এচ বৰলক্ষ্মী
এচ বৰলক্ষ্মী | |
---|---|
![]() ১৯৫২ৰ তামিল ছবি সৌদামিনীত বৰলক্ষ্মী | |
জন্ম | ১৩ আগষ্ট ১০২৫ জগমপেটা, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ) |
মৃত্যু | ২২ ছেপ্তেম্বৰ ২০০৯ চেন্নাই, ভাৰত |
পেচা | গায়িকা, অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৩৫-১৯৯২ |
দাম্পত্যসঙ্গী | A. L. Srinivasan (বি. ১৯৫২; মৃ. ১৯৭৭) |
চৰিদে বৰলক্ষ্মী (ইংৰাজী: Saridey Varalakshmi ; ১৩ আগষ্ট ১৯২৫ – ২২ ছেপ্টেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী, যিয়ে তেলেগু আৰু তামিল ভাষাৰ ছবিত কাম কৰিছিল। শ্ৰী ভেংকটেশ্বৰ মহত্বম (১৯৬০) আৰু মহামন্ত্ৰী টিম্মাৰাছু (১৯৬২) আদি তেলেগু ছবি আৰু বীৰপাণ্ডিয়া কট্টবোম্মন (১৯৫৯) আৰু পূবা থালাইয়া (১৯৬৯) আদি তামিল ছবিত কৰা অভিনয় আৰু গীতৰ বাবে জনপ্ৰিয় আছিল।[1][2]
জীৱন
[সম্পাদনা কৰক]বৰলক্ষ্মীৰ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ জগমপেটাত জন্ম হৈছিল। বালযোগিনী (১৯৩৭) ছবিত তেওঁ শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল, যেতিয়া তেওঁৰ বয়স ন বছৰ আছিল। এই ছবিখনৰ তেলেগু সংস্কৰণ পৰিচালনাৰ বাবে অগ্ৰণী চলচ্চিত্ৰ নিৰ্মাতা কে সুব্ৰমণ্যমে গুদাৱল্লী ৰামব্ৰহ্মক দায়িত্ব দিছিল। কুৰ্ণুলত তেওঁ গাভৰু বৰলক্ষ্মীক দেখা পালে। পিছলৈ সুব্ৰমণ্যমে তেওঁৰ ক্লাছিক সেৱা সদনম (১৯৩৮) ছবিখনত নায়িকা এম এচ ছুব্বুলক্ষ্মীৰ এগৰাকী বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এনেকৈয়ে তেওঁলোকৰ মাজত ঘনিষ্ঠ বন্ধুত্ব হৈছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Meena (1973)". Indiancine.ma. https://indiancine.ma/PUB। আহৰণ কৰা হৈছে: 2024-01-30.
- ↑ "Bangaru Bava (1980)". Indiancine.ma. https://indiancine.ma/UNV। আহৰণ কৰা হৈছে: 2023-04-18.
- ↑ Melody-filled screen presence by Randor Guy in The Hindu, 2009
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- S Varalakshmi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।