সমললৈ যাওক

এছ. মিত্ৰা কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এছ. মিত্ৰা কলিতা

২০২৪ চনৰ পেৰুজিয়াৰ আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতা উৎসৱত কলিতা
জন্ম ব্ৰুকলিন, নিউয়ৰ্ক
ৰাষ্ট্ৰীয়তা আমেৰিকান
শিক্ষানুষ্ঠান ৰাটগাৰ্ছ বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়
পেচা লেখিকা, সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক
উল্লেখযোগ্য কৰ্ম Suburban Sahibs, My Two Indias
দাম্পত্যসঙ্গী নিতিন মুকুল
সন্তান


এছ. মিত্ৰা কলিতা এগৰাকী সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক আৰু দুখন কিতাপৰ লেখিকা।[1] তেওঁৰ প্ৰথমখন কিতাপ Suburban Sahibs নিউ জাৰ্চিত অভিবাসীসকলে কেনেদৰে আমেৰিকাৰ ৰূপান্তৰ ঘটালে সেই বিষয়ে আৰু দ্বিতীয়খন My Two Indias হৈছে গ্লোবেলাইজেচন সম্পৰ্কীয় এটা অৰ্থনৈতিক আত্মজীৱনী।[2]

২০১৮ চনৰ জুলাইৰ পৰা ২০২০ চনলৈকে তেওঁ CNN ডিজিটেলৰ নিউজ, অভিমত আৰু প্ৰগ্ৰামিঙৰ বাবে ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট আছিল।[3] ২০১৬ চনৰ জুনৰ পৰা ২০১৮ চনৰ জুলাইলৈকে তেওঁ CNN ডিজিটেলৰ প্ৰ'গ্ৰামিঙৰ ভাইচ প্ৰেছিডেণ্ট আছিল।[4] ২০২০ চনৰ পৰা তেওঁ The Philadelphia Inquirer ৰ বোৰ্ডৰ সদস্য।[5]

২০২০ চনত তেওঁ নিউ ইয়ৰ্কাৰসকলক কোভিড-১৯ মহামাৰীৰ সময়ছোৱাত সহায় কৰিবলৈ Epicenter-NYC নামৰ এখন নিউজলেটাৰ আৰম্ভ কৰে।[5] তেওঁ ২০২১ চনৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ Nieman ভিজিটিং ফেলো আছিল।[3] তেওঁ URL Media নামৰ এটা ব্লেক আৰু ব্ৰাউন সামুদায়িক সংবাদ মাধ্যমৰ নেটৱৰ্কৰ সহ-প্ৰতিষ্ঠাতা আৰু পৰিচালক।[6][7][8]

জীৱন বৃত্তান্ত

[সম্পাদনা কৰক]

কলিতা ২০১৫ৰ পৰা ২০১৬ চনলৈকে লছ এঞ্জেলছ টাইমছত ষ্ট্ৰেটেজিক সম্পাদক (Managing Editor for Editorial Strategy) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][9]

তেওঁ Quartz-ৰ এক্সিকিউটিভ সম্পাদক (at large) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেয়া আৰম্ভ কৰাৰ পূৰ্বে তেওঁ 'founding ideas editor' আছিল। তেওঁ Quartz India আৰু Quartz Africa আৰম্ভ কৰাত সহায় কৰিছিল।[1] তেওঁ The Wall Street Journalত কাম কৰিছিল[10][11][12][13] আৰু great recessionৰ সময়ৰ কভাৰেজৰ নেতৃত্ব দিছিল।[14] তেওঁ ৰাজু নাৰিছেট্টিৰ সৈতে Livemint নামৰ এখন বাণিজ্যিক বাতৰি কাকত ভাৰতত আৰম্ভ কৰিছিল।[1]

তেওঁ Sara Lomax-Reese-ৰ সৈতে URL Media সহ-প্ৰতিষ্ঠা কৰে। তেওঁ Apple TVৰ "The Morning Show"ৰ তৃতীয় চিজনত কাহিনী পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কলিতা ব্ৰুকলিনত জন্মগ্ৰহণ কৰে আৰু লং আইলেণ্ড, পুৱাৰ্টো ৰিকো আৰু নিউ জাৰ্ছিত ডাঙৰ হয়।[1] বৰ্তমান তেওঁ কুইন্সত বাস কৰে আৰু তেওঁৰ দুই কন্যা আছে।[1][15]

  • Suburban Sahibs: Three Immigrant Families and Their Passage From India to America[16]

আৰু চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Edgar, Deirdre (18 March 2015). "L.A. Times expands leadership, adds Mitra Kalita as M.E.". Los Angeles Times. https://www.latimes.com/local/readers-rep/la-rr-times-leadership-reorg-mitra-kalita-20150318-story.html। আহৰণ কৰা হৈছে: December 2, 2020. 
  2. "S. Mitra Kalita – ONA Community Profile" (en-US ভাষাত). Online News Association. Archived from the original on 2021-05-14. https://web.archive.org/web/20210514164344/https://journalists.org/profiles/s-mitra-kalita/। আহৰণ কৰা হৈছে: 2021-05-14. 
  3. 3.0 3.1 "Nieman Foundation announces the 2021 Nieman Visiting Fellows". nieman.harvard.edu. 1 December 2020. https://nieman.harvard.edu/news/2020/12/nieman-announces-2021-nieman-visiting-fellows/। আহৰণ কৰা হৈছে: December 2, 2020. 
  4. Doctor, Ken (31 May 2016). "Mitra Kalita leaves L.A. Times for CNN". politico.com. https://www.politico.com/media/story/2016/05/mitra-kalita-leaves-la-times-for-cnn-004559/। আহৰণ কৰা হৈছে: December 2, 2020. 
  5. 5.0 5.1 Arvedlund, Erin (19 October 2020). "Kalita of CNN Digital to join Philadelphia Inquirer board of directors". The Philadelphia Inquirer. https://www.inquirer.com/business/mitra-kalita-cnn-digital-philadelphia-inquirer-board-directors-lisa-hughes-20201019.html। আহৰণ কৰা হৈছে: December 2, 2020. 
  6. "In an unusual alliance, Jewish media and striking journalists are uniting to cover the Pittsburgh synagogue shooting trial". May 2023. https://www.jta.org/2023/05/01/united-states/in-an-unusual-alliance-jewish-media-and-striking-journalists-are-uniting-to-cover-the-pittsburgh-synagogue-shooting-trial. 
  7. "Women making history: 10 trailblazing leaders in local media". 29 March 2022. https://localmedia.org/2022/03/women-making-history-10-trailblazing-leaders-in-local-media/. 
  8. "Women to Watch: Our 2021 Year in Review". https://mailchi.mp/1a8955aea467/women-to-watch-our-2021-year-in-review. 
  9. Edgar, Deirdre (31 May 2016). "Managing Editor S. Mitra Kalita leaving L.A. Times". Los Angeles Times. https://www.latimes.com/local/california/la-rr-mitra-kalita-leaving-la-times-20160531-snap-story.html। আহৰণ কৰা হৈছে: December 2, 2020. 
  10. S. Mitra Kalita (13 March 2009). "Americans See 18% of Wealth Vanish". The Wall Street Journal. https://www.wsj.com/articles/SB123687371369308675। আহৰণ কৰা হৈছে: December 2, 2020. 
  11. S. Mitra Kalita (26 May 2009). "A Tale of Two School Systems". The Wall Street Journal. https://www.wsj.com/articles/SB124331697600653653। আহৰণ কৰা হৈছে: December 2, 2020. 
  12. S. Mitra Kalita (17 November 2020). "Desis in the (White) House". The Wall Street Journal. https://www.wsj.com/articles/SB125842651845951591। আহৰণ কৰা হৈছে: December 2, 2020. 
  13. S. Mitra Kalita (15 December 2009). "Who's an Indian anyway?". The Wall Street Journal. https://www.wsj.com/articles/SB126084908630491631। আহৰণ কৰা হৈছে: December 2, 2020. 
  14. "Mitra Kalita - IWMF". www.iwmf.org. https://www.iwmf.org/people/mitra-kalita/। আহৰণ কৰা হৈছে: 2021-05-14. 
  15. "about". http://mitrakalita.com/। আহৰণ কৰা হৈছে: December 2, 2020. 
  16. Major, John S. (14 December 2003). "New Jersey Masala". The New York Times. https://www.nytimes.com/2003/12/14/books/new-jersey-masala.html। আহৰণ কৰা হৈছে: December 2, 2020.