সমললৈ যাওক

এছ এফ এমোনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এছ এফ এমোনিয়া

এছ এফ এমোনিয়া(ইংৰাজী: SF Ammonia) নৰৱেৰ টেলিমাৰ্কৰ টিন হ্ৰদত চলাচল কৰা ভাপ চালিত ৰেলৱে ফেৰী। টিন হ্ৰদৰ চাৰিখন ৰেলৱে ফেৰীৰ ভিতৰত এই ফেৰীখনে ৰজুকান লাইনক টিন’চেট লাইনৰ সৈতে সংযোগ কৰিছিল। নৰ্স্ক হাইড্ৰ’ই ৰজুকানৰ পৰা স্কিয়েনৰ বন্দৰলৈ ৰাসায়নিক পদাৰ্থ পৰিবহণ কৰিবলৈ এই ব্যৱস্থাটো ব্যৱহাৰ কৰিছিল। এই ফেৰীখন বিশ্বৰ বাকী আন চাৰিখন ভাপ চালিত ৰেলৱে ফেৰীৰ ভিতৰত অন্যতম আৰু এতিয়াও ইয়াক নৰৱেৰ মেলত ডক কৰা দেখা যায়।[1]

বিশেষত্ব

[সম্পাদনা কৰক]
মে’ল ডকত ডি এফ এমোনিয়া

এমোনিয়াই ১২০ মিটাৰ ট্ৰেকত ডাবল-ট্ৰেক ষ্টেণ্ডাৰ্ড গজৰ ১৭খন ৰেলৱে গাড়ী, যাৰ মুঠ ওজন ৬৩০ টন, কঢ়িয়াই নিয়াৰ উপৰি ১৫০জন যাত্ৰী এবাৰত কঢ়িয়াই নিব পাৰে। এমোনিয়াৰ দুটা ভাপ ইঞ্জিন আছে, প্ৰতিটো ৩০০ কিলোৱাট (৪০০ এচপি), আৰু ই ২২ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি লাভ কৰিব পাৰে।

নৰ্স্ক পৰিবহণৰ বাবে নিৰ্মিত তৃতীয়খন ৰেলৱে ফেৰী আছিল এমোনিয়া; ১৯২৮ চনত যেতিয়া এইখন নিৰ্মাণৰ যো-জা কৰা হৈছিল তেতিয়া ৰজুকানফছ আৰু হাইড্ৰ' নামৰ দুখন অতি সৰু পুৰণি ফেৰী আছিল। বাস্তৱত ই আছিল হাইড্ৰ’ক কমেও বিশ মিটাৰ বৃদ্ধি কৰাৰ বিকল্প। ডিজেল ট্ৰেকচনৰ কথা বিবেচনা কৰা হৈছিল যদিও সেই সময়ত জাহাজৰ বাবে ডিজেল অনুকূল নাছিল। টিন হ্ৰদৰ ডকত নিৰ্মাণকাৰী সংস্থা A/S Moss Værtft & Dokk এ নিৰ্মাণ কৰিছিল আৰু ১৯২৯ চনৰ ১৮ জুনত আৰম্ভ কৰিছিল আৰু নিৰ্মাণ কৰিবলৈ ৯৩২,০০০ ন'ৱেৰ নক খৰচ হৈছিল, যাৰ ভিতৰত নৰ্স্ক ট্ৰেন্সপ'ৰ্টে ৮২৯,৪৮৫ ন'ৱেৰ নক টকা দিছিল।[2][3][4][5]

এমোনিয়া সোনকালে মূল ফেৰী হৈ পৰিল; ১৯৩৯ চনত ই মুঠ ৩৪০ দিন সেৱাত আছিল, আনহাতে হাইড্ৰ'ই ৩২ দিন আৰু ৰজুকানফছে ১৮ দিন সেৱা আগবঢ়াইছিল। ১৯৪৪ চনত হাইড্ৰ’ ডুব যোৱাৰ পিছত আমোনিয়াই হ্ৰদটোৰ সিপাৰে মূল টানি নিয়াৰ কাম কৰিবলগীয়া হৈছিল আৰু ১৯৪৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে ই প্ৰতিদিনে আঠটাকৈ যাত্ৰা কৰিছিল। ১৯৫১ চনত কয়লা বয়লাৰৰ ঠাইত পেট্ৰলিয়াম ইন্ধন চালিত বয়লাৰ ব্যৱহাৰ কৰা হয়।[6]

১৯৫৬ চনত যেতিয়া ডিজেল চালিত এম এফ ষ্ট'ৰগাট মুকলি কৰা হৈছিল তেতিয়া এমোনিয়াক সংৰক্ষিত জাহাজলৈ হ্ৰাস কৰা হৈছিল, মূলতঃ যেতিয়া ষ্ট’ৰগাট মেৰামতিৰ বাবে আছিল তেতিয়া সেৱা আগবঢ়াইছিল। ১৯৬৫ চনৰ দ্য হিৰোজ অৱ টেলিমাৰ্ক ছবিতো হাইড্ৰ’ৰ চৰিত্ৰৰ বাবে এমোনিয়াক উপস্থাপন কৰাইছিল। ১৯৭০ চনত নৰ্স্ক ট্ৰেন্সপ'ৰ্টে ইয়াক ডিজেল শক্তিলৈ পুনৰ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰে ১৯৯১ চনত ৰে'লৱেৰ কাম বন্ধ হোৱাৰ পিছত এমোনিয়াক সেৱাৰ পৰা আঁতৰাই দিয়া হয় যদিও কাৰ্যক্ষম অৱস্থাত জাহাজঘাটত জিলিকি আছে।[7][8][6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Ammonia". Kulturminnesøk. https://kulturminnesok.no/minne/?queryString=https://data.kulturminne.no/askeladden/lokalitet/128866 আহৰণ কৰা হৈছে: December 1, 2017.
  2. Payton and Lepperød, 1995: 86–88
  3. "D/F Rjukanfos". Norsk Industriarbeidermuseum. Archived from the original on December 8, 2017. https://web.archive.org/web/20171208004149/http://www.rjukanbanen.no/df-rjukanfos/ আহৰণ কৰা হৈছে: December 1, 2017.
  4. "D/F Hydro". Norsk Industriarbeidermuseum. http://www.rjukanbanen.no/df-hydro/ আহৰণ কৰা হৈছে: December 1, 2017.
  5. "Moss Verft". lokalhistoriewiki.no. Archived from the original on December 8, 2017. https://web.archive.org/web/20171208003552/https://lokalhistoriewiki.no/wiki/Moss_Verft আহৰণ কৰা হৈছে: December 1, 2017.
  6. 1 2 Payton and Lepperød, 1995: 90–92
  7. "Storegut". Kulturminnesøk. https://kulturminnesok.no/minne/?queryString=https://data.kulturminne.no/askeladden/lokalitet/128870 আহৰণ কৰা হৈছে: December 1, 2017.
  8. Simon Worrall (June 5, 2016). "Inside the Daring Mission That Thwarted a Nazi Atomic Bomb". National Geographic Society. https://news.nationalgeographic.com/2016/06/winter-fortress-neal-bascomb-heroes-of-telemark-nazi-atomic-bomb-heavy-water/ আহৰণ কৰা হৈছে: December 1, 2017.