সমললৈ যাওক

এছিয়ান উন্নয়ন বেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এচিয়ান ডেভেলপ্মেন্ট বেংকৰ পৰা পুনঃনিৰ্দেশিত)
এছিয়ান উন্নয়ন বেংক
গঠন ২২ আগষ্ট , ১৯৬৬
প্ৰকাৰ আঞ্চলিক সংস্থা
Legal status চুক্তিপত্ৰ
উদ্দেশ্য ঋণদান
Headquarters মান্দালুইয়ং চহৰ, মেট্ৰ' মানিলা, ফিলিপাইন
Region served
এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চল
সদস্য ৬৭খন দেশ
সভাপতি
টাকেহিক' নাকাও
Main organ
পৰিচালনা পৰিষদ[1]
Staff ২,৯৯৭ জন
ৱেবছাইট http://www.adb.org

এছিয়ান উন্নয়ন বেংক (ইংৰাজী: Asian Development Bank) বা এডিবি আঞ্চলিক উন্নয়ন বেংক হিচাপে ২২ আগষ্ট, ১৯৬৬ চনত প্ৰতিষ্ঠিত হয়।[2] এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ অৰ্থনৈতিক উন্নয়নক দ্ৰুত, বেগৱান আৰু সহজ কৰায় এই বেংকৰ মূল উদ্দেশ্য।

ৰাষ্ট্ৰসংঘৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক কমিচনৰ(UNSKEP) সদস্য আৰু অন্যান্য উন্নত দেশসমূহৰ সমন্বয়ত এই বেংক গঠন কৰা হয়।

প্ৰতিষ্ঠাকালীন সময়ত বেংকৰ সদস্যৰ সংখ্যা আছিল ৩১খন দেশ। বৰ্তমান সময়ত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৬৭ খন।[3] তাৰে ভিতৰত ৪৮খন দেশ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ। বাকী ১৯খন দেশ আন অঞ্চলৰ।

২০১৪ চনৰ শেষৰ ফালে জাপান এই বেংকৰ আটাইতকৈ বেছি শ্বেৱাৰহোল্ডাৰ। এই বেংকৰ শ্বেৱাৰ জাপান ১৫.৭%, আমেৰিকা যুক্তৰাষ্ট্ৰ ১৫.৬%, চীন ৬.৫%, ভাৰত ৬.৪%, অষ্ট্ৰেলিয়া ৫.৮% আৰু বাকী থকাখিনি আন আন দেশৰ। ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ।

এছিয়ান উন্নয়ন বেংক প্ৰতিষ্ঠা মূলতঃ কিছুসংখ্যক জাপানী সকলৰ আগ্ৰহৰ ফলশ্ৰুতিৰ ফলত গঠিত হল। তেওঁলোকে ১৯৬২ চনত বেংকৰ মাধ্যমত আঞ্চলিক উন্নয়নৰ লক্ষ্য আগত ৰাখি প্ৰাইভেট প্লেন বা বেচৰকাৰী পৰিকল্পনা আৰু চিন্তাধাৰা গ্ৰহণ কৰে। পৰৱৰ্তী কালত জাপান চৰকাৰে ইয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। জাপানীসকলে অনুভৱ কৰিছিল যে, বিশ্ববেংক এছিয়াৰ অৰ্থনীতিত অংশগ্ৰহণ নকৰিব। ফলত এছিয়াৰ কোনো উন্নয়ন নঘটিব। আৰু এক বেংক প্ৰতিষ্ঠানিকভাৱে গঠনৰ মাধ্যমত জাপান লাভৱান হব।

১৯৬৬ চনত এছিয়ান উন্নয়ন বেংক বা এডিবি প্ৰতিষ্ঠিত হোৱাৰ পিছৰে পৰা জাপান বেংকখনৰ শীৰ্ষস্থানত অধিষ্ঠিত হয়। তেওঁলোকে ইয়াৰ সভাপতিৰ আসন দখল কৰে। তদুপৰি অন্যান্য গুৰুত্বপূৰ্ণ সংৰক্ষিত পদো কৰায়ত্ত কৰে। তাৰে প্ৰশাসনিক বিভাগ অন্যতম।

জাপানৰ অৰ্থনৈতিক লাভৰ প্ৰেক্ষাপটত এডিবি কাম কাজ কৰে। ইয়াৰ অধিকাংশ ঋণ সহায়তা ঘাইকৈ ইণ্ডোনেছিয়া, থাইলেণ্ড, মালয়েছিয়া,দক্ষিণ কোৰিয়া ৰয় ফিলিপাইনক দেশক কৰে। জাপানৰ লগত এই দেশ সমূহৰ ব্যাপক বৈদেশিক লেনদেন পৰিচালিত হয়। ১৯৬৭-৭২ চন পৰ্যন্ত এই দেশ সমূহে এডিবিৰ মুঠ ঋণৰ ৭৮.৪৮% অৰ্থ লাভ কৰিছে।

বিশ্ববেংকৰ প্ৰায় সমৰূপ সজ্জাত এছিয়ান উন্নয়ন বেংক প্ৰতিষ্ঠিত হৈছে। সদস্যভূক্ত দেশসমূহৰ অৰ্থনৈতিক বুনিয়াদৰ ওপৰত নিৰ্ভৰ কৰি ভোট প্ৰদানৰ ব্যৱস্থা আছে। বৰ্তমান জাপান ইয়াৰ সৰ্বোচ্চ শ্বেয়াৰ হোল্ডাৰ। সেইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বিতীয়, চীন তৃতীয়, ভাৰত চতুৰ্থ আৰু অষ্ট্ৰেলিয়া পঞ্চম স্থানৰ শ্বেয়াৰ হোল্ডাৰ।

বেংকৰ সৰ্বোচ্চ নীতি-নিৰ্ধাৰক হিচাপে ১২ জন সদস্যৰ বৰ্ড অফ গভৰ্ণৰছ আছে। পৰ্যায়ক্ৰমে তেওঁলোকে পৰিচালক আৰু সহকাৰী পৰিচালক নিৰ্বাচিত কৰে। তাৰে ভিতৰত এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা ৮ জন আৰু আন অঞ্চলৰ ৪ জন অন্তৰ্ভুক্ত হয়।

বেংকে খনৰ তিনটা পুঁজি ব্যৱস্থা আছে।[4] সেইকেইটা হল-

  • এছিয়া উন্নয়ন পুঁজি;
  • বিভিন্ন উদ্দেশ্যৰ বিশেষ পুঁজি;
  • কাৰিকৰী সাহায্য পুঁজি।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. http://www.adb.org/About/management.asp
  2. [|Ming, Wan] (Winter, 1995-1996). "Japan and the Asian Development Bank". Pacific Affairs (University of British Columbia) খণ্ড 68 (4): 509–528. doi:10.2307/2761274.
  3. ADB Graduation policy
  4. উচ্চ মাধ্যমিক অৰ্থনীতি, ২য় পত্ৰ, প্ৰফেছৰ মোস্তাফিজুৰ ৰহমান, বাংলাদেশ বুক কৰ্পোৰেচন, ঢাকা , পৃষ্ঠাঃ ৩২১-৩২২, ১৪শ সংস্কৰণ, ২০১১ইং

বহিঃসংযোগ

[সম্পাদনা কৰক]