এছিয়া (শ্ৰুতিকথা)
এছিয়া (ইংৰাজী: Asia,[1] প্ৰাচীন গ্ৰীক: Ἀσία) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷
অ'চেনিড
[সম্পাদনা কৰক]এছিয়া গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷[2][3] কিছুমান সংস্কৰণত তেওঁৰ মাতৃ পম্ফলিক্স আৰু ভগ্নী লিবিয়া বুলিও কোৱা হৈছিল।[4] কিছুমান শ্ৰুতিকথাৰ মতে লিবিয়া সাগৰ দেৱতা ট্ৰাইটনৰ পত্নী[5] এপ'ল'ড'ৰাছৰ মতে এছিয়া টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, প্ৰমিথিউছ,[6] এপিমিথিউছ আৰু মেনোইটিয়াছৰ মাতৃ আছিল[7] যদিও হেচিঅডে তেওঁলোকৰ মাতৃ হিচাপে আন এগৰাকী অ'চেনিড ক্লাইমেনৰ নাম উল্লেখ কৰিছিল।[8]
নেৰেইড
[সম্পাদনা কৰক]এছিয়া গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷[9] গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[10][11][9] হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এছিয়াও আছিল।[12]
এথেনাৰ উপনাম
[সম্পাদনা কৰক]কলচিছত এথেনাক এছিয়া উপনামেৰে সম্বোধন কৰা হয়৷ কলচিছৰ পৰা কেষ্টাৰ আৰু পলিডিউচেছে তেওঁৰ পূজা লেকনিয়ালৈ আনিছিল বুলি বিশ্বাস কৰা হৈছিল আৰু প্ৰাচীন লাছ নগৰত তেওঁৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।[13]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃষ্ঠা. 74. ISBN 9780874365818.
- ↑ Hesiod, Theogony 351
- ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41.
- ↑ Tzetzes ad Lycophron, 894 (Gk text); Andron of Halicarnassus fr. 7 Fowler = FGrHist 10 F 7 (Fowler 2000, p. 42; Fowler 2013, p. 13; Bouzek and Graninger, p. 12. Fowler 2013, p. 15, calls Pompholyge, a name found nowhere else, an ad hoc invention.)
- ↑ Apollonius of Rhodes, 4.1323, 1358 & 1742
- ↑ Varro, De lingua latina libri 5.31
- ↑ Apollodorus, 1.2.3 Archived 2020-09-14 at the Wayback Machine
- ↑ Hesiod, Theogony 507–511 Archived 2021-01-06 at the Wayback Machine.
- ↑ 9.0 9.1 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Homer, Iliad 18.39
- ↑ Pausanias, Graeciae Descriptio 3.24.5