সমললৈ যাওক

এঞ্জেলিয়া অং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এঞ্জেলিয়া অং

২০১৬ চনত অং
জন্ম Angelia Gabrena Paglicawan Ong
২৭ জুন, ১৯৯০ (৩৬ বছৰ)
ইলুইলু চিটি, ফিলিপাইন
শিক্ষানুষ্ঠান De La Salle–College of Saint Benilde, (মাৰ্কেটিং মেনেজমেণ্ট)
উচ্চতা ১.৭২ মিটাৰ
'Beauty pageant titleholder'
Title
  • মিছ ফিলিপিনচ আৰ্থ ২০১৫
  • মিছ আৰ্থ ২০১৫
Major
competition(s)
  • বিনিনিনিং ফিলিপিনাচ ২০১১
  • (খিতাপ পোৱা নাছিল)
  • মিছ ফিলিপিনচ আৰ্থ ২০১৫
  • (বিজয়ী)
  • মিছ আৰ্থ ২০১৫
  • (বিজয়ী)

এঞ্জেলিয়া গেব্ৰিনা পাগলিকাৱান অং (ইংৰাজী: Angelia Gabrena Paglicawan Ong; জন্ম:২৭ জুন, ১৯৯০) হৈছে ফিলিপাইনৰ এগৰাকী ফিলিপিনী সুন্দৰী। তেওঁ ২০১৫ বৰ্ষৰ মিছ আৰ্থ আৰু একে বৰ্ষৰে মিছ ফিলিপিনচ আৰ্থ সুন্দৰী প্ৰতিযোগিতাৰ বিজয়ী আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

এঞ্জেলিয়া গেব্ৰিনা পাগলিকাৱান অং[1] জন্মসূত্ৰে এগৰাকী চাইনীজ-ফিলিপিনী।[2] তেওঁ পাগলিকাৱান উপাধিটো মাকৰপৰা আৰু অং উপাধি দেউতাকৰপৰা পাইছে। তেওঁ ইলুইলু চহৰৰ লাপুজ ৰেলৱে ডিষ্ট্ৰিক্টত (জিলা) জন্ম গ্ৰহণ কৰিছিল আৰু তাতে তেওঁৰ প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰিছিল। অঙে ইলুইলু চহৰৰ চেইণ্ট পল বিশ্ববিদ্যালয়ত কিছু বছৰ পঢ়া-শুনা কৰিছিল আৰু মাছ কম্যুনিকেচন বিষয়ত প্ৰাৰম্ভিক কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীসমূহ হোৱা চিয়ং কলেজত পঢ়িছিল।[3] ২০১১ চনত অং মেনিলালৈ আহে আৰু ইয়াৰ De La Salle–College of Saint Benildeৰ পৰা তেওঁ ২০১৬ চনত মাৰ্কেটিং মেনেজমেণ্টত কলেজীয়া শিক্ষা সমাপ্ত কৰে।[3][4]

সুন্দৰী প্ৰতিযোগিতা/Pageantry

[সম্পাদনা কৰক]
মিছ আৰ্থৰ আগতে

মিছ আৰ্থ প্ৰতিযোগিতালৈ যোৱাৰ আগতে অঙে ষ্টাৰষ্ট্ৰাক ফাইভ (StarStruck V) প্ৰতিযোগিতাত যোগদান কৰিছিল আৰু প্ৰথম ৬০ গৰাকীৰ ভিতৰত নিজৰ স্থান নিৰূপন কৰিছিল। তেওঁ মিছ মেনিলা ২০১৪ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল আৰু দ্বিতীয় ৰাৰ্ণাছ আপৰ খিতাপ অৰ্জন কৰিছিল। এই প্ৰতিযোগিতাত তেওঁ দীঘল পোছাকত (long gown) শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰাৰ উপৰি প্ৰেছ চইজ এৱাৰ্ড (press choice awards) লাভ কৰিছিল।[5][6]

তেওঁ বিনিবিনিং ফিলিপিনাচ ২০১১ প্ৰতিযোগিতাতো যোগদান কৰিছিল আৰু বিনিবিনিং ফিলিপিনাচ ২০১১ৰ মুখ (Face of Binibining Pilipinas 2011) শিতানত পিপলচ্‌ চইজ বিশেষ বঁটা লাভ কৰিছিল।[7]

মিছ আৰ্থ ২০১৫

অঙে পাছায়ৰ এছিয়া এৰেনা মলত অনুষ্ঠিত মিছ ফিলিপিনচ্‌ আৰ্থ ২০১৫ প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু মিছ আৰ্থ ২০১৫ ত ফিলিপাইনক প্ৰতিনিধিত্ব কৰিছিল।[8]

প্ৰতিযোগিতাৰ প্ৰশ্নোত্তৰ শিতানত তেওঁ সমলিংগ বিবাহৰ অধিকাৰৰ পক্ষত নিজৰ মতামত দাঙি ধৰি কৈছিল;

মই ভাবোঁ, এইটো ব্যক্তিগৰাকীৰ নিজা কথা যে তেওঁ বা তাই সমলিংগৰ বিবাহত বিশ্বাস কৰে নে নাই, মোৰ বাবে, যদি মানুহজন বা মানুহগৰাকীয়ে নিজৰ প্ৰেমৰ প্ৰকাশ কৰিবলৈ বিবাহৰ আৱশ্যকতা অনুভৱ কৰে, তেনে সম-লিংগৰ বিবাহত মোৰ কোনো আপত্তি নাই। যদি আপুনি ভাবে সেয়া প্ৰেম, তেনে সেয়া হবলৈ দিয়াই উচিত।[9][10]

এই প্ৰতিযোগিতাত অঙে ফিলিপাইনৰ বিভিন্ন প্ৰান্তৰ ৩৭ গৰাকী প্ৰতিযোগীক চেৰ পেলাই জেমি হেৰেলৰ হাতেৰে মিছ আৰ্থ ২০১৪ ৰ বিজয়ীৰ মুকুট পৰিধান কৰিছিল। মিছ ফিলিপিনচ আৰ্থ হিচাপে তেওঁ পৰিৱেশ পৰ্যটনৰ জৰিয়তে পুনৰুদ্ধাৰ, পুনৰ বনানীকৰণ আৰু কাৰ্বন ফুট প্ৰিণ্ট কম কৰাৰ পোষকতা কৰিছিল।[11]

মিছ আৰ্থ ২০১৫

২০১৫ চনৰ ৫ ডিচেম্বৰত অষ্ট্ৰিয়াৰ ভিয়েনাৰ মাৰ্ক্স হলত অনুষ্ঠিত মিছ আৰ্থ ২০১৫ প্ৰতিযোগিতাতো অঙে ফিলিপাইনক প্ৰতিনিধিত্ব কৰি বিজয়ীৰ মুকুট পৰিধান কৰিছিল। প্ৰাক্‌ প্ৰতিযোগিতাৰ কাৰ্য্যসূচীসমূহত ভাগ লৈ অঙে মিছ ফ্ৰেণ্ডশ্বিপ এৱাৰ্ড আৰু ইভিনিং গাউন প্ৰতিযোগিতাৰ বিজয়ী ৰূপে ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল।[12]

৮ নং ৰাউণ্ডৰ প্ৰশ্নোত্তৰ শিতানত অঙক সোধা হৈছিল; অহা ১৫ বছৰৰ বাবে মিছ আৰ্থ প্ৰতিযোগিতাৰ শ্লোগান কি হ'ব পাৰে? উত্তৰত অঙে কৈছিল;[13]

আমি কৰিম, কাৰণ আমি কৰিব পাৰোঁ। মই সকলোকে এই কথা জনাব খোজোঁ যে সকলো সম্ভৱপৰ আৰু সকলো সাধ্যৰ ভিতৰত, যদি আমি একেলগে কাম কৰোঁ। আমি কৰিম , কাৰণ আমি কৰিব পাৰোঁ।

অঙক ফিলিপাইনৰে তেওঁৰ পূৰ্বৰ খিতাপধাৰী জেমি হেৰেলে মুকুট পিন্ধাইছিল। নিজৰ দেশৰ বাবে একেৰাহে দুবাৰকৈ মিছ আৰ্থ খিতাপ অৰ্জন কৰা অং তেওঁৰ দেশৰ প্ৰথমগৰাকী মহিলা।[14][15]

সংবাদ মাধ্যম আৰু পৰিৱেশ সম্পৰ্কীয় সক্ৰিয়তা

[সম্পাদনা কৰক]

২০১৫ চনৰ ১৯ ​​ডিচেম্বৰত অঙে পৰিৱেশ সংগঠন ইক’ৱেষ্ট ক’লিচনত যোগদান কৰি ইৱাছ-পাপুটক্সিক অভিযান (Iwas-Paputoxic campaign) আৰম্ভ কৰে আৰু জনসাধাৰণক, বিশেষকৈ যুৱক-যুৱতীসকলক, নিৰাপদ আৰু অবিষাক্ত সামগ্ৰী ব্যৱহাৰ কৰি ২০১৬ চনৰ নৱবৰ্ষক আদৰণি জনাবলৈ আহ্বান জনায়।[16][17]

তেওঁ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা, এছিয়া-পেচিফিক ফৰেষ্ট্ৰি কমিছন আৰু ফিলিপাইনৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ বিভাগৰ উদ্যোগত ২০১৬ চনৰ ২৩ ফেব্ৰুৱাৰীত বহনক্ষম বন ব্যৱস্থাপনাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এছিয়া-পেচিফিক বন সপ্তাহ (এছিয়া-পেচিফিক ফৰেষ্ট্ৰি উইক) ২০১৬ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছিল।[18]

জলবায়ু পৰিৱৰ্তনৰ ওপৰত পৰিৱেশ সজাগতা সৃষ্টিৰ বাবে সফল মঞ্চ বিচাৰি অঙে জলবায়ু পৰিৱৰ্তন বাস্তৱ প্ৰকল্পৰ (ক্লাইমেট চেইঞ্জ ৰিয়েলিটি প্ৰজেক্ট) প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি এল গৰৰ অধীনত ক্লাইমেট ৰিয়েলিটি লীডাৰশ্বিপ কৰ্পছ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।[19][20][21][22]

২০১৬ চনত তেওঁ ৰিইউনিয়ন দ্বীপপুঞ্জলৈ যায় আৰু এই বৰ্ষৰে ৭ মে’ত এলছা টেচাৰক মিছ আৰ্থ ৰিইউনিয়ন আইলেণ্ড ২০১৬ হিচাপে বিজয়ী মুকুট পিন্ধায়।[23][24]অঙে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজাৰ পোষকতা কৰিছিল আৰু ২০১৬ চনৰ ১২ জুনত ফিলিপাইনৰ স্বাধীনতা দিৱসৰ সময়ত এই বিষয়ত তেওঁৰ বক্তব্য দাঙি ধৰিছিল।[25] ২০১৬ চনৰ ২৮ জুলাইত অং ২০১৬ চনৰ মিছ আৰ্থ আমেৰিকা যুক্তৰাষ্ট্ৰত অংশগ্ৰহণ কৰিবলৈ আমেৰিকালৈ যায়।[26]

২০১৬ চনৰ ১১ আগষ্টত ব্ৰিটনি এন পেইন, মিছ আৰ্থ ৱাটাৰ ২০১৬ৰ সৈতে মিলি ২০১৬ চনৰ মিছ আৰ্থ কলম্বিয়াৰ বিজয়ীক বিজয়ী মুকুট পিন্ধাবলৈ অং কলম্বিয়াৰ আৰ্মেনিয়ালৈ যায়।[27] তেওঁ বহনক্ষম উন্নয়ন, প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু দ্য থ্ৰী আৰচ্‌: ৰিডিউচ (হ্ৰাস), ৰি-ইউজ (পুনৰ ব্যৱহাৰ), ৰিচাইকল (পুনৰ গঠন)ৰ প্ৰসাৰৰ বাবে মিছ আৰ্থ কলম্বিয়া ২০১৬ৰ প্ৰাৰ্থীসকলৰ সৈতে ট’ড’জ পনেম’ছ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।[28]

২০১৯ চনৰ ৩০ নৱেম্বৰত ফিলিপাইনছৰ ফিলিপাইন এৰিনাত অনুষ্ঠিত হোৱা ২০১৯ চনৰ দক্ষিণ-পূব এছিয়ান গেমছৰ মুকলি অনুষ্ঠানত অঙে থাইলেণ্ডৰ প্ৰতিনিধিসকলৰ ম্যুজ (গ্ৰীক কথাত অনুপ্ৰেৰণাদায়িনী দেৱী) হিচাপে উপস্থিত আছিল।[29][30][31]

২০২০ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ মাহেকীয়া মহিলা আলোচনী হাৰ্পাৰছ বাজাৰৰ ভিয়েটনাম সংস্কৰণৰ প্ৰচ্ছদত অঙৰ আলোকচিত্ৰ প্ৰকাশ পাইছিল।[32]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
ফিলিপাইন ৰাষ্ট্ৰপতি কাৰ্যালয়ৰপৰা স্বীকৃতি

২০১৫ চনৰ ১৪ ডিচেম্বৰত, ফিলিপাইন ৰাষ্ট্ৰপতিৰ যোগাযোগ আৰু অভিযান সচিব হাৰ্মিনিঅ’ ক’ল’মাৰ জৰিয়তে ফিলিপাইন ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰপৰা মিছ আৰ্থ ২০১৫ খিতাপ জয়[33][34] আৰু একেৰাহে দুবাৰকৈ ফিলিপাইনক বিশ্বজয়ৰ সোৱাদ দিয়াৰ বাবে অঙে প্ৰশংসা লাভ কৰে।[35][36][37]

চিনেটৰপৰা স্বীকৃতি

২০১৫ চনৰ ১৪ ডিচেম্বৰত ফিলিপাইনৰ চিনেটে চিনেটৰ মেনুৱেল লেপিডৰ দ্বাৰা ৰচিত ফিলিপাইনছৰ চেনেটৰ ৰিজ’লিউচন নম্বৰ ১৬৮১ৰ জৰিয়তে ২০১৫ চনৰ মিছ আৰ্থ প্ৰতিযোগিতাত ফিলিপাইনক বিজয়ীৰ গৌৰৱেৰে গৌৰৱান্বিত কৰাৰ বাবে অঙক প্ৰশংসা কৰে।[38]

ফিলিপাইন প্ৰতিনিধি সদনৰ অভিবাদন

ফিলিপাইনৰ প্ৰতিনিধি সদনৰ নিম্ন সদনৰ ফিলিপাইন কংগ্ৰেছৰ কংগ্ৰেছী লিওপল্ডো এন বাটাওইলে ৰচনা কৰা হাউছ ৰিজ’লিউচন নম্বৰ ২৫৬১ৰ জৰিয়তে অঙক ২০১৫ চনৰ মিছ আৰ্থ প্ৰতিযোগিতাত জয়লাভৰ বাবে প্ৰশংসা কৰে।[39][40] সদনৰ প্ৰস্তাৱত কোৱা হৈছে যে অঙৰ এই কৃতিত্বই ফিলিপাইনৰ জনসাধাৰণৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু ই ফিলিপাইনৰ যুৱতীসকলৰ বাবে এক উদগনি ৰূপে কাম কৰাৰ লগতে দেশখনক পৰিৱেশৰ প্ৰতি থকা দায়িত্বৰ বিষয়েও সোঁৱৰাই দিব।[39][41]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Lo, Ricky. "2015 Miss Earth Angelia Ong 'We will because we can!'". Philstar.com. https://www.philstar.com/entertainment/2015/12/12/1531933/2015-miss-earth-angelia-ong-we-will-because-we-can। আহৰণ কৰা হৈছে: December 3, 2020.
  2. ↑ Lo, Ricky (December 12, 2015). "2015 Miss Earth Angelia Ong 'We will because we can!'". The Philippine Star. https://www.philstar.com/entertainment/2015/12/12/1531933/2015-miss-earth-angelia-ong-we-will-because-we-can। আহৰণ কৰা হৈছে: December 30, 2021.
  3. 1 2 De los Santos, Maricyn A. (December 7, 2015). "Ilonga Beauty Rules World: Angelia Ong crowned Miss Earth '15". The Daily Guardian. Archived from the original on December 12, 2015. https://web.archive.org/web/20151212234624/http://www.thedailyguardian.net/index.php/local-news/58912-ilongga-beauty-rules-world-angelia-ong-crowned-miss-earth-15.
  4. ↑ Avery Thompson (December 6, 2015). "Miss Earth 2015: 5 Things To Know About Angelia Ong". Hollywoodlife.com. Archived from the original on April 12, 2019. https://web.archive.org/web/20190412234613/https://hollywoodlife.com/2015/12/06/who-is-miss-earth-2015-angelia-ong-facts/। আহৰণ কৰা হৈছে: December 7, 2015.
  5. ↑ Mortel, Carla (June 30, 2014). "Med student bags Miss Manila 2014 title". Manila Standard. Archived from the original on March 8, 2016. https://web.archive.org/web/20160308022935/http://manilastandardtoday.com/showbitz/151136/med-student-bags-miss-manila-2014-title.html.
  6. ↑ Caparas, Celso de Guzman (June 29, 2015). "2015 Miss Manila crowned". The Philippine Star. http://www.philstar.com/entertainment/2015/06/29/1471074/2015-miss-manila-crowned.
  7. ↑ "Ilongga beauty Angelia Ong is Miss Earth 2015". GMA Network Inc.. GMA News Online. December 6, 2015. http://www.gmanetwork.com/news/story/546919/lifestyle/ilongga-beauty-angelia-ong-is-miss-earth-2015.
  8. ↑ "In Photos: Miss PH Earth 2015 Angelia Ong's winning moment". Rappler. June 1, 2015. http://www.rappler.com/life-and-style/specials/miss-earth/philippines/94882-photos-manila-angelia-ong-miss-philippines-earth-2015-winning-moment.
  9. ↑ Alviar, Vaughn (December 4, 2015). "Quotable beauty pageant Q&A quotes". Philippine Daily Inquirer. http://lifestyle.inquirer.net/214916/quotable-beauty-pageant-qa-quotes.
  10. ↑ Tuazon, Nikko (May 31, 2015). "Angelia Gabrena Ong crowned Miss Philippines Earth 2015". GMA New Media. Philippine Entertainment Portal. https://translate.google.com/translate?sl=tl&tl=en&js=y&prev=_t&hl=en&ie=UTF-8&u=http%3A%2F%2Fwww.pep.ph%2Fnews%2F53088%2Fangelia-gabrena-ong-crowned-miss-philippines-earth-2015&edit-text=.
  11. ↑ Lo, Ricky (June 1, 2015). "Angelia Ong of Manila is Miss Philippines Earth 2015". Philippine Star. http://www.philstar.com/entertainment/2015/06/01/1461055/angelia-ong-manila-miss-philippines-earth-2015.
  12. ↑ Adina, Armin P. (December 7, 2015). "2 in a row: Angelia wins Miss Earth title for PH". Philippine Daily Inquirer. https://lifestyle.inquirer.net/215277/2-in-a-row-angelia-wins-miss-earth-title-for-ph/.
  13. ↑ "Philippines' Angelia Ong wins Miss Earth 2015". Rappler. December 6, 2015. http://www.rappler.com/life-and-style/specials/miss-earth/115050-philippines-angelia-ong-miss-earth-2015-pageant-winner.
  14. ↑ "Miss Earth 2015 – Crystal Year In Vienna Austria". Asian Journal. December 7, 2015. Archived from the original on December 22, 2015. https://web.archive.org/web/20151222101754/http://asianjournal.com/entertainment/miss-earth-2015-crystal-year-in-vienna-austria/। আহৰণ কৰা হৈছে: December 7, 2015.
  15. ↑ "PH wins historic back-to-back Miss Earth titles". ABS-CBN News and Current Affairs. December 6, 2015. http://www.abs-cbnnews.com/lifestyle/12/06/15/ph-wins-historic-back-to-back-miss-earth-titles.
  16. ↑ Zurbano, Joel E. (December 19, 2015). "Envi group cautions youth on firecrackers". The Standard (Philippines). Archived from the original on March 6, 2016. https://web.archive.org/web/20160306171948/http://thestandard.com.ph/news/-main-stories/194813/envi-group-cautions-youth-on-firecrackers.html.
  17. ↑ "EcoWaste launches 'Iwas Paputoxic' campaign". The Mindanao Daily Mirror. December 20, 2015. Archived from the original on December 24, 2015. https://web.archive.org/web/20151224141506/http://mindanaodailymirror.com/ecowaste-launches-iwas-paputoxic-campaign-10005/.
  18. ↑ "Angelia Ong hosts the Asia-Pacific Forestry Week 2016". The Times of India. February 25, 2016. Archived from the original on March 14, 2016. https://web.archive.org/web/20160314104026/http://beautypageants.indiatimes.com/miss-earth/archives/Angelia-Ong-hosts-the-Asia-Pacific-Forestry-Week-2016/articleshow/51135614.cms.
  19. ↑ "46 beautiful 'Earth Warriors' compete for 2016 Miss Philippines Earth title". Manila Standard. May 19, 2016. Archived from the original on October 21, 2016. https://web.archive.org/web/20161021135856/http://thestandard.com.ph/showbitz/206023/46-beautiful-earth-warriors-compete-for-2016-miss-philippines-earth-title.html.
  20. ↑ Patao Jr., Jose D. (May 17, 2016). "46 Miss PH Earth 2016 beauties vow to fight climate change". Malaya Business Insight. Archived from the original on October 21, 2016. https://web.archive.org/web/20161021133225/http://malaya.com.ph/business-news/entertainment/46-miss-ph-earth-2016-beauties-vow-fight-climate-change.
  21. ↑ Patao Jr., Jose D. (February 5, 2016). "Pinay Angel conquers Earth". Malaya Business Insight. Archived from the original on October 21, 2016. https://web.archive.org/web/20161021132543/http://malaya.com.ph/business-news/entertainment/pinay-angel-conquers-earth.
  22. ↑ "Miss Earth beauties led by Angelia Ong Philippines 'improved' the Climate Reality Project training held in Manila (Miss Earth beauties sa pangunguna ni Angelia Ong ng Pilipinas 'pinaganda' ang Climate Reality Project training na dinaraos sa Maynila)". Philippine Daily Inquirer. March 15, 2016. http://philippinedailyinquirer.newspaperdirect.com/epaper/viewer.aspx.
  23. ↑ "Elsa Techer is Miss Earth Reunion Islands 2016". The Times of India. May 7, 2016. Archived from the original on October 21, 2016. https://web.archive.org/web/20161021194039/http://beautypageants.indiatimes.com/miss-earth/Elsa-Techer-is-Miss-Earth-Reunion-Islands-2016/articleshow/52166132.cms.
  24. ↑ "Miss Earth Reunion Islands 2016". Tap Me Know More. May 7, 2016. Archived from the original on January 3, 2019. https://web.archive.org/web/20190103210313/http://www.tapmeknowmore.com/elso-techer-is-crowned-as-miss-earth-reunion-islands-2016/.
  25. ↑ Noses, JR (June 18, 2016). "Miss Philippines Earth 2016 Press Presentation". Lifestyle Central. Archived from the original on October 21, 2016. https://web.archive.org/web/20161021133634/http://lifenstylecentral.com/2016/06/18/miss-philippines-earth-2016-press-presentation/.
  26. ↑ "Miss Earth 2015 Angelia Ong all set to visit the USA". Bombay Times. May 20, 2016. Archived from the original on October 21, 2016. https://web.archive.org/web/20161021134523/http://www1.bombaytimes.com/pageants/miss-earth/Miss-Earth-2015-Angelia-Ong-all-set-to-visit-the-USA/articleshow/52358523.cms.
  27. ↑ "Michelle Gomez crowned Miss Earth Colombia 2016". The Times of India. August 16, 2016. Archived from the original on December 30, 2019. https://web.archive.org/web/20191230114754/https://beautypageants.indiatimes.com/miss-earth/Michelle-Gomez-crowned-Miss-EarthColombia-2016/articleshow/53721963.cms.
  28. ↑ "Miss Earth candidates Colombia today in Armenia/ Candidatas a Miss Earth Colombia hoy en Armenia". Armenia Colombia News. August 11, 2016. https://translate.google.com/translate?hl=en&sl=es&u=http://www.armenia.gov.co/candidatas-a-miss-earth-colombia-hoy-en-armenia/&prev=search.
  29. ↑ "Pia, Megan lead SEA Games team muses" (en-US ভাষাত). The Manila Times. November 29, 2019. https://www.manilatimes.net/2019/11/29/news/top-stories/pia-megan-lead-sea-games-team-muses/659770/। আহৰণ কৰা হৈছে: January 4, 2021.
  30. ↑ "PH beauty queens join parade in 2019 SEA Games opening" (en ভাষাত). cnn. Archived from the original on January 6, 2021. https://web.archive.org/web/20210106144539/https://cnnphilippines.com/seagames/2019/11/30/2019-sea-games-muses.html। আহৰণ কৰা হৈছে: January 4, 2021.
  31. ↑ "Here are the muses, performers at 2019 SEA Games opening ceremony" (en ভাষাত). Philippine Entertainment Portal: PEP.ph. https://www.pep.ph/news/local/147761/2019-sea-games-muses-performers-a748-20191124। আহৰণ কৰা হৈছে: January 4, 2021.
  32. ↑ "Angelia Ong: Nàng hậu xinh đẹp, can trường | Harper's Bazaar" (vi-VN ভাষাত). Harper's Bazaar Việt Nam. November 3, 2020. https://translate.google.com/translate?hl=en&sl=vi&u=https://bazaarvietnam.vn/chan-dung-people/people-news/angelia-ong-nang-hoa-hau-trai-dat-xinh-dep-can-truong/&prev=search&pto=aue। আহৰণ কৰা হৈছে: December 13, 2020.
  33. ↑ "Philippines' Angelia Ong wins Miss Earth 2015" (en ভাষাত). Rappler. December 5, 2015. https://www.rappler.com/entertainment/pageants/philippines-angelia-ong-miss-earth-2015-pageant-winner। আহৰণ কৰা হৈছে: July 11, 2021.
  34. ↑ "FULL LIST: Miss Philippines Earth 2015 winners" (en ভাষাত). Rappler. May 31, 2015. https://www.rappler.com/entertainment/pageants/list-miss-philippines-earth-winners-2015-angelia-ong। আহৰণ কৰা হৈছে: July 11, 2021.
  35. ↑ Coloma Jr., Herminio (December 7, 2015). "Palace congratulates Angelia Ong for winning Miss Earth 2015 title". Office of the President of the Philippines. Archived from the original on March 7, 2016. https://web.archive.org/web/20160307002001/http://president.gov.ph/news/palace-congratulates-angelia-ong-winning-miss-earth-2015-title/.
  36. ↑ Perez, Sophia (December 6, 2015). "Palace lauds Angelia Ong for winning Miss Earth title". News Central Philippines. http://newscentral.ph/breaking-news/palace-lauds-angelia-ong-for-winning-miss-earth-title/.
  37. ↑ "Palace congratulates Angelia Ong for winning Miss Earth 2015 title". Philippines News Agency. Manila Bulletin. December 6, 2015. http://www.mb.com.ph/palace-congratulates-angelia-ong-for-winning-miss-earth-2015-title/.
  38. ↑ Lapid, Manuel (December 14, 2015). "Resolution congratulating and commending Angelia Gabrena Paglicawan Ong for honoring the philippines with the prestigious Miss Earth 2015 title on 5 December 2015 at the Marx Halle in Vienna, Austria". Senate of the Philippines. https://www.senate.gov.ph/lisdata/2263519346!.pdf.
  39. 1 2 Bundang, Rowena B. (January 2, 2016). "Solon commends RP bet Angelia Ong for winning Miss Earth 2015". House of Representatives of the Philippines. http://www.congress.gov.ph/press/details.php?pressid=9247.
  40. ↑ Cano, Aries (January 3, 2016). "PH pride na Miss Earth 2015, pararangalan (PH pride Miss Earth 2015 to honor)". Abante. https://translate.google.com/translate?sl=tl&tl=en&js=y&prev=_t&hl=en&ie=UTF-8&u=http%3A%2F%2Fwww.abante.com.ph%2Fnews%2Fnat%2F40074%2Fph-pride-na-miss-earth-2015-pararangalan.html&edit-text=.
  41. ↑ "Solon commends RP bet". Office of the President of the Philippines. January 3, 2006. Archived from the original on March 6, 2016. https://web.archive.org/web/20160306232925/http://president.gov.ph/news/solon-commends-rp-bet-angelia-ong-winning-miss-earth-2015/.