এচিছ আৰু গালাটিয়া

এচিছ আৰু গালাটিয়া (/ˈeɪsɪs/, /ɡæləˈtiː.ə/[1][2] ইংৰাজী: Acis and Galatea) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত কিংবদন্তিমূলক চৰিত্ৰ৷ অভিদৰ মেটামৰ্ফ'ছেছত তেওঁলোকক একেলগে জড়িত কৰা হৈছে। এই কাহিনীত মৰ্ত্যলোকৰ এচিছ আৰু নেৰেইড (সাগৰীয় নিম্ফ) গালাটিয়াৰ মাজৰ প্ৰেমৰ কথা বৰ্ণনা কৰা হৈছে; যেতিয়া ঈৰ্ষাপৰায়ণ চাইক্লপছ (এচকুৱা দানৱ) পলিফেমাছে এচিছক হত্যা কৰে, গালাটিয়াই নিজৰ প্ৰেমিকক অমৰ নদী-আত্মালৈ ৰূপান্তৰিত কৰে। এই প্ৰেম কাহিনী নৱজাগৰণ আৰু তাৰ পিছৰ সময়ছোৱাৰ কবিতা, অপেৰা, চিত্ৰকলা আৰু মূৰ্তি আদি শিল্পৰ বিষয়বস্তু হিচাপে উপস্থাপন কৰা হৈছিল।
কিংবদন্তি
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীক ভাষাত গালাথিয়া বা গালাটিয়াৰ অৰ্থ হৈছে 'যিজন গাখীৰৰ দৰে বগা'৷[3][4] প্ৰাচীন সাগৰীয় দেৱতা নেৰিয়াছ আৰু ড'ৰিছৰ "গৌৰৱময়" আৰু "সুন্দৰী" কন্যা আছিল গালাটিয়া৷ হোমাৰ আৰু হেচিঅ'ড উভয়ৰে গ্ৰন্থত তেওঁক সাগৰীয় নিম্ফ (অপেশ্বৰী) আৰু ৫০ গৰাকী নেৰেইডছৰ ভিতৰত আটাইতকৈ সুন্দৰী আৰু প্ৰিয় বুলি বৰ্ণনা কৰা হৈছে। থিয়ক্ৰিটাছৰ মতে (ইডিলছ ৬ আৰু ১১) তেওঁ এজন অতি অসম্ভৱ প্ৰেমিক চিচিলিয়ান চাইক্লপছ পলিফেমাছৰ অন্তৰত প্ৰেম জগাই তুলিছিল। ভাৰ্জিলেও তেওঁৰ নাম কেইবাবাৰো উল্লেখ কৰিছে।
অভিডৰ মেটামৰ্ফ'ছেছত গালাটিয়াক ফাউনাছৰ পুত্ৰ এচিছ আৰু ছাইমেথাছ নদীৰ কন্যা নদী-নিম্ফ চাইমাইথিছৰ প্ৰিয় পাত্ৰী হিচাপে বৰ্ণনা কৰা হৈছে। এদিন গালাটিয়া আৰু তেওঁৰ প্ৰেমিক সাগৰৰ তীৰত শুই আছিল, তেতিয়া পলিফেমাছে তেওঁলোকক দেখা পায় ঈৰ্ষান্বিত হৈ এটনা পৰ্বতৰ পৰা এটা বিশাল শিল আনি এচিছৰ ওপৰত নিক্ষেপ কৰি তেওঁক হত্যা কৰে।[5] তাৰ পিছত গালাটিয়াই শিলটোৰ তলৰ পৰা বৈ অহা তেওঁৰ তেজৰ ধাৰাক পানীলৈ ৰূপান্তৰিত কৰিলে, যাৰ ফলত এটনাত তেওঁৰ নাম বহন কৰা চিচিলিয়ান নদী এচিছৰ সৃষ্টি হয়। তেওঁ নিজৰ প্ৰেমিকক জুৰিৰ শিঙাল দেৱতালৈ ৰূপান্তৰিত কৰিলে। ৰূপান্তৰৰ পিছত তেওঁৰ শৰীৰটো বহল আৰু মুখখন গভীৰ নীলা হোৱাৰ বাহিৰে তেওঁৰ মূল বৈশিষ্ট্যবোৰ একে থাকে।
পিছৰ পৰম্পৰা অনুসৰি গালাটিয়াই অৱশেষত পলিফেমাছৰ লগত বিবাহত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰ হৈছে গলসকলৰ (Gauls) পূৰ্বপুৰুষ গালাছ বা গালাটেছ।[6] ইতিহাসবিদ টিমাইয়াছে গালেটছক পলিফেমাছ আৰু গালাটিয়াৰ পুত্ৰ বুলি বৰ্ণনা কৰিছে।
ড'ট' আৰু পানোপেৰ সৈতে গালাটিয়াই তেওঁৰ ভগ্নী থেটিছক সাগৰৰ পৰা পেলিয়াছৰ সৈতে হোৱা বিয়ালৈ আগবঢ়াই লৈ গৈছিল। হোমাৰৰ ইলিয়াডত উল্লেখ কৰা মতে গালাটিয়া আৰু তেওঁৰ আন ভগ্নীসকলে বন্ধু পেট্ৰ'ক্লাছে একিলিছক হত্যা কৰাৰ সময়ত মাতৃ থেটিছৰ দুখৰ সমভাগী হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Smith, Benjamin E. (1895). The Century cyclopedia of names; a pronouncing and etymological dictionary of names in geography, biography, mythology, history, ethnology, art, archaeology, fiction, etc.. i. প্ৰকাশক New York: The Century Company. পৃষ্ঠা. 10. https://archive.org/details/centurycyclopedi09smituoft/page/10/mode/2up.
- ↑ Smith, op. cit., p. 420
- ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus; Scheffero; Schimdt). Archived from the original at November 29, 2022.
- ↑ Kerényi, Carl (1951) (en ভাষাত). The Gods of the Greeks (1974 সম্পাদনা). প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 64–65. https://openlibrary.org/books/OL24208348M/The_gods_of_the_Greeks.
- ↑ Pierre Grimal (1996). "Galatea". The Dictionary of Classical Mythology (PDF). Blackwell. p. 158. ISBN 978-0-631-20102-1. Archived from the original (PDF) on March 24, 2022.
- ↑ Herbert Jennings Rose, A Handbook of Greek Mythology, Routledge, 1990, p.20