সমললৈ যাওক

এছিয়া (অ'চেনিড)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এছিয়া
অ'চেনিড-ৰ সদস্য
সঙ্গী ইয়াপেটাছ
পিতৃ-মাতৃ অচেনাছ আৰু টেথিছ
সহোদৰ অ'চেনিড, নদী দেৱতাসকল
সন্তান এটলাছ, প্ৰমিথিউছ, এপিমিথিউছ আৰু মেনোইটিয়াছ

এছিয়া' (ইংৰাজী: Asia, প্ৰাচীন গ্ৰীক: Ἀσία[1]) গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷[2][3] কিছুমান সংস্কৰণত তেওঁৰ মাতৃ পম্ফলিক্স আৰু ভগ্নী লিবিয়া বুলিও কোৱা হৈছিল।[4]

পৰিয়াল

[সম্পাদনা কৰক]

এপ'ল'ড'ৰাছৰ মতে এছিয়া টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, প্ৰমিথিউছ,[5] এপিমিথিউছ আৰু মেনোইটিয়াছৰ মাতৃ আছিল[6] যদিও হেচিঅডে তেওঁলোকৰ মাতৃ হিচাপে আন এগৰাকী অ'চেনিড ক্লাইমেনৰ নাম উল্লেখ কৰিছিল।[7]

সম্ভৱতঃ হেচিঅ'ডৰ ক্লাইমেনতকৈ এছিয়া নামটো বেছি পছন্দ কৰা হৈছিল যাতে ক্লাইমেনৰ সৈতে বিভ্ৰান্তিৰ সৃষ্টি নহয় যিজন কিছুমান বিৱৰণীত হেলিঅ'ছে ফেথনৰ মাতৃ বুলি কৈছিল আৰু নিশ্চয় তেওঁক এক সুকীয়া ব্যক্তিত্ব হিচাপে ধৰা হৈছিল। হেৰ'ড'টাছে এই পৰম্পৰা লিপিবদ্ধ কৰিছিল যে এছিয়া মহাদেশখনৰ নাম এছিয়াৰ নামেৰে ৰখা হৈছিল যাক তেওঁ প্ৰমিথিয়াছৰ মাতৃ বুলি কোৱাতকৈ প্ৰমিথিয়াছৰ পত্নী বুলি কয়। হয়তো এয়া প্ৰকৃততে ভিন্ন পৰম্পৰাৰ পৰিৱৰ্তে এটা সহজ ভুল।[8] একুচিলাছ আৰু ইস্কিলাছ দুয়োজনেই তেওঁৰ প্ৰমিথিউছ বাউণ্ডত প্ৰমিথিউছৰ পত্নী হেচিয়নে বুলি মাতিছিল।

হেৰ'ড'টাছে লিডিয়ান পৰম্পৰাৰ বিষয়ে কৈছিল, "যে এছিয়াৰ নাম প্ৰমিথিউছৰ পত্নী এছিয়াৰ নামেৰে নহয়, বৰঞ্চ কটিছৰ পুত্ৰ এছিছৰ নামেৰেহে ৰখা হৈছিল, যি মেনেছৰ পুত্ৰ আছিল আৰু তেওঁৰ পৰাই চাৰ্ডিছৰ এছিয়াড বংশৰো নামকৰণ কৰা হৈছিল"।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 75. ISBN 9780786471119. 
  2. Hesiod, Theogony 351
  3. Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41. 
  4. Tzetzes ad Lycophron, 894 (Gk text); Andron of Halicarnassus fr. 7 Fowler = FGrHist 10 F 7 (Fowler 2000, p. 42; Fowler 2013, p. 13; Bouzek and Graninger, p. 12. Fowler 2013, p. 15, calls Pompholyge, a name found nowhere else, an ad hoc invention.)
  5. Varro, De lingua latina libri 5.31
  6. Apollodorus, 1.2.3 Archived 2020-09-14 at the Wayback Machine
  7. Hesiod, Theogony 507–511 Archived 2021-01-06 at the Wayback Machine.
  8. Herodotus, 4.45.3