এটা চোলাৰ কাহিনী (নাটক)
এই প্ৰবন্ধটোত সম্ভৱ মৌলিক গৱেষণা অন্তৰ্ভুক্ত হৈছে। |
এটা চোলাৰ কাহিনী | |
---|---|
লিখক | আলি হাইদৰ |
চৰিত্ৰসমূহ |
|
মূল ভাষা | অসমীয়া |
বিষয় | সামাজিক নাট |
এটা চোলাৰ কাহিনী আলি হাইদৰে ৰচনা কৰা এখন অসমীয়া ভাষাৰ সামাজিক নাটক। নাটকখনত এক প্ৰবল সমাজ চেতনাৰ চিত্ৰণ হিচাপে সমাজত যুগ যুগ ধৰি চলি অহা শ্ৰেণী সংগ্ৰাম তথা শোষিত শ্ৰেণীৰ ওপৰত কৰা শোষক শ্ৰেণীৰ অত্যাচাৰ, দৰিদ্ৰতাৰ দুখ-বেদনা, শোষক শ্ৰেণীৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আদি বিভিন্ন দিশৰ জৰিয়তে প্ৰকাশ পাইছে।
কাহিনীভাগ
[সম্পাদনা কৰক]আমাৰ সমাজত দুচাম লোক থাকে; শোষক আৰু শোষিত। যুগ যুগ ধৰি শোষক শ্ৰেণী তথা ধনীক শ্ৰেণীয়ে দুখীয়া শ্ৰেণীটোক শোষণ কৰি আহিছে। আৰু খাটিখোৱা জনতাৰ হাড়ক পানী কৰি কৰা পৰিশ্ৰমৰ বিনিময়তো তেওঁলোকক প্ৰকৃত পাৰিশ্ৰমিক শোষক শ্ৰেণী তথা ধনীক শ্ৰেণীটোৱে দিব নিবিচাৰে। আৰু তেওঁলোকৰ দুখ বেদনাৰ প্ৰতি অকণো ভ্ৰক্ষেপ দিয়াৰ প্ৰয়োজনবোধ নকৰে। ফলস্বৰূপে ইমান পৰিশ্ৰমৰ পাছতো দুখীয়া জনতাই সুখ তথা আনন্দৰ মুখ দেখিবলৈ নাপায়। তেওঁলোকে ওৰে জীৱন ধনীক শ্ৰেণীৰ সুখৰ বাবেই কাম কৰি যায়। হাড়ভগা পৰিশ্ৰমৰ অন্ততো নিজৰ প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰিব নোৱাৰে। এটা চোলাৰ কাহিনী নাটকৰ এনে এক প্ৰকাশ্য উদাহৰণ হৈছে —
বিবি: নিজৰ চোলাটোৰ অবস্থা চাইছেনে নাই?
দৰ্জী :এৰা লোকৰ চোলা চিলাওঁতেই জিন্দেগী গ'ল,অথচ আজিলৈকে নিজৰ চোলা এটাও চিধাই ল'ব পৰা নাই আৰু চিলোৱা নহ'বও। হে:হে:হে:.... (হাঁহে)।
বিবি:চোলাটো ফটা,টাপলিমৰা। হি:হি:হি: (হাঁহে)
দৰ্জী: টাপলি মাৰোতে মাৰোতে টাপলি মাৰিবলৈ ঠায়েই নাইকিয়া হৈ গৈছে।
আনহাতে ধনীক শ্ৰেণীটো দিনক দিনে ধনী হৈ গৈ আছে। সিহঁতৰ দম্ভালীও বাঢ়ি গৈয়ে আছে। ফলত পেপুৱা লাগিছে সমাজৰ দৰিদ্ৰসকল। তাৰেই প্ৰকাশ নাটকখনত ঘটিছে। নাটকখনৰ গ্ৰাহকজন হ'ল অভিজাত শ্ৰেণী তথা শোষক শ্ৰেণীৰ প্ৰতিনিধি। সেই শ্ৰেণীটোৱে কিছু লোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰে। এয়া সমাজৰ এক অতি পৰিচিত দৃশ্য। আৰু ভ্ৰষ্টাচাৰৰ যোগেদি দিনৰ পাছত দিন শোষক শ্ৰেণীৰ লোকসকলে নিজৰ আয়তন বৃদ্ধি কৰি আহিছে। নাটকখনৰ এনে এক প্ৰতীকি উদাহৰণ হ'ল—
যুৱক:( বাহিৰলৈ চাই)সঁচাকৈয়ে প্ৰকাণ্ড মানুহজনৰ শৰীৰৰ অবয়ৱ।
দৰ্জী: (চিঞৰি) ৰ'ব ৰ'ব তাতে ৰওঁক — ভিতৰলৈ আহিব নালাগে। অ'ও অ' তাতে ৰওঁক /হাঁ? আপোনাৰ শৰীৰটো আমাৰ ঘৰৰ দুৱাৰৰ ভিতৰেদি পাৰ নহয়। —কি?
যুৱক :(চিঞৰি) আপুনি কিয় হুলস্থূল কৰিছে?
দৰ্জী: (চিঞৰি) অ' হ'ব হ'ব মই তাতে জোখ লমগৈ। অ' তাতে ..
যুৱক: মানুহজন আহিল দেখোন দুৱাৰ চোৱাৰ ভাঙি যাব।
দৰ্জী: চাচোন চা বোপাই, মানুহজনৰ শৰীৰটো কি দৰে বাঢ়ি গৈ আছে।
যুৱক : এৰা! অনুভৱৰ কথাটো বাদেই কল্পনাই কৰিব নোৱাৰি।
দৰ্জী: আজি জোখ ল'ম,এদিনৰ পাছত সেই জোখতকৈ মানুহজন অলপ বেছি শকত হৈ যায় আৰু লগে লগে জোখৰ খেলি মেলি হিচাপৰ গণ্ডগোল।
শোষকসকল যিহেতু অতি শক্তিশালী। তেওঁলোকে বাধাহীনভাৱেও নিজৰ ইচ্ছানুসৰি যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে তাৰেই প্ৰতীকি ৰূপত উদাহৰণ দেখা যায় উক্ত কথোপকথনৰ যোগেদি।
সমাজৰ আন এক প্ৰসহনো নাটকখনত প্ৰতীকিৰূপত প্ৰকাশ দেখা যায়। সেয়া হ'ল অভিজাত শ্ৰণীটোৱে সাধাৰণতে দৰিদ্ৰ,অসহায় মানুহৰ অভাৱ আৰু বিপদৰ পৰা ৰক্ষা কৰাৰ বিপৰীতে সুবিধা পালেই শোষণহে কৰিব খোজে। নাটকখনত তৰুণী চৰিত্ৰতোৰ প্ৰতি গ্ৰাহকজনে কৰা ব্যৱহাৰ এই কথাৰ উৎকৃষ্ট উদাহৰণ। তৰুণীক সহায়ৰ হাত আগবঢ়োৱাৰ সলনি গ্ৰাহকৰূপী শোষকজনে তৰুণীৰ গাভৰু দেহাটোলৈ চকু পৰিছে, তলৰ কথোপকথনৰ যোগেদি—
গ্ৰাহক: ইয়ালৈ আহিলো যেতিয়া যিকোনো এটা সুবিধা আদায় কৰাই ভাল। তুমি আছা যেতিয়া সেই সুবিধা তোমাৰ পৰাই আদায় কৰোঁ।
তৰুণী:মানে আপুনি কি ক'ব বিচাৰিছে?
গ্ৰাহক:মানে তোমাৰ অন্তৰখনৰ এটা চোলা জোখ ল'ব বিচাৰিছোঁ। আহা তোমাৰ অন্তৰত জোখত মই চোলা এটা চিধাই দিম।
কিন্তু সেই তৰুণীগৰাকী আস্থাৰে কাষ চাপিছে নি:কিন দৰ্জীৰ। তাই অনুভৱ কৰিছে যে দৰিদ্ৰতাইহে দৰিদ্ৰৰ দুখ বুজিব পাৰে। তাই কৈছে ময়ো দৰিদ্ৰ মোৰ অন্তৰৰ দুখ দৰিদ্ৰইহে ল'ব পাৰিব। সঁচাকৈয়ে দৰ্জীয়েও তৰুণীৰ দুখ বুজি তাইক সহানুভূতি জনাইছে। এয়া আমাৰ সমাজৰ এক নিৰ্মম সত্য। যাৰ সহায় কৰাৰ সামৰ্থ থাকে তেওঁলোকৰ কিছু লোকে সহায় কৰাৰ বাহিৰে চেষ্টা কৰি থাকে শোষণ কৰিবলৈহে। আৰু যাৰ সহায় কৰা সামৰ্থ নাথাকে তেওঁলোকৰ সহায় কৰি সমানে আগবাঢ়ি যোৱাৰ মানসিকতা থাকে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ালি হাইদৰ, সম্পা: অৰবিন্দ ৰাজখোৱা. এটা চোলাৰ কাহিনী.