এগনেছ ব্লুম
| এগনেছ ব্লুম | |
|---|---|
১৮৮৬ এগনেছ ব্লুম | |
| জন্ম | ৯ জানুৱাৰী ১৮৬২ কনষ্টেন্টিনোপল, অট্টোমান সাম্ৰাজ্য |
| মৃত্যু | ১২ নৱেম্বৰ ১৯৪৩ বিলিট্জ নাজী জাৰ্মানী। |
| নাগৰিকত্ব | জাৰ্মান |
| জনা যায় | ইউজেনিক্স |
এগনেছ ব্লুম (৯ জানুৱাৰী ১৮৬২ – ১২ নৱেম্বৰ ১৯৪৩) এগৰাকী জাৰ্মান চিকিৎসক, ইউজেনিষ্ট আৰু গ'থে পদক বিজয়ী আছিল। তেওঁৰ বিশ্বাস আছিল যে জাৰ্মান মহিলাসকলে ইউজেনিক্স আৰু বলপূৰ্বক বন্ধ্যাকৰণ ব্যৱহাৰ কৰি জাতিটোৰ উন্নতি সাধন কৰিব পাৰে। তেওঁ লিখিছে যে "নাৰীৰ মনোজগত"ই তেওঁৰ লিংগক "বৰ্ণগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে" কাম কৰাৰ প্ৰতি প্ৰবল কৰি তুলিছিল।
জীৱন
[সম্পাদনা কৰক]১৮৬২ চনত কনষ্টেণ্টিনোপলত জন্মগ্ৰহণ কৰিছিল ব্লুমে। হস্পতালৰ চিকিৎসক হিচাপে প্ৰশিক্ষণ লাভ কৰি গৱেষণাৰ বাবে পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ মতে জাৰ্মান মহিলাসকলে ইউজেনিক্স ব্যৱহাৰ কৰি জাতিটোৰ উন্নতি সাধন কৰিব পাৰে।[1] ছাত্ৰী হিচাপে তেওঁ ফ্ৰেড্ৰিখ নিচ্চেক লগ পায় আৰু তেওঁৰ মহলৰ ছাত্ৰ-ছাত্ৰীৰ অংশ হৈ পৰে, য'ত ইভা ক'ৰেল, মেটা ভন চেলিছ, ৰেছা ভন শ্বিৰনহ'ফাৰ আৰু ক্লাৰা উইলডেন'ও আছিল।[2]
১৮৮৬ চনত ইতিমধ্যে পলিন ৰুডিন নামৰ আন এগৰাকী বিজ্ঞানীৰ সৈতে জড়িত আলফ্ৰেড প্ল’টজৰ প্ৰেমত পৰে। ডিচেকচন চলাই থকাৰ সময়তে তেওঁলোক জড়িত হৈ পৰে আৰু ১৮৮৭ চনৰ আৰম্ভণিতে তেওঁলোকে বিয়া হোৱাৰ সিদ্ধান্ত লয়। প্ল’টজে সম্মোহন বিজ্ঞানৰ অধ্যয়ন কৰা মেৰী শ্বেৰউড নামৰ এগৰাকী আমেৰিকানকো দেখা পাইছিল। ১৮৮৮ চনত প্ল’টজে ৰুডিনলৈ উভতি আহি তেওঁক বিয়া কৰায়। ব্লুমে অৱশ্যে প্ল'টজক গোটেই জীৱন ঘনিষ্ঠ বন্ধু হিচাপে ৰাখিছিল আৰু বৰ্ণগত বিশুদ্ধতা আৰু ইউজেনিক্সৰ উপকাৰিতাৰ বিষয়ে দুয়োৰে মতামত একে আছিল।[3]
ব্লুম বাৰ্লিনৰ তৃতীয়গৰাকী মহিলা চিকিৎসক হয় আৰু তেওঁ ১৮৯০ চনত জুৰিখৰ দুজন সহযোগী প্ৰশিক্ষিত চিকিৎসকৰ সৈতে যোগদান কৰে আৰু তাত দৰিদ্ৰ মহিলাসকলৰ বাবে এখন ক্লিনিকত কাম কৰে।[4] ১৯০৬ চনত তেওঁ ৰেচিয়াল হাইজিন ছ'চাইটিত যোগদান কৰে।[3]
কাণৰ সমস্যাৰ বাবে ব্লুমমে চিকিৎসা বিজ্ঞানৰপৰা অৱসৰ ল’বলগীয়া হৈছিল যদিও তেওঁ নিজৰ প্ৰচেষ্টাক চিকিৎসা গৱেষণালৈ পুনৰ নিৰ্দেশিত কৰিছিল। ১৯১৮ চনৰ পিছত তেওঁ জীৱ-জন্তুৰ বংশগততাৰ ওপৰত বিস্তৃত গৱেষণা কৰি এটা জাতি কেনেকৈ উন্নত কৰিব পাৰি সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰে।[1] তেওঁৰ গৱেষণাৰ বাবে পৰিচিত প্ৰথমগৰাকী জাৰ্মান মহিলা চিকিৎসক বুলি কোৱা হয়।[4] ৰকফেলাৰ ফাউণ্ডেশ্যনৰপৰা আগতীয়াকৈ পুঁজিৰে মদ্যপান আৰু বংশগততাৰ ওপৰত গৱেষণা কৰিছিল। ১৯৩১ চনত ব্লুমক তেওঁৰ এই কামৰ বাবে ৰূপালী লাইবনিট্জ পদক প্ৰদান কৰা হয়।[1]
১৯৩৬ চনত তেওঁৰ গ্ৰন্থখন প্ৰকাশ কৰে য’ত নাৰীৰ ভূমিকা সম্পৰ্কে তেওঁৰ মতামত উল্লেখ কৰা হৈছিল। মহিলা চিকিৎসকৰ বাবে বৰ্ণ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সমস্যায় বৰ্ণনা কৰিছিল যে মানৱতা উন্নত কৰাৰ বাবে প্ৰজননৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাটো মহিলাৰ ভূমিকাক তেওঁ কেনেদৰে দেখিছিল। ধূমপানৰ বিৰুদ্ধে তীব্ৰ পোষকতা কৰিছিল, ধূমপান কৰা মহিলাৰ প্ৰজনন ক্ষমতা কম হোৱা দেখা পোৱা গৱেষণাৰ কথা লক্ষ্য কৰিছিল। মহিলাসকলে মাতৃত্বৰফালে চাব লাগে আৰু মুক্তিক তেওঁলোকৰ অৱদান হিচাপে চাব নালাগে। যদিও ব্লুমৰ কেৰিয়াৰ আছিল তেওঁ বিশেষ চিকিৎসকৰ প্ৰয়োজনীয়তাৰ বাবে এইটোক বিশেষ ক্ষেত্ৰ হিচাপে দেখিছিল। সাধাৰণতে তাই ভাবিছিল যে মহিলাৰ কেৰিয়াৰ থাকিব নালাগে। তদুপৰি, তেওঁ পৰামৰ্শ দিছিল যে "নাৰীৰ মনোজগত"ই তেওঁৰ লিংগক "বৰ্ণগত পৰিষ্কাৰ-পৰিচ্ছন্নতা"ৰ বাবে কাম কৰাৰ প্ৰতি প্ৰবল কৰি তুলিছিল।[1]
যুদ্ধৰ সময়ত তেওঁ গ’থে-মেডাইল ফৰ কনষ্ট উণ্ড উইচেনশ্বাফ্টত জয়ী হৈছিল। এডলফ হিটলাৰে ক্ষমতাত থকা সময়ছোৱাত ইয়াৰে প্ৰায় ৪০০টা পদক প্ৰদান কৰিছিল যদিও মাত্ৰ পাঁচটাহে মহিলাক প্ৰদান কৰা হৈছিল আৰু বাকীবোৰ আছিল এগৰাকী গায়িকা, অভিনেত্ৰী আৰু লেখিকা।[5]
১৯৪৩ চনত জাৰ্মানীৰ বিলিটজত ৮১ বছৰ বয়সত ব্লুমৰ মৃত্যু হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Ogilvie, Marilyn; Harvey, Joy, eds (2000). The Biographical Dictionary of Women in Science. 1 (A–K). Routledge. পৃষ্ঠা. 149–150. ISBN 9780415920384. https://books.google.com/books?id=KWaLDAEACAAJ.
- ↑ Schmid, Holger (2003) (German ভাষাত). Briefe von und an Friedrich Nietzsche, Januar 1885 – Dezember 1886. প্ৰকাশক Berlin, Germany: Walter de Gruyter. পৃষ্ঠা. 83–84. ISBN 978-3-11-017428-1. https://books.google.com/books?id=Vrm2Itw_6hoC&pg=PA83.
- 1 2 Weindling, Paul (1993). Health, race, and German politics between national unification and Nazism, 1870-1945 (1st pbk. সম্পাদনা). প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 74. ISBN 052142397X. https://books.google.com/books?isbn=052142397X.
- 1 2 Creese, Mary R. S.; Creese, Thomas M. (2004). West European Women in Science, 1800–1900 : A Survey of Their Contributions to Research. প্ৰকাশক Lanham, Maryland: Scarecrow Press. পৃষ্ঠা. 160. ISBN 0810849798. https://books.google.com/books?isbn=0810849798.
- ↑ Heyck, Hartmut (2009). The Goethe-Medal for Art and Science. প্ৰকাশক Ottawa: Heyck Publications. পৃষ্ঠা. 26. ISBN 978-0981218205. https://books.google.com/books?isbn=0981218202.