1961 to 1971[7]
  3. 4.7619 Indian rupees per US dollar from 1950 to 1965[8]
  4. Jagte Raho in Soviet Union: 8.4 million  Rbls[n 1] (US$9.33 million,[n 2] 4.44 crore)[n 3] in 1965[5] (US$77 million or 477 crore[9] in 2016)

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Kahlon, Sukhpreet. "Jagte Raho: Revisiting Raj Kapoor's socially relevant masterpiece". Cinestaan. https://www.cinestaan.com/articles/2017/may/23/5962/jagte-raho-revisiting-raj-kapoor-s-socially-relevant-masterpiece। আহৰণ কৰা হৈছে: 2018-02-09. 
  2. "Jagte Raho (1956) - Full Cast and Crew". Cinestaan. https://www.cinestaan.com/movies/jagte-raho-2246/cast-crew। আহৰণ কৰা হৈছে: 2018-02-09. 
  3. "Jagte Raho (1956) - Cinestaan.com". Cinestaan. https://www.cinestaan.com/movies/jagte-raho-2246। আহৰণ কৰা হৈছে: 2018-02-09. 
  4. "Ek Din Raatre". Gomolo. Archived from the original on 22 May 2014. https://web.archive.org/web/20140522105449/http://www.gomolo.com/ek-din-ratre-movie/13576। আহৰণ কৰা হৈছে: 22 May 2014. 
  5. 5.0 5.1 5.2 5.3 Sergey Kudryavtsev. "Зарубежные популярные фильмы в советском кинопрокате (Индия)". http://kinanet.livejournal.com/1469857.html. 
  6. Moscow Prime Time: How the Soviet Union Built the Media Empire that Lost the Cultural Cold War, page 48, Cornell University Press, 2011
  7. "Archive of Bank of Russia". cbr.ru. http://cbr.ru/currency_base/OldDataFiles/USD.xls। আহৰণ কৰা হৈছে: 2018-06-03. 
  8. "USD pages". fx.sauder.ubc. http://fx.sauder.ubc.ca/etc/USDpages.pdf#page=3। আহৰণ কৰা হৈছে: 2018-06-03. 
  9. "67.175856 INR per USD in 2016". www.ofx.com. https://www.ofx.com/en-gb/forex-news/historical-exchange-rates/yearly-average-rates/। আহৰণ কৰা হৈছে: 2018-06-03. 
  10. "10th Karlovy Vary IFF". Film Servis Festival Karlovy Vary. Archived from the original on 4 November 2013. https://web.archive.org/web/20131104102047/http://www.kviff.com/en/about-festival/history-past-years/1957/। আহৰণ কৰা হৈছে: 22 May 2014. 
  11. "4th National film Awards". Archived from the original on 22 November 2017. https://web.archive.org/web/20171122202225/http://iffi.nic.in/Dff2011/Frm4thNFAAward.aspx?PdfName=4NFA.pdf। আহৰণ কৰা হৈছে: 17 July 2011. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]