এঞ্জেলা চাং
| এঞ্জেলা চাং | |
|---|---|
২০২১ চনত চাং | |
| জন্ম | চাং ছাও-হান ১৯ জানুৱাৰী, ১৯৮২ (৪৪ বছৰ) ঝংলি, টাওইউয়ান, টাইৱান |
| অন্য নাম | এঞ্জেলা চাং |
| নাগৰিকত্ব | টাইৱান, কানাডা |
| পেচা | কণ্ঠশিল্পী, অভিনেত্ৰী, আঁত ধৰোতা, উদ্যমী, জোতা ডিজাইনাৰ |
| সক্ৰিয় হৈ থকা সময় | ২০০১–বৰ্তমান |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | মেণ্ডোপপ |
| বাদ্যযন্ত্ৰ | কণ্ঠ |
| লেবেল | লিনফেয়াৰ, ৱাণ্ডাৰফুল, অ’চেন বাটাৰফ্লাইজ |
এঞ্জেলা চাং ছাও-হান (ইংৰাজী: Angela Zhang Shao-han; জন্ম: ১৯ জানুৱাৰী ১৯৮২), যাক এঞ্জেলা চাং নামেৰেও জনা যায়, এগৰাকী টাইৱানী আৰু কানাডীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
চাঙে টাইৱানী টেলিভিছন ধাৰাবাহিক মাই এমভিপি ভেলেণ্টাইন (২০০২) আৰু এট ডলফিন বে (২০০৩)ৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল। ২০০৪ চনত তেওঁৰ প্ৰথম এলবাম অভাৰ দ্য ৰেইনবোৰ তৎক্ষণাত সফলতাৰ পিছত তেওঁ নিজৰ গায়ন কেৰিয়াৰত মনোনিৱেশ কৰে আৰু অৰোৰা (২০০৪) আৰু পাণ্ডোৰা (২০০৬)ৰ দৰে জনপ্ৰিয় এলবাম মুকলি কৰে।[1][2] ইয়াৰ উপৰিও তেওঁ আন এখন হিট টেলিভিছন ধাৰাবাহিক ৰোমাণ্টিক প্ৰিন্সেছ (২০০৭)ত অভিনয় কৰিছিল। ২০০৮ চনত তেওঁৰ পৰিয়ালৰ সৈতে হোৱা এক ৰাজহুৱা বিবাদৰ ফলত তেওঁৰ কেৰিয়াৰত বাধাৰ সৃষ্টি হয় আৰু লিনফেয়াৰ ৰেকৰ্ডছ নামৰ তেওঁৰ লেবেলটোৰ সৈতে হোৱা মনোমালিন্যৰ বাবে অৱস্থা অধিক শোচনীয় হৈ পৰে। হুনান টিভিৰ ৰিয়েলিটী শ্ব' ছিংগাৰ ২০১৮ত আঁত ধৰোতা আৰু প্ৰতিযোগী হিচাপে অংশগ্ৰহণ নকৰা পৰ্যন্ত তেওঁৰ কেৰিয়াৰ পুনৰুজ্জীৱিত হোৱা নাছিল। তেতিয়াৰ পৰা তেওঁ মূল চীন দেশত নিজৰ মনোনিৱেশ স্থানান্তৰ কৰিছে।
চাঙে তেওঁৰ আত্মপ্ৰকাশৰ পৰা বৰ্তমানলৈ সাতটা কনচাৰ্ট ভ্ৰমণ কৰিছে, যাৰ ভিতৰত তিনিটা ষ্টেডিয়াম ভ্ৰমণো অন্তৰ্ভুক্ত। তেওঁৰ ফেবল ৱৰ্ল্ড ট্যুৰ (২০১৯–২০২৪)ৰ অধীনত মূল চীনত ৩৬টা শ্ব' অনুষ্ঠিত হৈছিল যিয়ে দহ লাখতকৈ অধিক লোকক আকৰ্ষিত কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]চাঙৰ জন্ম টাইৱানৰ টাওইউয়ানৰ ঝংলিত এটা হাক্কা পৰিয়ালত হৈছিল। তেওঁ পৰিয়ালৰ তিনিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল। চাঙৰ এগৰাকী ভগ্নী কনি চাং ছাও-চুৱান আৰু এজন ভ্ৰাতৃ কাৰ্চন চাং প’-ইউ আছে। চাঙৰ ককা (মাতৃৰ পিতৃ) চাংদেৰ টাওইউয়ান কাউণ্টিৰ উইগুৰ জনগোষ্ঠীৰ আছিল।[3] তেওঁ উইগুৰ বৌদ্ধ সেনাপতি হালা বাশ্বিৰ বংশধৰ জিয়ান পৰিয়ালৰ আছিল, যি ৬০০ বছৰৰো অধিক আগতে চাংদেৰ টাওইউয়ানলৈ আহিছিল। চাং জিয়ান বুজানৰ সৈতেও সম্পৰ্কীয়। চাঙৰ পৰিয়ালৰ বাকী সদস্যসকল হাক্কা সম্প্ৰদায়ৰ। দহ বছৰ বয়সত চাং পঢ়াশুনাৰ বাবে চিংগাপুৰলৈ গৈছিল। কেইমাহমানৰ পিছত তেওঁ টাইৱানলৈ উভতি আহে কাৰণ তেওঁ তাত নিজকে খাপ খুৱাব পৰা নাছিল। ১২ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ভ্যানকুভাৰলৈ প্ৰব্ৰজন কৰে আৰু তাত ছাৰ উইনষ্টন চাৰ্চিল ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰে।[4] ১৯ বছৰ বয়সত তেওঁ পুনৰ টাইৱানলৈ উভতি আহে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]স্বাস্থ্যজনিত সমস্যা
[সম্পাদনা কৰক]২০০৮ চনত চাঙৰ মাইট্ৰেল ভাল্ভ প্ৰলেপ্স (mitral valve prolapse) ধৰা পৰিছিল আৰু তেওঁ চিকিৎসাৰ বাবে কানাডালৈ গৈছিল। সেই সময়ছোৱাত তেওঁ নিজৰ কেৰিয়াৰৰ পৰা এক চুটি বিৰতি লৈছিল।[5][6]
পাৰিবাৰিক সংঘাত আৰু বিচ্ছেদ
[সম্পাদনা কৰক]২০০৮ চনত চিকিৎসাৰ বাবে কেৰিয়াৰৰ পৰা বিৰতি লৈ থকাৰ সময়তে চাঙে গম পাইছিল যে তেওঁৰ মাতৃয়ে তেওঁৰ সঞ্চয়ৰ সকলো ধন খালী কৰি পেলাইছে। উল্লেখ্য যে, আত্মপ্ৰকাশৰ পৰাই তেওঁৰ মাতৃয়ে তেওঁৰ মেনেজাৰ হিচাপে কাম কৰিছিল। ২০০৯ চনত চাঙৰ পিতৃ-মাতৃয়ে তেওঁৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ উত্থাপন কৰিছিল, যাক তেওঁ অস্বীকাৰ কৰিছিল। পৰৱৰ্তী সময়ত পিতৃ-মাতৃয়ে তেওঁৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰো অভিযোগ তুলিছিল। এই অভিযোগ মিছা বুলি প্ৰমাণ কৰিবলৈ আৰু নিজৰ নাম নিকা কৰিবলৈ তেওঁ ড্ৰাগছ পৰীক্ষাৰ নেতিবাচক ৰিপৰ্ট (negative report) ৰাজহুৱা কৰিবলগীয়া হৈছিল।[7] সেই বছৰতে এটা সাক্ষাৎকাৰত তেওঁ পিতৃ-মাতৃৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰা বুলি ঘোষণা কৰিছিল।
পাৰিবাৰিক সংঘাতৰ পৰিণতিত তেওঁ নিজৰ কেৰিয়াৰৰ কেন্দ্ৰবিন্দু মূল চীন দেশলৈ স্থানান্তৰিত কৰে। ২০২৩ চনৰ জুন মাহৰ তথ্য অনুসৰি তেওঁ চাংহাইত বাস কৰে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "张韶涵新专辑亚洲热卖 销量突破百万销量大关" (zh ভাষাত). Sina.com. May 12, 2005. http://ent.sina.com.cn/y/o/2005-05-12/2352722344.html। আহৰণ কৰা হৈছে: July 11, 2020.
- ↑ "张韶涵庆祝《潘多拉》百万销售" (zh ভাষাত). Netease.com. February 28, 2006. Archived from the original on July 16, 2020. https://web.archive.org/web/20200716212809/http://www.jcph.com/av/bkview.asp?bkid=104241&cid=297390। আহৰণ কৰা হৈছে: July 11, 2020.
- ↑ "張韶涵 再度纏鬥孫協志 首張新專輯與5566對打" (zh ভাষাত). December 28, 2003. http://mypaper.pchome.com.tw/miki770328/post/1234825348। আহৰণ কৰা হৈছে: July 11, 2020.
- ↑ "中壢美食憶童年 張韶涵難忘阿嬤古早冰" (zh ভাষাত). Angcn. January 15, 2007. Archived from the original on February 8, 2007. https://web.archive.org/web/20070208160107/https://www.angcn.com/Article/web02/200701/110.html। আহৰণ কৰা হৈছে: July 11, 2020.
- ↑ "After 15 years, Taiwanese singer Angela Zhang wants to showcase her own ideas" (en ভাষাত). AsiaOne. October 8, 2016. https://www.asiaone.com/entertainment/after-15-years-taiwanese-singer-angela-zhang-wants-showcase-her-own-ideas। আহৰণ কৰা হৈছে: November 19, 2021.
- ↑ "张韶涵病情稳定不需开刀 休息两个月即将复工". www.chinanews.com.cn. 7 April 2008. http://www.chinanews.com.cn/yl/ytcf/news/2008/04-07/1213316.shtml.
- ↑ "張韶涵被逼道歉始末曝光! 「遭親媽捲走上億資產」卻被指控棄養" (zh-Hant-TW ভাষাত). Yahoo News. 30 January 2021. https://tw.news.yahoo.com/張韶涵被逼道歉始末曝光-曾自訴低調不說話不代表我做錯-054529373.html.
- ↑ "盘点9位选择定居在北京上海的明星" (zh-hans ভাষাত). baijiahao.baidu.com. https://baijiahao.baidu.com/s?id=1769102207011886070। আহৰণ কৰা হৈছে: 14 February 2026.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত এঞ্জেলা চাং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |