এগনেছ পাৰেয়
| এগনেছ পাৰেয় | |
|---|---|
| জন্ম | ২৪ জুন, ১৯৫৬ (৬৯ বছৰ) নাৰক, কেনিয়া |
| ৰাষ্ট্ৰীয়তা | কেনিয়া |
| পেচা | নাৰী অধিকাৰ কৰ্মী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৪–বৰ্তমানলৈকে |
| জনা যায় | তাছাৰু ণ্টোমনোক উদ্ধাৰ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। ২০২২ চনৰ ৯ আগষ্টত নিৰ্বাচিত হোৱা নাৰোক উত্তৰ সংসদ সদস্য। |
এগনেছ পাৰেয় (ইংৰাজী: Agnes PareyioAgnes Pareyo; জন্ম: ২৪ জুন ১৯৫৬[1]) এগৰাকী মাছাই কেনিয়াৰ মহিলা অধিকাৰ কৰ্মী, ৰাজনীতিবিদ আৰু মহিলাৰ যৌনাংগ কটাৰ বিৰুদ্ধে অভিযান চলোৱা টাছাৰু ণ্টোমনোক ৰেচকিউ চেণ্টাৰ ফৰ গাৰ্লছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।[2]
জীৱনী
[সম্পাদনা কৰক]১৯৫৬ চনত গাঁৱৰ মুখীয়ালৰ কন্যা পাৰেয়ৰ জন্ম হৈছিল।[3]১৪ বছৰ বয়সত তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে যৌনাংগ বিকৃত (FGM) কৰাৰ পিছত তেওঁ আন ছোৱালীৰ ক্ষেত্ৰত এফ জি এম ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।[3][4]
১৮ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ কিছু সময়ৰ পিছতে পাৰেয়ই কেনিয়াৰ মহিলা সংগঠন মেণ্ডেলিঅ’ য়া ৱানাৱাকেত যোগদান কৰে আৰু তাতেই তেওঁ এগৰাকী নেত্ৰী হয়। অৱশেষত তেওঁৰ প্ৰচেষ্টা নাৰীৰ যৌনাংগ বিকৃতিৰ বিৰুদ্ধে যুঁজিবলৈ ধাৱমান হয়।[5]
এফজিএমৰ বিৰোধী পাৰেয়ই ছোৱালীক এই পদ্ধতিৰ বিষয়ে শিকায়; মহিলাৰ প্ৰজনন নলীৰ কাঠৰ মডেল ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ এফজিএম দেখুৱায়।[3][5]তেওঁ সাংস্কৃতিক পদ্ধতিসমূহক প্ৰত্যাহ্বান জনায় আৰু এই পদ্ধতিৰ প্ৰচাৰ কৰা সম্প্ৰদায়সমূহৰ সৈতে জড়িত হোৱা, বিকল্প নাৰী ৰীতি-নীতিৰ পৰামৰ্শ আৰু প্ৰদৰ্শন কৰে।[6] পাৰেয়ই নাৰীৰ যৌনাংগ বিকৃতিৰ পৰা পলায়ন কৰা কণমানি ছোৱালীৰ বাবে এটা নিৰাপদ ঘৰ চলায়। প্ৰতিগৰাকী ছোৱালীৰ পৰিয়ালৰ সৈতে কাম কৰি এফজিএমৰ পৰিণতি বুজিবলৈ সহায় কৰে আৰু ছোৱালীজনীক এই পদ্ধতিৰ পৰা ৰক্ষা কৰিবলৈ পতিয়ন নিয়ায়। এফ জি এম কৰা মহিলাসকলকো ইয়াৰ ক্ষতিৰ বিষয়ে জ্ঞান দিয়ে।[3] পাৰেয় আছিল তেওঁৰ স্থানীয় অঞ্চলৰ উপ-মেয়ৰ নিৰ্বাচিত হোৱা প্ৰথম মাছাই মহিলা।[1]পাৰেয়ই এফজিএমৰ পিতৃতান্ত্রিক সামাজিক প্ৰভাৱসমূহো বিশ্লেষণ কৰিছে, য'ত ছোৱালীক শিক্ষাৰ পৰা আঁতৰাই নিয়াৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰাৰ উপায় আৰু অৰ্থনৈতিক আৰু সামাজিক স্বাধীনতাৰ অন্যান্য উপায়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে।[7]
লিংগ সমতা আৰু মহিলা সবলীকৰণৰ দিশত কৰা কামৰ বাবে ২০০৫ চনত কেনিয়াত তেওঁ ৰাষ্ট্ৰসংঘৰ বছৰৰ ব্যক্তি হিচাপে নিৰ্বাচিত হয়।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Agnes Pareyio". Skoll. http://skoll.org/contributor/agnes-pareyio/। আহৰণ কৰা হৈছে: 2 October 2017.
- ↑ "A Safe Haven for Girls Escaping Harm in Kenya". United Nations Population Fund. http://www.unfpa.org/news/safe-haven-girls-escaping-harm-kenya.
- ↑ 3.0 3.1 3.2 3.3 Hari, Johann (12 March 2009). "Witch hunt: Africa's hidden war on women". The Independent. https://www.independent.co.uk/news/world/africa/witch-hunt-africas-hidden-war-on-women-1642907.html.
- ↑ Pareyio, Agnes. "Rising to End FGM - Agnes Pareyio". Huffington Post. https://www.huffingtonpost.com/one-billion-rising/post_8654_b_6215672.html.
- ↑ 5.0 5.1 Goldberg, Michelle (2009). The Means of Reproduction: Sex, Power, and the Future of the World. Penguin. ISBN 9781594202087. https://archive.org/details/meansofreproduct0000gold.
- ↑ "Defying Tradition to Rescue Maasai Girls from Female Circumcision". Archived from the original on 2007-01-07. https://web.archive.org/web/20070107161207/http://www.orato.com/node/680। আহৰণ কৰা হৈছে: 20 May 2013.
- ↑ Carpentier, Megan (13 March 2009). "Fighting Misogyny & Women's Oppression In Africa, One Country At A Time". Jezebel. http://jezebel.com/5169615/fighting-misogyny--womens-oppression-in-africa-one-country-at-a-time?skyline=true&s=i। আহৰণ কৰা হৈছে: 2 October 2017.
- ↑ "United Nations Information Centre - UN In Kenya Award". http://www.unicnairobi.org/UNPOY.asp। আহৰণ কৰা হৈছে: 20 May 2013.