এখন নেদেখা নদীৰ সিপাৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এখন নেদেখা নদীৰ সিপাৰে
পৰিচালক বিদ্যুত কটকী
প্ৰযোজক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগম
চিত্ৰগ্ৰহণকাৰী মধু আম্বাত
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
১৪ ছেপ্টেম্বৰ, ২০১২
দৈৰ্ঘ্য
৯০ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

এখন নেদেখা নদীৰ সিপাৰে (ইংৰাজী: Akhon Nedekha Nodir Sipare, ইংৰাজী শিৰোনাম As the River Flows) হৈছে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে (National Film Development Corporation, চমুকৈ NFDC) বোলছবিখন প্ৰযোজনা কৰে। চলচ্চিত্ৰখনৰ পৰিচালক মুম্বাই চহৰৰ বাসিন্দা অসমীয়া পৰিচালক বিদ্যুত কটকী[1]

কাহিনী[সম্পাদনা কৰক]

অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি পাছত হত্যা কৰিছিল। এই ঘটনাৰ আধাৰতে এই ছবিখন নিৰ্মাণ কৰা হৈছে[1]। ২০১০ চনত ভূপেন হাজৰিকাই চলচ্চিত্ৰখনৰ বাবে এটি কবিতা আবৃত্তি কৰে[2]। পৰিচালক বিদ্যুত কটকীয়ে কয়[3],

"The poem represents the voice of the river Brahmaputra through the voice of the music maestro. Late Hazarika is known for his passion for the mighty river and is called the 'Bard of Brahmaputra'. So, when I needed someone to represent the voice of the river in my film, I immediately decided to approach Dr. Hazarika. ... He was ailing and not well when I approached him for recording the recitation for the film. However, he agreed to lend his voice and we finally recorded the recitation in February 2010."

অভিনয়[সম্পাদনা কৰক]

  • ভিক্টৰ বেনাৰ্জী
  • সঞ্জয় চুৰী
  • বিদিতা বাগ
  • ৰাজ জুটছী
  • নকুল বৈদ
  • নৱীদ আচলাম[1]

সংগীত[সম্পাদনা কৰক]

এখন নেদেখা নদীৰ সিপাৰে
বোলছবি
শৈলী/ধৰণ বোলছবি সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। গীতৰ কথা জুবিন গাৰ্গ, বিদ্যুত কটকী, জয়ন্ত সোণোৱাল আৰু খগেন গগৈৰ।[4]

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ইপাৰ সিপাৰ (আলাপ)"  জুবিন গাৰ্গজুবিন গাৰ্গ, অনিন্দিতা পাল  
2. "লুইতৰ শুৱনি ঐ"  খগেন গগৈখগেন গগৈ  
3. "কবিতা (অসমীয়া)"  বিদ্যুত কটকীভূপেন হাজৰিকা  
4. "চিত পখিলা উৰা দি"  জয়ন্ত সোণোৱালজুবিন গাৰ্গ, জয়ন্ত সোণোৱাল, পপী শইকীয়া  
5. "সেন্দূৰী আভাৰে"  বিদ্যুত কটকীজুবিন গাৰ্গ  
6. "সময়ৰ লগতে"  বিদ্যুত কটকীমহালক্ষ্মী আয়াৰ  

বিতৰ্ক[সম্পাদনা কৰক]

চেন্সৰ বোৰ্ডে অসমীয়া চলচ্চিত্ৰ বুলি স্বীকৃতি দিয়াৰ পাছতো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰকমণ্ডলীয়ে এইখন অসমীয়া চলচ্চিত্ৰ নহয় বুলি বঁটাৰ কাৰণে অযোগ্য ঘোষণা কৰে[5] আৰু ইয়াৰ ফলত চলচ্চিত্ৰখন বাতৰিৰ শিৰোনামলৈ আহে।

সন্মান/পুৰস্কাৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]