এটা দ্বীপ সাতটা কবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটা দ্বীপ সাতটা কবৰ  
লেখক ৰঞ্জু হাজৰিকা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কল্পকাহিনী
মিডিয়া প্ৰকাৰ মুদ্ৰণ

এটা দ্বীপ সাতটা কবৰ ৰঞ্জু হাজৰিকাই ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ হৈছিল ২০০৩ চনত।

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ৰঞ্জু হাজৰিকাৰ জন্ম ২৪ জুলাই, ১৯৫২ চনত। তেওঁ অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰি হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে। ১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেখেতৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

ভাৰতবৰ্ষৰ বিজয়নগৰৰ তেতিয়া দিনৰ ৰজা আছিল সূৰ্য সিংহ। সূৰ্য সিংহৰ দুই পুত্ৰ জয় সিংহ আৰু দেৱ সিংহৰ লগত ভাৰতৰ পৰা আটলাণ্টিক মহাসাগৰেৰে পৃথিৱীৰ ভ্ৰমণৰ উদ্দেশ্যৰে ওলাই গৈছিল, জাহাজখনৰ নাম আছিল আটলাণ্টা৷ এটা আইচৰ্গত খুন্দা মাৰি চূৰ্ণ-বিচূৰ্ণ হৈ যায় আৰু আৰু জাহাজৰ কেপ্তেইনজনৰ লগতে সূৰ্য সিংহৰ পুত্ৰ দেৱসিংহ সেই দ্বীপটোত পৰে, আৰু সেই দ্বীপটোতেই বিভিন্ন দেশৰ সাতজন ব্যক্তি গোট খায়৷ প্ৰথমে তেওঁলোকে ভাবিছিল সেই দ্বীপটোত কোনো নাই আৰু ইয়াৰ পৰা ওলাই যোৱাটো অসম্ভৱ। সেয়ে তেওঁলোকে সঁচাকৈয়ে তেওঁলোকৰ মৃত্যু হ'ব বুলি ভাবি সাতটা কবৰ আগতীয়াকৈ খান্দিছিল। দিন বাগৰাৰ লগে লগে তেওঁলোক ৰজাৰ পুত্ৰৰ লগত গোটেই দ্বীপটো ঘূৰিলে আৰু লাহে-লাহে খাদ্যৰ নাটনিত পৰিলে। যাৰ ফলত তাৰে ২-৩ জনে মৃত্যুবৰণ কৰিলে। তেতিয়া সেই কবৰতেই তেওঁলোকৰ কবৰ দিয়া হৈছিল। তেওঁলোকৰ এজন এজন খাদ্য সংকটত এজন বেমাৰত পৰি, আকৌ এজন অক্টোপাচৰ কবলত পৰি মৃত্যু হয়। যি কেইজন বাকী থাকিল তেওঁলোকৰ মাজতো মনোমালিন্য ঘটিছিল যদিও দ্বীপটোও এখন ঘৰ হিচাপেই বাস কৰিছিল। তেওঁলোকে বুজিছিল যে হ'লেও তেওঁলোক লগতে থাকিব লাগিব। গতিকে দেৱসিংহৰ লগতে বাকীকেইজন লোক লগ হৈ আছিল। কিন্তু পিছলৈ তেওঁলোকৰ মাজৰো এজন-এজনকৈ মৃত্যু মুখত পৰে। শেষত থাকে দেৱসিংহৰ লগতে অন্য এজন লোক। বাকী ৬জনৰে মৃত্যু হয় আৰু সেই খান্দি ৰখা কবৰতে তেওঁলোকৰ নিথৰ দেহ পৰি ৰয়। শেষত এখন হেলিকপ্টাৰ আহি সেই দ্বীপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। তেতিয়াই মাত্ৰ দুজন লোক জীয়াই আছিল। দেৱসিংহ আৰু আন এজনে বাছিম বুলি আশা কৰিছিল। কিন্তু সাত নম্বৰ জনে ৬ নম্বৰ জনক কবৰ দি ঘূৰিব ধৰোঁতেই দ্বীপটোত পূৰ্ণ হয় তেওঁৰ নিথৰ দেহাৰে। শেষত দ্বীপটোৰ পৰা অকল দেৱসিংহই সুকলমে উভতি আহিব পাৰে। এই উপন্যাসখনৰ পৰা বুজা যায় যে যদিহে জীয়াই থকাৰ প্ৰবল হেঁপাহ মনত পুঁহি ৰখা হয় তেতিয়া তাৰ আগত মৃত্যুয়েও হাৰ মানে আকৌ যদিহে মৃত্যু নিশ্চিত হৈ থাকে তেওঁক ভগৱানেও বচাব নোৱাৰে‌।

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

সূৰ্য সিংহ, জয় সিংহ, দেৱ সিংহ, যোছেফ ফাৰ্ণি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]