এছ নৰ্মদা
| এছ নৰ্মদা | |
|---|---|
| জন্ম | ২২ ছেপ্টেম্বৰ, ১৯৪২ বাংগালুৰু, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ৩০ মাৰ্চ, ২০০৭ (৬৪ বছৰ) বাংগালুৰু, কৰ্ণাটক, ভাৰত |
| ৰাষ্ট্ৰীয়তা | I |
| পেচা | নৃত্যশিল্পী, নৃত্যগুৰু |
| জনা যায় | ভাৰতনাট্যম |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | সংগীত নাটক একাডেমী বঁটা ৰাজ্যোৎসৱ প্ৰশস্তি |
এছ নৰ্মদা (ইংৰাজী: S. Narmada ; ২২ ছেপ্টেম্বৰ ১৯৪২ – ৩০ মাৰ্চ ২০০৭) জনপ্ৰিয়ভাৱে তেওঁ গুৰু নৰ্মদা নামেৰে পৰিচিত। নৰ্মদা কৰ্ণাটকৰ এগৰাকী ভাৰতনাট্যমৰ প্ৰতিপাদক আৰু গুৰু আছিল। তেওঁ সংগীত নাটক একাডেমী বঁটা, কৰ্ণাটক সংগীত নৃত্য একাডেমী বঁটা, ৰাজ্যোৎসৱ প্ৰশস্তি আৰু শান্তলা নাট্যশ্ৰী বঁটাকে[1] ধৰি কেইবাটাও বঁটাৰে সন্মানিত হৈছে।
জীৱনী
[সম্পাদনা কৰক]১৯৪২ চনৰ ২২ ছেপ্টেম্বৰত কৰ্ণাটকৰ বাংগালুৰুত এছ নৰ্মাদাই জন্মগ্ৰহণ কৰিছিল। তেওঁ ভি.এছ.কৌশিকৰ পৰা নৃত্যৰ বুনিয়াদী প্ৰশিক্ষণ লাভ কৰে। কে পি কিট্টপ্পা পিল্লাইৰ এগৰাকী বিশিষ্ট শিষ্যা হিচাপে তেওঁ দুটা দশকৰো অধিক সময় তেওঁৰ তত্বাৱধানত ভৰতনাট্যমৰ তাঞ্জাৱুৰ শৈলীৰ অনুশীলন কৰিছিল।[2]
ভাৰতনাট্যমৰ এগৰাকী উৎকৃষ্ট গুৰু নৰ্মদাই ১৯৭৮ চনত বাংগালুৰুত মাতৃৰ স্মৃতিত শকুন্তলা নৃত্য বিদ্যালয় আৰম্ভ কৰিছিল, য’ত বহুতো ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত নৃত্যশিল্পীক প্ৰশিক্ষণ দিছে। তেওঁৰ শিষ্যসকলৰ ভিতৰত লক্ষ্মী গোপালস্বামী, মঞ্জু ভাৰ্গৱী, সত্যনাৰায়ণ ৰাজু, নিৰুপমা ৰাজেন্দ্ৰ, মালতী আয়েংগাৰ, প্ৰবীণ আৰু অনুৰাধা বিক্ৰান্ত আছে।[3]
২০০৭ চনৰ ৩০ মাৰ্চত বাংগালুৰুত হৃদৰোগত আক্ৰান্ত হৈ ৬৪ বছৰ বয়সত নৰ্মদাৰ মৃত্যু হয়।[4]
সন্মান
[সম্পাদনা কৰক]- ২০০৬: সংগীত নাটক একাডেমী বঁটা (ভাৰতনাট্যম)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Karnataka Government". www.karnataka.gov.in. https://www.karnataka.gov.in/page/Awards/State+Awards/Shantala+Natya+Awards/en.
- ↑ "Profiles - Guru Narmada is no more". narthaki.com. https://narthaki.com/info/profiles/profil73.html.
- ↑ "Dance guru Narmada passes away in Bangalore". www.kutcheribuzz.com. http://www.kutcheribuzz.com/news/dance/1019-dance-guru-narmada-bangalore.[সংযোগবিহীন উৎস]
- ↑ "S.Narmada". Sangeet Natak Akademi. https://www.sangeetnatak.gov.in/public/uploads/awardees/docs/S_Narmada.pdf.